Type Here to Get Search Results !

কাৰ ইমান কাতৰ মাত

 জগবন্ধু কলিতা


কাৰ ইমান কাতৰ মাত
নিৰৱতা ভাঙি ভাহি আহিছে হঠাৎ
এনে লাগিছে যেন মাতটোৰ সৈতে
ক'ৰবাত মোৰ এটা সম্পর্ক আছে

মই থিৰে থাকিব পৰা নাই
বৰষুণত তিতা এই দোভাগ ৰাতি
নীড় ভগা চৰাইৰ দৰে হিয়া ভাঙি
কোনে মাতিছে , কোনে মাতিছে

এটা প্রার্থনাময় পুৰাতন আবেদনে
ক্রমশঃ গধুৰ কৰি তুলিছে মোৰ অনুৰূপ অনুৰাগ
আহা বন্ধু আহা , মুকলি ৰাখিছো
মোৰ বুকুলৈ যোৱা বিষন্ন বাট।