Type Here to Get Search Results !

কাব্য সংকলনঃ--হৃদয়ৰ মালিতা

 কবিঃ-ড০ চাৰুলতা চৌধুৰী

আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই


মোৰ শ্ৰদ্ধাৰ ড০ চাৰুলতা চৌধুৰী বাইদেউৰ দ্বিতীয়খন কাব্য সংকলন "হৃদয়ৰ মালিতা" ডাকযোগে আহি মোৰ ওচৰত পালেহি। এখন সুন্দৰ কাব্য সংকলন হাততে পাই সচাঁকৈয়ে অভিভূত হৈ পৰিলোঁ। এটা কবিতা পঢ়ি অানটো পঢ়িবলৈ মনটো উকমুকাই থাকে। কেইবাবাৰো কাব্য সংকলন খন পঢ়ি মোৰ মনৰ অনুভৱবোৰ ব্যক্ত কৰাৰ প্ৰয়াস কৰিছো। 
     " হৃদয়ৰ মালিতা" কাব্য সংকলন খনৰ প্ৰকাশক পাঠশালা লেখিকা চ'ৰা পাঠশালা। জিলা বৰপেটা অসম। 
প্ৰকাশ কাল--ডিচেম্বৰ, ২০২০চন (১৯৪২শক)।বেটুপাত  পৰিকল্পনা কবিৰ মৰমৰ নাতিনী হৃদিপন্না কাশ্যপ  ।বেটুপাত অংগসজ্জা জিতেন পাটগিৰি দেৱৰ। অক্ষৰ বিন্যাস প্ৰশান্ত কাকতি, মূদ্ৰণ - টেক্ নোপ্ৰিন্ট, কলেজ ৰোড। পাঠশালা ৭৮১৩২৫। কাব্য সংকলন খন তেখেতৰ পুত্ৰ, বোৱাৰী সহিতে নাতি, নাতিনীৰ হাতত অৰ্পণ কৰিছে । 
    কাব্য সংকলন খনত "হৃদয়ৰ মালিতা, বুভুক্ষু জীৱন, বিষাদৰ চোকা খোচত, পথাৰখনে  উচুপে নীৰৱে, আশাৰ দলিছাত নিৰাশাৰ ভেঙুচালি, হালধীয়া সুবাসত, অস্তিত্ব কোন দিশে, ভূমণ্ডল আজি টান নৰিয়াত" আদি পঞ্চাশ উৰ্ধৰ ভিন্নস্বাদৰ কবিতাৰে সমৃদ্ধ । 
    তেখেতৰ কবিতাত প্ৰকৃতি, মানুহ, মানৱীয়তা, প্ৰেম বিষাদৰ সুৰ বিৰাজমান । কবিৰ অনুভৱৰ কাপেৰে নিগৰি নিগৰি বৈ আহিছে হৃদয়ৰ নিভৃত কোণৰ পৰা মালিতা হৈ। প্ৰতিটো কবিতাই যেন চুই যায় পাঠকৰ হৃদয়। কাব্যশৈলীত  বিচাৰি পোৱা যায় সুকীয়া স্বাদ। মিতভাষী কবিৰ ভাৱব্যঞ্জনাই প্ৰতিটো পাঠকৰ মনোগ্ৰাহী কৰি তুলিছে ।কিছুমান কবিতাই ভাৱৰ অভ্যন্তৰলৈ যাবলৈ পাঠকক বাৰে বাৰে পঢ়াৰ  সুযোগ দিছে । অৱশ্যে গভীৰতাৰে হৃদয়ংগম কৰিলে কবিতাবোৰ পাঠকৰ বোধগম্য হ'ব নিশ্চয় পাৰিব। অলংকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কবি সদা সচেতন। খুউব সচেতনতাৰে  কবিয়ে বিষয়বস্তু উপস্থাপন কৰিবলৈ সক্ষম হৈছে। কাব্য সংকলন খনৰ  "হৃদয়ৰ মালিতা" নামৰ কবিতা(পৃষ্ঠা নং ১৫) এটি স্তৱক  হৃদয়ংগম কৰিলেই গম পোৱা যায় অভিজ্ঞতাপুষ্ট কবিৰ অনুভৱৰ ধাৰা ।
 "বেজাৰত উফন্দি আন্ধাৰৰ উৎসৱ/মেঘৰ উখল মাখল - মাখল হৈ-গুডু - খেল/বাহিৰত বতাহৰ  ওখনা - ওখনি /মই খিৰিকীখন জপাই দিলোঁ /বুকুৰ উমত গজি উঠা কথাবোৰ /মোৰ হৃদয়ৰ নিৰ্জন কোঠা এটাত থ'লো ।" 
    মানৱীয় প্ৰমূল্যক ইতিবাচক সঁহাৰি জনোৱাৰ বিপৰীতে  সমাজৰ বিপৰীত মুখী ছবিখন দেখি কবি মৰ্মাহত হৈছে। 
ৰুঢ় বাস্তৱে কবিৰ হৃদয়ত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰিছে। সেয়েহে  কবিৰ মনত বিক্ষোভৰ অগনিয়ে দেই পুৰি মাৰিছে হৃদয়। 
সেয়েহে অনুভৱৰ দলিছাত পাৰি দিছে অনুভৱৰ প্ৰতিবাদ । বিভ্ৰান্তি নামৰ কবিতাত (পৃষ্ঠা নং ৫৯), বিভ্ৰান্তি, বিভ্ৰান্তি, 
বিভ্ৰান্তি /বিভ্ৰান্তি সিঁচিছে সিহঁতে, /উৰিছে আকাশে বতাহে বীজ বিভ্ৰান্তিৰ। জাতি, মাটি ভেঁটি বিপদাপন্ন স্থিতি/এফালৰ পৰা গিলিব এতিয়া /আইৰ হৃদয়ৰ আবেগ-অনুভূতি /মুখৰ মাত, ভৰিৰ তলৰ মাটি । পিছে ৰজাঘৰৰ দালালৰ চিঞৰ /আইৰ সন্তানে হেনো নাজানে একো বৰ/নাজানে অৰ্থ 'কা' প্ৰয়োগৰ, /নাহে কোনো বিদেশী, কোটি ভিত্তিত /অভিনৱ কৌশল সিঁচি দিয়েবিভ্ৰান্তি । "
অসমী আইৰ বাস্তৱৰ প্ৰতিচ্ছবি খনে কবিৰ হৃদয় আঘাত কৰিছে । সেয়েহে ক্ষোভিত  হৃদয়ত   প্ৰতিবাদৰ অণুৰণন ঘটিছে । ঠিক তেনেদৰে তেখেতৰ কবিতাত প্ৰেমৰ চিত্ৰ পৰিস্ফুট  হোৱা দেখিবলৈ পোৱা যায়। স্বভাৱ সূলভ প্ৰেমৰ কবি
গৰাকীয়ে তেওঁৰ কবিতাত মানৱীয় প্ৰেমৰ ইতিবাচক দিশে গতি কৰাৰ পৰিলক্ষিত হয। কেতিয়াবা কবিৰ কবিতাত
সৰলতাৰ এখন প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটাৰ বিপৰীতে  কিছু কিছু কবিতাত মনৰ পঞ্জীভূত বেদনাগধুৰ ভাৱ  ক্ষোভ উজাৰি প্ৰকাশ কৰিছে। হ'লেও এইক্ষেত্ৰত কবি কাব্যিক ধৰ্মিতাৰ পৰা আঁতৰি যোৱা নাই। 
    বহুত ভাল লাগিল ড০ চাৰুলতা চৌধুৰী বাইদেউৰ  কাব্য সংকলন খন হৃদয়ংগম কৰি ।অনাগত দিনত বাইদেউৰ কাপেৰে নিগৰি আহক নিত্য নতুন সৃষ্টি। সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াওক এইযে আমাৰ  কাম্য। শেষত বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। মোৰ অনুভৱত অজানিতে ৰৈ যোৱা ভুলৰ ক্ষমা 
বিচাৰি ইমানতে সামৰণি মাৰিলো  ।