Type Here to Get Search Results !

যদি চোৱা হয় ফাগুন অহাৰ বাটেৰে

 হিতেশ নাথ


সৰাপাতৰ খচমচনিত সাৰে ৰয়
ৰঙীনৰ সেওঁতা ফালি
উদাসী অনুভৱৰ কলি
ফাগুন ফাগুন গুণগুণনি...

চৌপাশত ধূলিয়ৰিৰ পায়চাৰি
যেন মায়াৱী ৰাতিৰ
মন উতলা নৰ্তকীৰ
নাচোনৰ হেন্দোলনি ...

আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে
লঠঙা ডালত ওলমি ৰয়
সেউজীয়াৰ জীৱনী
সুন্দৰতাৰ কাহিনী...

শিমলু পলাশী বোলেৰে
উৰুঙা হৃদয় ভাঁজত
চঞ্চলা ফাগুনে আঁ‌কে
চো-নোচোকৈ চুই যোৱা
মৰম নদীৰ সীমনা
আজীৱন বৈ থকাৰ তৃষ্ণা ।