Type Here to Get Search Results !

ইতিহাসে চুই যোৱা আলি কেকুৰী বা পৰবৰ্তী সময়ৰ বগীদ’ল নামৰ তাৎপৰ্য

 দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )




-এসময়ৰ  আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা দিখৌ মুখলৈ কাড় পাতৰ দৰে গৈ থকা গজ পুৰীয়া আলিটো বা পাছলৈ বৰ আলিটো যি ঠাইত সামান্য কেক এটা মানে ভাজ এটা লোৱাৰ বাবে অঞ্চলটোৰ আলি কেকুৰী হয় ৷উল্লেখ্য যে ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ পৰশ এই বৃহত্তৰ মেটেকাৰ লগতে ইয়াৰ দাতি কাষৰীয়া প্ৰতিটো অঞ্চলতেই এক সোণোৱালী ইতিহাস জড়িত হৈ আছে ৷বগী দ’ল অঞ্চলৰ প্ৰাচীন নাম আলি কেকুৰী কাৰণ বগীদ’ল পাঁচ আলিৰ ওচৰতে পশ্চিম দিশত গজপুৰীয়া আলিটো সামান্য ভাজ লৈ কেকুৰী হোবাৰ বাবেই ঠাইডোখৰক আলি কেকুৰী কোৱা হৈছিল যদিও বৰ আলি বা গজ পুৰীয়া আলিটোৰ লগত পাঁচটা আলিবাট লগ লগাৰ বাবে অঞ্চলটোক বগীদ"ল পাঁচ আলি বুলিও কোৱা হয় ৷খ্ৰী;১৬০৩-১৬৪১ সময়খিনিত  স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত বন্ধোৱা গজপুৰীয়া বা বা আলি য়েদি গৈ আহোমৰ তৃতীয় ৰাজধানী মেটেকাৰ ভিৰতৰৰে বৰ আলিৰ দক্ষিণ দিশত ৰাস্তাৰ কাষতে স্ব্ৰ্গদেউ লক্ষ্মীসিংহৰ মাতৃ বগী ৰাজমাওৱে ১৭৭৩ খ্ৰী;এটা প্ৰকাণ্ড পুখুৰী খন্দাইছিল  ৷পুখুৰীটোৰ কাম সম্পুৰ্ণ হোবাৰ আগেয়ে তেওঁৰ মৃত্যু হোৱাত পুত্ৰ লক্ষ্মীসিংহই ১৭৭৫ খ্ৰী ;পুখুৰীটোৰ কাম সম্পুৰ্ণ  কৰি পুখুৰীটোৰ উত্তৰ পুৱ কোণত এটি বিষ্ণু দ’ল নিৰ্মাণ কৰি তেওঁৰ মাতৃৰ নামত উছৰ্গা কৰিছিল ৷সেই সময়ৰপৰাই অঞ্চলটোৰ নাম আলি কেকুৰীৰ পৰিবৰ্তে বগীদ’ল হল ৷বগীদ’ল পুখুৰীৰ  মাটিকালি পাৰৰ সৈতে ২১পুৰা ১২ কঠা ১৬ লোচা ৷১৯ ৫০  চনৰ প্ৰবল ৰ ফলত বগীদ’ল পুখুৰীৰ পাৰৰ বিষ্ণু দ’লটো ভাগি পৰে  আৰু ইয়াৰ ওপৰৰ অংশ পুখুৰীৰ সো সোঁ মাজত পৰি আছে  বুলি স্হানীয় ৰাইজে কব খোজে ৷বগীদ’ল পাঁচ আলিত তিনি ফালৰ তিনিটা আলি আহি সংযোগ  হোৱা আলিকেইটা হৈছে --উত্তৰ দিশৰ পৰা অহা দুবৰণী আলি এই  আলিটো স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৬খ্ৰী:১৭১৪ খ্ৰী:বন্ধাইছিল ৷আলিটোৰ ওপৰত দিয়া মাটিবোৰ চালনীৰে চালি চালি তাৰ ওপৰত দুবৰিবন ৰুই দিছিল বাবে আলিটোৰ নাম আজিও দুবৰণি আলি জনাজাত ৷আহোম স্বৰ্গদেউ সকলৰ কুঁৱৰী সকলে পুৱা গধুলি সেউজীয়া আলিটোৰ ওপৰত খোজকাঢ়ি দিখৌ নৈৰ বিশুদ্ধ বায়ু সেৱন কৰি গা মন শীতল কৰিছিল ৷এই দুবৰী বন বোৰে নিয়ৰ সনা এখন কোমল দলিছাৰ দৰে কাম কৰিছিল ৷বগীদ’ল পাঁচ আলিৰ পৰা উত্তৰ পুৱ দিশলৈ দিখৌ নৈৰ ফালে এটা আলিবাট গৈছে সেই আলিটোক পানীচকী আলি বোলা হয় ৷বুৰঞ্জীয়ে কয় যে ;আহোম ৰাজত্ব কালত সেই স্হানত দিখৌ নৈত এটা পাৰ ঘাট আছিল লগতে ৰাজধানী গড়গাঁও সুৰক্ষাৰ বাবে দিখৌ নদীত নৌ সেনানী সততে সষ্টম কৰি সাজু ৰখা হৈছিল ৷লগতে নৌ সেনানীৰ এটা তালাচী চকী আছিল সেই ঠাই ৰ মাজেদি দিখৌ নদীয়েদি  পাৰ হৈ যোৱা  নাওবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছিল ৷সেয়ে অঞ্চলটোৰ নাম আজিও পানীচকী ইয়াত  পানীফুকনৰ দায়িত্বত  পহৰা চকীটো আছিল ৷পাঁচ আলিৰ পৰা এই উত্তৰ পুৱ দিশে যোৱা এই পানী চকী আলিটো দিখৌ নৈৰ  পাৰে পাৰে গৈ গড়গাঁওৰ ওচৰৰ শুকতি আলিত সংযোগ হৈ ৰাজবিষয়া মোমাই তামুলী বৰবৰুৱাই  এই আলিটো ৱেদি গড়গাঁওৰ পৰা ৰংপুৰৰ ৰাজধানীলৈ খাৰ বাৰুদ নিবলৈ নিৰ্মাণ কৰাইছিল ৷পাঁচ আলিৰপৰা এই আলিটোৰ বিপৰীত দিশত এটা আলি দক্ষিণ দিশ বগীদ’ল পুখুৰীৰ কাষেদি গৈ বাঁহগড়ত সংযোগ হৈছে ৷এই আলিটোক বাঁহগড় আলি বোলা হয় ৷এই আলিটোৱেদি গৈ ঐতিহাসিক বেজ গাওঁ :ভঁৰালী গাওঁ ;আৰু সন্দিকৈ আদি গাঁওক সংযোগ কৰিছে ৷ছশবছৰীয়া আহসমৰ দিনত যিসকল লোকে জৰাফুকা বা মন্ত্ৰ বা দৰব পাতি দি ৰজা ঘৰীয়া মানুহক চিকিৎসা কৰিছিল সেইসকলক বেজবৰুৱা বুলি কোৱা হৈছিল ৷টাই ভাষাত বেজটৰুৱাক ফু-চে -কাং=ছা বুলি কোৱা হয় সন্দিকৈ সকল হৈছে সাতঘৰীয়া আহোমৰ কেঞ্ছু বংশৰ ৷বগীদ’ল অঞ্চলৰ পৰা প্ুৱ দিশত প্ৰায় এক কিলোমিটাৰ আহিয়েই ঐতিহাসিক সিংহ দুৱাৰ য’ত বৰ আলি বা গজপুৰীয়া আলাটোৱে ঐতিহাসিক বা্ঁহ গড়টোক অতিক্ৰম কৰিছে ৷যি বাঁহ গড় স্বৰ্গদেউ প্ৰতাপ সিংদৰ ৰাজত্ব কালত আহোম ৰাজ্যৰ ৰাজধানী৷গড়গাঁওক আগুৰি দুভেদ্য প্ৰাচীৰ হিচাবে নিৰ্মাণ কৰা হৈছিল দ’ খাৱৈৰে স সৈতে দা"তিত জঁটীয়া কোটোহা বাঁহ যাৰ মাজেদি কামান বৰতোপৰ গুলিও পাৰ হৈ যাব নোৱাৰিছিল ৷সেয়ে আজিও গড়টোক বাঁহগড় বোলা হয় এই বাঁহগড় আৰু বকআলিয়ে বা গজপুৰীয়া আলিয়ে ছেদ কৰা সেই অঞ্চলত আজিও এখন সিংহ দুৱাৰৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায় ৷গড়টোৰ কাষত কপলীয়াল আৰু চাংৰুঙ ফুকনৰ পৰিয়ালৰ পৰিনাতি সকলে বাসকৰি আহিছে ৷আহোম ভাষাত চাংৰুঙৰ অৰ্থ অভিযন্তা ৷আহোম ৰাজত্ব কালত  স্হাপত্য -ভাস্কৰ্য সমুহ এওঁলোকৰ উদ্যোগতে প্ৰতিস্থা হৈছিল ৷শেষত কব পাৰো যে আহোমৰ তৃতীয় ৰাজধানী মেটেকাৰ ভিতৰুৱা অঞ্চল সমুহত আজিও বহু ছশটা টছৰা সগৌৰবে ৰাজত্ব কৰা আহোম ৰাজ্যৰ অতীত বুৰঞ্জীআৰু ইতাহাস জড়িত হৈ আছে (কৃতজ্ঞতাৰে অনন্ত ফুকন