Type Here to Get Search Results !

সেউজীয়া বৰষুণ

  মৃণাল মৃন্ময় 



ফোনটো দুবাৰ ৰিং কৰি কাটি গ'ল, তৃতীয়বাৰতহে ৰিচিভ হ'ল 
কুনাল: হেল্ল.... বেবি
কুঁহি: অ' হেল্ল ক'ত থকাহে।
কুনাল: বৰষুণ অ বেবি, গমেই পোৱা নাছিলোঁ । ফোনটো ভিতৰত আছিল মই বাৰাণ্ডাত বহি বৰষুণৰ টোপালবোৰ চাই আছিলোঁ ।
কুঁহি: অ' ময়ো বৰষুণৰ প্ৰেমত পৰিলোঁ জানা। অ জান.....
কুনাল: হুহ....
কুঁহি: কবিতা এটা শুনোৱা না। বৰ ৰোমান্টিক হৈছোঁ জানা । 
কুনাল: আজি নুশুনাও মোৰ মুড নাই এতিয়া ।
কুঁহি: প্লিজ জানু শুনোৱা না নহ'লে মই পাগল হৈ যাম।
কুনাল: হে হে....পাগল হ'বা কিয় ?
কুঁহি: মই বৰষুণৰ প্ৰেমত পৰিছোঁ।
কুনাল: আৰে....তুমি বৰষুণৰ প্ৰেমত পৰিছা মইনো কিয় কবিতা শুনাব লাগে!
কুঁহি: তুমিও মোৰ বাবে বৰষুণ । বৰষুণে টোপটোপাই কবিতা শুনাইছে, তুমি টেপটেপাই কবিতা শুনোৱা । হে..হে...
কুনাল: ঠাট্টা কৰিছা নে ইনচাল্ট কৰিছা?
কুঁহি: হে..হে... তুমি যি বুলি ভবা মোৰ গোঁসাইটো বাত এতিয়া সোনকালে শুনোৱা নহ'লে মই ৰোমান্টিক মুডৰ পৰা ফিউজ যোৱা বাল্বটো যেন হম।
কুনাল: হা..হা..হা.. তুমি ফিউজ গ'লে মোৰ কি ডাল হ'ল।
কুঁহি: প্লিজ জানু .... মই বৰষুণৰ প্ৰেমত ব্যাকুল হৈছোঁ, তোমাৰ প্ৰেমত ব্যাকুল হৈছোঁ । মোৰ সেউজীয়া মন আৰু গভীৰ কৰি দিয়া তোমাৰ কবিতাৰ বৰষুণেৰে। মই এখনি চিলা হম উৰি ফুৰিম তোমাৰ আঙুলিৰ সূতাত ধৰি, তুমি এৰি নিদিবা কাহানিও সেই সূতা।
কুনাল: আৰে..বাঃ চুইটহাৰ্ট তুমিয়েই চোন কবিতা মাতি দিলা। আৰু শুনোৱা চোন ভাল লাগিছে ।
কুঁহি: ধেই, ঠাট্টা নকৰিবা। এতিয়া সোনকালে কবিতা শুনোৱা নহ'লে ফোন ৰাখিলো মই ।
কুনাল: কিয় ইমান অধৈৰ্য্য শুনাম ৰ'বা । কবিতা ওলাইয়ে অহা নাই দেখোন । 
শৰীৰ শীতল কৰা বৰষুণ জাকত..........
কুঁহি: ৰৈ দিলা যে কি হ'ল।
কুনাল: ওলাইয়ে নাহে চোন । ৰ'বা চেষ্টা কৰিছোঁ-
শৰীৰ শীতল কৰা বৰষুণ জাকত
তোমাৰ আঙুলি মোৰ আঙুলিৰ ফাঁকত
এজাউৰি লালটি বোলোৱা চুমাৰ পৰশ আৰু
ঘন ঘন প্ৰতিপল উশাহ ।
কুঁহি: আৰু... 
কুনাল: আৰু নোৱাৰোঁ ।
কুঁহি: তুমি তিতিছা মই তিতিছো 
ভিজা ওঠ ভিজা শৰীৰ
কামাতুৰ মন কামাতুৰ শৰীৰ 
হৈ যাম দুয়ো অগ্নিদগ্ধ।
কুনাল:ৱাও...কলিজা, তুমিও তাত অগ্নিদগ্ধ হোৱা ময়ো ইয়াত শৰীৰ জুৰাও।
কুঁহি: ঠিক আছে গোসাঁই । আমাৰ মন দুটা মিলিছে বাকী সকলো মিলিব। এদিন আমি দুয়ো একেলগে তিতিম তোমাৰ চোতালত সিদিনা কবিতা বাস্তৱ হ'ব।
কুনাল: সেই দিনটো সোনকালে আহক কলিজা। আৰু এদিন নহয় আকৌ তিতিম,নহয় পুনৰ তিতিম, নহয় তিতিয়েই থাকিম সেউজীয়া বৰষুণত আমাৰ মন সেউজীয়া কৰিবলৈ।
কুঁহি: ঠিক আছে কলিজা। এতিয়া ফোন ৰাখিছো বৰষুণে হাত বাউল দিছে। উম্মাহ .........
কুনাল: অ'কে, উম্মাহ.........বায়।

সন্ধিয়াৰ সেউজীয়া বৰষুণত দুয়ো দুয়োৰে কথা ভাবি কিমান সময় তিতিলে গমেই নাপালে। কুঁহি মাকৰ ধমকি আৰু কুনালে দেউতাকৰ মাতত তত পাই গা মচি ৰুমত সোমাল। এইবাৰ কুনালে ফোন কৰিলে....................।