Type Here to Get Search Results !

ঘড়ী

  ৰেখাজ্যোতি বৰুৱা 



                                               

                                               
মোৰ বুকুৰ মাজৰ হৃদপিণ্ডটোৰ দৰে
ঘড়ীটোৰো আছে এটা হৃদপিণ্ড 
হৃদপিণ্ড ই উশাহ লয় অহৰহ
ঢিপ ঢিপ ঢিপ ঢিপ ---
তেনেদৰে ঘড়ীটোৱে উশাহ লয়
টিক টিক টিক টিক---
এই উশাহৰ ধাৰ নৈৰ দৰে
নিৰবধি!
নিছিগে কাহানিও!
ঘড়ীৰ উশাহৰ ধাৰেই
হৈছে সময়!
টিক টিক টিক টিক ---
মোৰ হৃদয়ৰ উশাহ
মিলি যায় বায়ু মণ্ডলত
তেনেদৰে ঘড়ীৰ সময়ো উৰি গুছি যায়
উভতি নাহে দুনাই!
দোনে দোনে ধন-সোন দিও
ৰখাব নোৱাৰি
ঘড়ীৰ টোপনি নাহে
এলাহ বা ভাগৰো নাই !
যেনেদৰে মোৰ হৃদপিণ্ডৰো নাই
ঘড়ীৰ বুকুত থকা কামিহাড়
কেইডাল,ছেকেণ্ড,মিনিট,ঘণ্টা
পল,অনুপল,দণ্ড!
কৰ্তব্যত ৰত
বৃত্তাকাৰ গতিৰে
নিৰ্ধাৰণ কৰে
দিন,মাহ,বছৰ
থমকি যে নৰয়,এক পলৰ বাবেও
আহুকাল যিয়ে ই নহওঁক লাগে!
দেৱালৰ এলান্ধুৱে
আবৰি ধৰিলেও
উশাহ স্তব্ধ নহয়!
টিক টিক টিক টিক---
ঘড়ীয়েও জানে কৰ্তব্যবোধ
এতেকতে আমি ঘড়ীক আদৰ্শ মানি
বাচি ল'ব পাৰো আমাৰ কৰ্মপথ!
কৰ্মই যে সময়ৰ প্ৰকৃত জোখ।

ঢিপ ঢিপ ঢিপ ঢিপ ---
তেনেদৰে ঘড়ীটোৱে উশাহ লয়
টিক টিক টিক টিক---
এই উশাহৰ ধাৰ নৈৰ দৰে
নিৰবধি!
নিছিগে কাহানিও!
ঘড়ীৰ উশাহৰ ধাৰেই
হৈছে সময়!
টিক টিক টিক টিক ---
মোৰ হৃদয়ৰ উশাহ
মিলি যায় বায়ু মণ্ডলত
তেনেদৰে ঘড়ীৰ সময়ো উৰি গুছি যায়
উভতি নাহে দুনাই!
দোনে দোনে ধন-সোন দিও
ৰখাব নোৱাৰি
ঘড়ীৰ টোপনি নাহে
এলাহ বা ভাগৰো নাই !
যেনেদৰে মোৰ হৃদপিণ্ডৰো নাই
ঘড়ীৰ বুকুত থকা কামিহাড়
কেইডাল,ছেকেণ্ড,মিনিট,ঘণ্টা
পল,অনুপল,দণ্ড!
কৰ্তব্যত ৰত
বৃত্তাকাৰ গতিৰে
নিৰ্ধাৰণ কৰে
দিন,মাহ,বছৰ
থমকি যে নৰয়,এক পলৰ বাবেও
আহুকাল যিয়ে ই নহওঁক লাগে!
দেৱালৰ এলান্ধুৱে
আবৰি ধৰিলেও
উশাহ স্তব্ধ নহয়!
টিক টিক টিক টিক---
ঘড়ীয়েও জানে কৰ্তব্যবোধ
এতেকতে আমি ঘড়ীক আদৰ্শ মানি
বাচি ল'ব পাৰো আমাৰ কৰ্মপথ!
কৰ্মই যে সময়ৰ প্ৰকৃত জোখ।