Type Here to Get Search Results !

গান্ধীবাদী আন্না হাজাৰে

 দীপশিখা চলিহা


এজন ব্যক্তিৰ আদৰ্শই সমাজ এখন পৰিৱৰ্তন কৰিব পাৰে এই উক্তিফাকি এগৰাকী ব্যক্তিৰ লগত হুবহু মিলে,তেওঁৱেই হ'ল আন্না হাজাৰে।একে আষাৰতে কবলে হ'লে মহাৰাষ্ট্ৰৰ এগৰাকী সমাজ সংস্কাৰক হ'ল আন্না হাজাৰে।মূৰত এটি গান্ধী টুপিৰে শুধ বগা সাজজোৰেৰে তেওঁক নিচিনা লোক খুব কমেই ওলাব।

তেওঁৰ প্ৰকৃত নাম আছিল কিচান বাবুৰাও হাজাৰে।তেওঁ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাৱঁৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষভাৱে জনপ্ৰিয় হে আছে।1937চনত জন্মগ্ৰহন কৰা এইগৰাকী আন্না হাজাৰেৰ বয়স বৰ্তমান 83বছৰ। দূৰ্ণীতি বিৰোধী  সংগ্ৰামখনৰো তেওঁ আছিল মূল নেতা। এওঁৰ বাবেই জন লোকপাল বিল গৃহিত হ'ব লগা হৈছিল। 1991 চনত ভ্ৰষ্টাচাৰ বিৰোধী আন্দোলন আৰম্ভ কৰা আন্না হাজাৰেৰ বাবে তথ্য জনাৰ অধিকাৰ আইনো গৃহীত হ'ব লগা হয় । 2011 চনত পাঁচ এপ্ৰিলত যন্তৰ মন্তৰত অনিদ্দিষ্ট কাললৈ অনশন কৰা ঘটনাই তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শিৰোনামলৈ আনিলে। এই আন্দোলনত তেওঁৰ লগত সংগ দিছিল মেধা পাটেকৰ,অৰবিন্দ কেজৰিৱাল,কিৰণ বেদীকে ধৰা বহুজন। উল্লেখ্য যে সৰুৰে পৰা গান্ধীবাদত বিশ্বাসী মানুহজনে আজিও কয়ঃগাঁৱৰ উন্নতিয়েই দেশৰ উন্নতি।   তেখেতৰ কাৰণেই  তেওঁৰ জন্মগাওঁখন আজি আদৰ্শ গাওঁ হিচাপে পৰিগণিত হৈছে।তাত তেওঁ আত্মনিৰ্ভৰশীলতা,পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে চেষ্টা কৰি আহিছে।লগতে পানীৰ অভাৱ দূৰীকৰণৰ লগতে নিচাগ্ৰস্ত দ্ৰব্য সেৱনৰ বিপৰীতে জোৰদাৰ অভিযান চলাই সফল হৈছিল তেওঁ। গাঁৱত আগবঢ়োৱা এইবোৰ ইতিবাচক কৰ্মৰ বাবেই আন্না হাজাৰেক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী পদ্মভূষণ আদি বহু সন্মানেৰে সন্মানিত কৰি আহিছে।

হাজাৰে মহাৰাষ্ট্ৰৰ অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহন কৰিছিল।তেওঁৰ পিতৃ আছিল বাবুৰাও হাজাৰে আৰু মাতৃ লক্ষীবাই।আৰ্থিক দূৰ্বলতাৰ কাৰণে হাজাৰে সপ্তম শ্ৰেণীৰ পৰা আৰু পঢ়িব পৰা নাছিল।হাজাৰে ভাৰতীয় সেনা বাহিনীত ড্ৰাইভাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।এই সমচোৱাত তেওঁ স্বামী বিবেকানন্দ আৰু মহত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হয়।১৯৭০ চনত গাড়ী চলাই থকা সময়ত দূৰ্ঘটনাত আহত হয়।১৯৭৫ চনত তেওঁ অৱসৰ লৈ স্ব-ইচ্ছাৰে নিজ গাৱঁলৈ উভতি আহে।প্ৰথমে তেওঁ সুৰা নিবাৰনৰ কাৰণে আৰু পৰিশ্ৰমৰ মূল্য সম্পৰ্কে সজাগতা আনে।তদুপৰি গাৱঁৰ পানীৰ সমস্যা নিবাৰণৰ বাবে পানী যোগান প্ৰকল্পৰ সৃষ্টি কৰে।১৯৯৮ চনত মহাৰাষ্ট্ৰৰ  শিৱসেনা বিজেপি চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী বাবাৰাও গোলাপে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়াৰ ফলত পুলিচে গ্ৰেপ্তাৰ কৰিছিল যদিও ৰাইজৰ দাবীত মুকলি কৰি দিব লগা হৈছিল।

        আন্না হাজাৰে ভাৰত চৰকাৰৰ পৰা বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল।১৮৮৯ চনত মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা কৃষিভূষণ পুৰস্কাৰ লাভ কৰে।১৯৯০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী আৰু ১৯৯২ ত পদ্মভূষণ লাভ কৰে।সদৌ শেষত ২০০৮ চনত অসামান্য জনতাৰ কাৰণে বিশ্ববেংক জিত গিল স্মৃতি পুৰস্কাৰ লাভ কৰে।