অৰুণা চেতিয়া খাটনিয়াৰ
দৰিকা,তই মোৰ বুকুৰ কুটুম
কেনেকৈ পাহৰোঁ তোক
য'ৰ পৰা কৰিছিলোঁ আৰম্ভ
মোৰ জীৱনৰ আধৰুৱা সপোন,
জাৰ জহ সকলোতে তয়েই আছিলি আশা
নহয় জানো অ' দৰিকা
ক্লান্ত মন আৰু অশান্ত জীৱনেও কৰিছিল
তোৰ ভৰুণ প্ৰেমতেই আশা,
তোৰ কাষতে থকা সেই
হালধীয়া সৰিয়হ ডৰাই
এতিয়াও হৃদয়ত প্ৰশান্তি জগাই
যৌৱনৰ ৰঙীণ ঢৌ খেলি যায়,
আছিলি তই বৰ ভোগালী দৰিকা
তোৰ পাৰতে থকা
ঔটেঙা কচু ঢেঁকিয়াই
তোৰ বুকুৰ সম্পদৰ সতে
কত যে জুতি দিয়ে উপচায়,
দৰিকা,ভাটিয়লি গীতগাই
ভাহি যোৱা কতজনে এতিয়াও
তোৰ সোঁৱৰণিৰ বুকুচাত উঠি
খন্তেক নিৰলে থমকি ৰয়
আৰু কয়-, সেইখন দৰিকা আমাৰেই হয়।