Type Here to Get Search Results !

ব'হাগৰ দুখ

 দিপালী ৰাজকুমাৰী,ফুকন 




   এই মানুহটো,মাতি থাকিলেও নোশুনে ৷ অথনিৰে পৰা চিঞৰি আছো — কিনো ভেবা লাগি চায় আছে ? বোলো শুনিছেনে,,,,,,,,অজন্তাৰ মাতত আয়ুসৰ তন্দ্ৰা ভাগিল ৷ বৰ চিঞৰি থাকাহে তুমি ৷ লাহেকৈ ক'লেও হয় দেখোন ! লাহেকৈ ক'লে শুনিলেহে ইশ্বৰে ৷ দাৰ্শনিকতকৈ এখোপ চৰা ৷ কিবা- কিবি আৱিষ্কাৰ কৰেহে লাগে ৷ হ'ব, হ'ব, কোৱা কি হ'ল — এ, বাবাৰ স্কুলৰ পৰা দিয়া ইউনিফৰ্মৰ চাৰ্ট-পেণ্ট দুয়োটাই ঠেক-চুটি হ'ল,নতুন এজোৰ চিলাব লাগিব ৷ মাজনীৰ স্কুল বেগটোও ফাটিলে,নতুন এটা আনিব লাগিব ৷ এইবাৰ এপ্ৰিলৰ পৰাই নতুন শিক্ষা বছৰ আৰম্ভ হ'ব নহয়,গতিকে  এইবিলাক আগতীয়াকৈ যোগাৰ কৰিলেহে হ'ব ৷ তাৰোপৰি ব'হাগৰ বিহুটোও আহি আছে,সকলোলৈকে কিবা এপদ এপদ কাপোৰ -কানি নল'লে জানো হ'ব ! খোৱাৰ যা-যোগাৰ বোৰ আছেই ৷ একে উশাহতে কথা খিনি কৈ অজন্তাই পাক ঘৰৰ ফালে খোজ ল'লে ৷
         এৰা,অজন্তাই আজিকালি বৰ কেটকেটাই থাকে ৷ উপায়ও নাই,এনে হ'বলৈ পৰিস্হিতিয়ে বাধ্য কৰিছে তাইক ৷ ঘৰখনৰ মূল মানুহটোহৈ এই মিস্ত্ৰী কামটোতনো কিমান ধন ঘটিব পাৰিছে ৷ দুটাকৈ ল'ৰা-ছোৱালী,মাক আৰু সিহঁত স্বামী-স্ত্ৰীৰ পাঁচজনীয়া পৰিয়ালটো চলাই নিবলৈ অজন্তাই বহুখিনি কষ্ট কৰিব লগা হৈছে ৷ হাঁহ-কুকুৰা দুটামান আছে,তাৰে কণী-মাংসৰ যোগাৰ হয় ৷ খীৰতী গাই এজনীও আছে ৷ খেতিটো আধিতেই দিয়া হয় ৷ কাৰণ আজিকালি ট্ৰেক্টৰে মাটি চহোৱাৰ যিহে দাম ! এতিয়াও অৱশ্যে এচাহৰ দাম দিবই লাগে ৷ তথাপি খেতিৰ ধানৰ ভাত কেইটা খাবলৈ পায় বছৰটো জোৰাকৈ ৷ কিন্তু আজি কালিকৈ ল'ৰা-ছোৱালী হাল ডাঙৰহৈ আহিছে ৷ ল'ৰাটো তৃতীয় শ্ৰেণী আৰু ছোৱালীজনী প্ৰথম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে ৷ গতিকে অভাৱ- অভিযোগ বাঢ়িছে যেনেকৈ খা-খৰচও বাঢ়িবই ৷বজাৰত বস্তুৰ জুই-চাই দাম ৷ কমাৰ নামেই নাই, দিনে দিনে বাঢ়ি গৈহে আছে ৷ মাকৰো আজি কালি গা বৰ ভাল নাথাকে ৷ অৱশ্যে গুৰুত্তৰ একো অসুখ নাই, যদিও সৰু-সুৰা ইটো-সিটো ওলায়েই থাকে ৷
       সি কাষতে সজা অপূৰ্ব হঁতৰ দুমহলীয়া বিল্ডিংটোলৈ চাই আছিল,কেঁচা ঘৰটোৰ পিৰালিতে বহি ৷ আজি দেওবাৰ ৷ আজি সিহঁতৰ চট্ দিবলৈ লৈছে,বহুত বনুৱা আনিছে ৷ মচলা তৈয়াৰ কৰা মেচিনটো ডাঙৰ শব্দ কৰি চলিবলৈ আৰম্ভ কৰিছেই ৷ এসময়ত দুয়োটাই একেলগে স্কুললৈ গৈছিল ৷ অপূৰ্ব হঁতৰ ঘৰখনৰ অৱস্হা একেবাৰে শোচনীয় আছিল ৷ দেউতাকে গাঁৱৰে চৰকাৰী প্ৰাথমিক বিদ্যালয় খনত চতুৰ্থ বৰ্গৰ চাকৰি কৰি পৰিয়ালটো পোহপাল দিছিল ৷ সেইখিনিলৈকে ঠিকেই আছিল ৷ অপূৰ্ব ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্হাতে দুৰাৰোগ্য অসুখত পৰি দেউতাক ঢুকাল ! ভায়েক আৰু মাকৰ লগত অপূৰ্বহঁতে চাৰিওফালে অন্ধকাৰ দেখিলে ৷ তেতিয়াৰ দিনত দা-দৰমহাও বেছি নাছিল ৷ তথাপি দেউতাকৰ চাকৰিৰ ধন যিখিনি পালে তাকে খৰচ নকৰি মাকে ডাকঘৰত জমা কৰি ৰাখিলে ৷ সিহঁতক পঢ়াই - শুনাই ডাঙৰ কৰিবলৈ তেওঁ অত্যধিক পৰিশ্ৰম কৰিলে ৷ ল'ৰা কেইটিক লগতলৈ বাৰীত শাক-পাচলিৰ খেতি কৰিলে ৷ গৰু-ছাগলী, হাঁহ-কুকুৰা পুঁহিলে ৷ তাঁত এজোঁটি সদায় থাকেই ৷ আজিকালি চৰকাৰী বিদ্যালয়ত পঢ়ালে খা-খৰচ বেছি নাথাকেই বুলিব পাৰি ৷ গতিকে সাহসী মানুহগৰাকীয়ে জীৱনত হাৰ নামানিলে ৷ ল'ৰা কেইটিক ওলাওঁতে- সোমাওঁতে সদায় সকিয়াই থাকে— ভালদৰে পঢ়িবি,শিক্ষক আৰু জেষ্ঠজনক শ্ৰদ্ধা-ভক্তি কৰিবি,বেয়া সংগ নল'বি,বেয়া বস্তু নাখাবি আৰু বেয়া কথা নক'বি ৷ দেউতাক নাইকীয়া ল'ৰা ,বেয়াহ'লে তহঁতক কোনে মৰম কৰিব হুঁ এনেদৰে,,,,,,,,৷
সময় কাৰোবাবে ৰৈ নাথাকে ৷ অপূৰ্বহঁতৰ দেউতাকৰ মৃত্যুৰ কিছুদিনলৈকে জ্ঞাতি বা মিটিৰ- কুটুমৰ মানুহে খা-খবৰ লৈ আছিল ৷ পাছলৈ সকলো নিজকলৈ ব্যস্ত হ'ল ৷ সিহঁতো ডাঙৰ হ'ল ৷ অপূৰ্বই মেট্ৰিকটো সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ৷ সেইদিনা সিহঁতৰ ঘৰলৈ নিউজ চেনেলৰ মানুহ আহিছিল ! এইযে নিউজ চেনেলৰ মানুহ আহিছিল,তেঁওলোকে নিজ নিজ চেনেলৰ যোগেদি টেলিভিশ্বনত প্ৰচাৰ কৰিলে ৷ অপূৰ্বৰ ঘৰৰ অৱস্হা উন্নত নহয় বাবে আমেৰিকা নিবাসী এজন অসমীয়াই অপূৰ্বক পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰিলে ৷ তাৰপাছত আৰু সি পাছলৈ উভটি চাব লগা নহ'ল ৷ আজি অপূৰ্ব শইকীয়া এটা আগশাৰীৰ কোম্পেনিৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ ! ভায়েক অনিমেষও পঢ়ি শুনি এছ,বি,আই বেংকৰ প্ৰৱেশ্বনেৰি অফিচাৰ হ'ল ৷ এনেদৰে অপূৰ্ব আৰু অনিমেষে কষ্ট আৰু সংগ্ৰাম কৰি জীৱনটো আগবঢ়াই নিলে আৰু মাকৰ দুখ, বেদনাৰ অন্ত পেলাই মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ল ৷ ,,,,,,,বহাগত অপূৰ্বৰ বিয়া ! গতিকেই ঘৰটোৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছে ৷
        আনহাতে,আয়ুসৰ দেউতাক ৰেল বিভাগৰ কৰ্মচাৰী আছিল ৷ ঘৰখনৰ সচ্ছল অৱস্হা,তেওঁলোকৰ এটাই সন্তান, আয়ুস ৷ যিহকে লাগ বুলি কয় তাকে দিয়ে ৷ পঢ়াত আয়ুসও বৰ বেয়া নাছিল ৷মেট্ৰিক সিও প্ৰথম বিভাগতে পাছ কৰিছিল ৷ স্হানীয় এখন জুনিয়ৰ কলেজত দেউতাকে নামভৰ্ত্তি কৰি দিছিল ৷ চিনাকী ষ্টাফ্ গতিকে, সকলোৱে চাব ল'ৰাটো,এইবুলি ৷ 
         ছমাহমান ভালদৰে পঢ়া-শুনা কৰিলে ৷ শিক্ষক - শিক্ষয়িত্ৰীৰ দৃষ্টিত পৰাৰ আগতেই তাৰ বন্ধু-বান্ধৱীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে ৷ ক্লাচ কৰিবলৈ যাবৰ বাবে বাইক এখনৰ প্ৰয়োজন হ'ল ৷ মাতৃ গৰাকীয়ে মৰম কৰাৰ লগে লগে সন্তানক কেনেকৈ শাসন কৰিব লাগে সেয়া নাজানিলে ৷ বাহিৰৰ পৃথিৱী খনৰ প্ৰতি মাকৰ উদাসীনতাই ল'ৰাটোক বিপথে যাবলৈ পথ সুগম কৰি তুলিলে ৷ তাতে আলাসৰ লাড়ু,দেউতাকে কিবা এটা কোৱাৰ আগতেই মাকে মুখ পাতি ধৰে ৷ লাহে লাহে তাক পকেট মাণি সৰহকৈ লগা হ'ল ৷ চুলিৰ ডিজাইন সলনি হ'ল আৰু বৰণও ৷সৰু টাউন খনৰ কেইখনমান নিৰ্দিষ্ট দোকান তাৰ তেনেই আপোন হৈ পৰিল ৷ য'ত যি পায় সকলো নিচাৰে সোৱাদ ল'লে ৷ নতুনকৈ ব্লক পৰা গাঁৱৰ ৰাস্তাটোত বাইক ৰাইডিঙৰ যেন প্ৰতিযোগিতাহে চলিল ৷ কোনে কিমান স্পীডত চলাব পাৰে ৷ পথচাৰীৰ ভয়তে প্ৰাণ উৰি যোৱা অৱস্হা ৷ ওচৰ-চুবুৰীয়াই কথাটো লক্ষ্য নকৰা নহয় ,কিন্তু ক'বলৈ যায় কোন ! বহুতো পিতৃ-মাতৃয়ে নিজ সন্তানৰ বিষয়ে  অভিযোগ দিলে শুনি বেয়া পায় ৷ ইয়াৰ কাৰণ দুটা—এটা হ'ল,সন্তানৰ প্ৰতি থকা দুৰ্বলতা আৰু আনটো হ'ল আত্মসন্মানত আঘাট লগা বুলি ভবা ৷ এই দুয়োটাই সন্তানটিক  ক্ৰমাৎ বিপদলৈ ঠেলি দিয়ে আৰু তাৰ ভৱিষ্যৎটো দুখ লগাকৈ বেয়া হৈ পৰে ৷ সমাজৰ কোনোবা সন্তান এটি বিপথে যাওঁক সেয়া সচেতন মহলে কেতিয়াও আশা নকৰে ৷ সাম্প্ৰতিক কালত উঠি অহা প্ৰজন্মৰ এনেবোৰ আচৰণত সকলো বাৰুকৈয়ে উদ্বিগ্ন ! 
       যিকিনহওঁক, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত আয়ুস উত্তীৰ্ণ হ'ব নোৱাৰিলে ৷ পিছে সেইদিনাই বাইকৰ পাছত উঠাই অজন্তাক আনি ঘৰ পোৱালেহি ৷ একমাত্ৰ পুত্ৰৰ এনে অধঃপতন দেখি দেউতাক হাৰ্ট এটেক হৈ ঢ়ুকাল ,,,,,,,,৷
        অ, এইজন দেখোন জেগাতে বহিয়েই আছে,,,,,,,,,,,,বোলো শুনিছেনে,,,,,,,,,,,,,৷