অনামিকা বৰা
মোৰ ধন চেনাই অ'
চকুতে আঁকি ব'হাগৰ ৰ'দ
দুগালতে সানি ব'হাগৰ লাজ
ব'হাগৰ বেলিটি কপালতে আঁকি
তিতা চুলিয়েদি বৈ আহিছে
বৰদৈচিলাজনীৰ উতনুৱা ধেমালি
নামি আহিছে মেঘ, বাঢ়িছে নদীৰ বেগ
ৰোৱনী যে মই তোৰ গৰখীয়া পথাৰৰ
মোৰ ধন চেনাই অ'
দুহাতত সানি জেতুকাৰ বুল
খোপাতে গুজি কপৌফুল
কুলি কেতেকীৰ গীত লৈ
কোনোবা দূৰ-দূৰনিৰ
পথৰুৱা বাঁহীৰ সুৰ হৈ
আছো ৰৈ মই আহতৰ তলত
নাচনী যে মই তোৰ ঢোলৰ মাতৰ
মোৰ ধন চেনাই অ'
বুকুতে মাৰি সেউজীয়া মেঠনি
ওঠতে সানি বৰ্হমথুৰি
তগৰফুলীয়া ৰঙৰ সূতাতে
পলাশবৰণীয়া আঁচু সূতাৰে
তোলৈ বইছো ভমকাফুলীয়া বিহুৱানখনি
শিপিনী যে মই তোৰ নামৰ চেনাইটি
মোৰ ধন চেনাই অ'
লৈ আনিছো মই অসমীয়াৰ পৰিচয়
ধানবৰণীয়া হ'ব মাটি আৰু মানুহৰ
জীৱন উৎসৱ
ব'হাগী যে মই ঋতুৰাজ বসন্তৰ