ভূমিত্ৰা দাস
" মিতালী , মিতালী! " শাহুয়েকে সৰু বোৱাৰীক মাতি মাতি মানসৰ ৰুম পালে।
" কি হ'ল মা! মিতালীক যে মাতি আছা? পাহৰিলা নেকি তেওঁ ৰাতিপুৱা মাকৰ ঘৰত যোৱা কথাটো?
"অহ মই পাহৰিয়ে গৈছিলো । এইখিনি সময়ত বোৱাৰীয়ে চাহ একাপ দিয়ে যে অভ্যাস হৈ গ'ল। আজি পলম হোৱা বাবে মাতিব আহিছিলো কিবা তাইৰ গা বেয়া বুলি ।"
"ঠিক আছে আজি তোমাক মই চাহ বনাই খুৱাম দিয়া । আহা পাকঘৰলৈ " বুলি মানসে মাকলৈ চাহ বাকি আনিলে।
ঘৰত দুজনী বোৱাৰী । কিন্তু সেয়া নামতহে কাম হ'লে সৰু বোৱাৰীৰহে হাত চলে; ডাঙৰ বোৱাৰীৰ হাত বন্ধা মুখ হে খোলা শাহুয়েকৰ লগত কাজিয়া কৰাৰ বাবে । আজি ঘৰত সৰু বোৱাৰী নাই মাকৰ ঘৰত গৈছে । সেয়ে শাহুয়েকক চাহ একাপ দিবলৈ মানুহ নাই ।
ডাঙৰ ল'ৰা ৰবীনৰ বিয়াৰ পিছত মাকৰ অৱস্থা একেবাৰে বেয়া । সকলোতে খেচখেচাই থকা অভ্যাসৰ ডাঙৰ বোৱাৰী ঘৰখনৰ বাকী বোৰৰ লগত ঠিকেই থাকে ; মাথোঁ শাহুয়েকৰ লগতে পয়মালখন। সৰু পুত্ৰ মানসে অকমান মাকক চোৱা চিতা কৰিছিল যদিও চাকৰি পোৱাৰ পাছত সিও টাইম মিলাব নোৱৰা হৈ পৰিল।
সৰু ভনীয়েকৰ বিয়াৰ পিছত তাৰো বিয়া পাতি মিতালীক ঘৰৰ সৰু বোৱাৰী কৰিলে । মানসৰ বায়েক অনিমা আৰু ভনীয়েক মালা দুয়ো দুইজনী ঘৰৰ বোৱাৰীকে সমানে ভাল পায় । মৰমৰ ক্ষেত্ৰত কাকো সৰু ডাঙৰৰ তুলাচনীৰে নোজোখে। ডাঙৰ বোৱাৰী তেনেই বুধিয়ক কাক কেনেকৈ হাতৰ মুঠিত ধৰি ৰাখিব লাগে সেয়া তাই ভালদৰে জানে। মিতালী সহজ সৰল শিক্ষিতা ছোৱালী। বোৱাৰী সাজ পিন্ধিও তাইৰ সহজ সৰল মনটোৱে সকলোকে আদৰ সন্মান কৰিব পাৰে। ঘৰখনৰ সকলো কামতে দুখোজ আগবঢ়া। যিটো ডাঙৰ বোৱাৰীৰ ক্ষেত্ৰত ওলোটা । কামৰ ক্ষেত্ৰত পিছত থাকিও দেখুওৱাৰ ক্ষেত্ৰত খুবেই তৎপৰ । ঘৰখনৰ আন সকলে এইবোৰ বুজি নাপায়। সকলোৱে ডাঙৰ বোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ ।
সন্ধিয়া হোৱাৰ আগত মিতালী মাকৰ ঘৰৰ পৰা আহি ওলাল ককায়েকৰ লগত । "দাদা আহক বহকহি" মিতালীৰ ককায়েকক আথে বেথে মাতি বহিবলৈ দিলে ডাঙৰ বোৱাৰী জুৰিয়ে।
"নাই মই বেছি সময় বহিব নোৱাৰিম কাম আছে আজিলৈ আহো ।" ককায়েকে এনেকৈ কোৱাৰ পিছতো জোৰকৈ একাপ চাহ আনি ককায়েকক দিলে। ইমান সাদৰী বোৱাৰীজনীৰ কথা কোনেনো অবহেলা কৰিব । চাহ খাই শাহুয়েকৰ লগতে পৰিয়ালৰ সকলোকে মাত লগাই মিতালীৰ ককায়েক গ'লগৈ।
ৰাতি ভাত ৰন্ধা সময়ত মিতালী সকলো জা জগাৰ কৰিব আহিল পাকঘৰলৈ । লাহে লাহে জুৰিও।
"মিতালী , শুনা মোলৈ ৰাতি ভাত নহয় ৰুটী বনাবা আজি ৰুটী খাম দিয়া । " শাহুয়েকৰ কথাত "হ'ব মা " বুলি সঁহাৰি জনাই মিতালী আতা মঠিবলৈ ল'লে। শাহুয়েকে যোৱাৰ পিছত ওচৰত থকা জুৰিয়ে মুখখন বেকেটাই "ইচ বুঢ়ীয়ে এইখন হোটেল পাইছে অৰ্ডাৰ দি খাবলৈ !! মিতালী তুমি কিন্তু বুঢ়ীক বৰ আসৈ দিছা। চাবা আকৌ পিছলৈ মূৰত ধৰিব এইবোৰে। " জুৰিৰ কথাত মিতালী আচৰিত হ'ল ঘৰত থাকোতে সদায় পিতৃ মাতৃৰ, ককাক আইতাকৰ সেৱা শুশ্ৰুষা কৰা সকলো আপদাৰ আলপৈচান ধৰা মিতালীয়ে কেনেকৈনো শাহুয়েকক আদৰ নকৰাকৈ থাকে! মনতে অকমান বেজাৰো অনুভৱ কৰিলে তাই। " হ'ব দিয়ক বাইদেউ মই পাৰিম নহয় কৰিব। "
"কৰা তুমি যি কৰা পিছত আকৌ মোক নক'বা ।"
বিয়া হৈ অহা ছমাহ হৈছেহে তাই কাৰো একো স্বভাৱৰ কথা ভালকৈ নাজানে মাথোঁ এটা কথাই জানিব পাৰিছে প্ৰতিদিনত এবাৰ হ'লেও শাহুয়েকৰ লগত খুটখাত লগাতো জুৰিৰ অভ্যাস । নিশা ৰবীন বা মানস ঘৰ সোমালেই কেৱল শাহুয়েকৰ হকে বিহকে কথা লগোৱা এইবোৰত খুবেই পাৰ্গত ।
তথাপি মিতালী কেতিয়াও জুৰিক বেয়া নাপায় পাব নো কেনেকৈ ইমান মৰম দিয়ে মানস আৰু মিতালীক । কিন্তু কি হ'ব কুকুৰৰ নেজ জানোঁ কেতিয়াবা চিধা হ'ব পাৰে? লাহে লাহে মিতালীৰো জুৰিৰ আঁৰৰ চৰিত্ৰৰ লগত এদিন দুদিনকৈ চিনাকি হ'বলৈ ধৰিলে।
এদিন আবেলি মানসৰ বায়েক অনিমা আৰু ভিনিহিয়েক আহিল ।
বন্ধৰ দিন মিতালী আৰু মানস কোঠাৰ ভিতৰতে আছিল । দিনটো কাম কৰি জিৰণি লোৱাৰ সময়ত মানস অফিচৰ পৰা আহি নাপায়; ৰাতিও কাম বন কৰি আজৰি হয় মানে বহু ৰাতি হয়। সেয়ে বন্ধৰ দিনা কিছু সময় ইজনে সিজনৰ লগত কথা পাতি সময় পাৰ কৰে।
বাহিৰত বায়েক অনিমাৰ মাত শুনি মিতালী লৰালৰিকৈ ওলাই আহিল । সেইফালে জুৰিও। "বাইদেউ ভিনদেউ হঠাতে যে "। জুৰিয়ে ক'লে
" আমি হঠাৎ আহিব নোৱাৰো নেকি?"
" এহ বাইদেউ কি যে কয় আপোনাৰ নিজৰ ঘৰ কিয় আহিব নোৱাৰিব? মই মাত্ৰ কৈছো হে খবৰ কৰিলে আমি ৰৈ থাকিব পাৰিলোহেঁতেন । "
জুৰিৰ কথাত মিতালীও ক'লে "হয় বাইদেউ ৰৈ থকাৰ মজা ল'ব নোৱাৰিলো। "
বহু সময় কথা পাতি চাহ জলপান খাই উঠি ভিনিহিয়েকে ক'লে "আমি কাইলৈ চিনেমা চাবলৈ যাম । তোমালোক দুয়ো আমাৰ লগত চিনেমা চাব যাব লাগিব ; লগতে মানস তুমি ও ওলাবা। আহোতে আমি নাহিলেও হ'ব তুমি ইহঁতক আনিব পাৰিবা। " চিনেমা চাবলৈ যোৱা কথা শুনি জুৰি সাত জাপ মাৰি উঠিল । কিমান যে ফূৰ্তি। স্বভাৱতে ঘৰৰ কাম বনৰ পৰা ফালৰি কাটি ঘূৰি ফুৰিব ভাল পোৱা জুৰিৰ মনটোৱে হাততে স্বৰ্গ ঢুকি পোৱা যেন পালে "হ'ব হ'ব ভিনদেউ আমি যাম যাম । নিশ্চয় ।" জুৰিৰ কথাত মিতালী মাত লগালে " বাইদেউ আপুনি কি কৈছে আমি যাম মানে! আমি একেলগে গ'লে মাৰ অকলে অসুবিধা নহ'ব জানো?"
পাৰিব দিয়া সেইখিনি সময়ত মা অকলে থাকিব।"
দুয়োজনীৰ কথা শুনি বায়েক অনিমাই মাত লগালে " ঠিক আছে মানস ঘৰত থাকিব মাৰ লগত অফিচৰ পৰা আহি আৰু তোমালোকক আমি থৈ যাম কাইলৈ ৰেদি হৈ থাকিবা। " অনিমাৰ কথাত জুৰি " নাই নাই বাইদেউ মানস যাব লাগিব নহ'লে ল'ৰা ছোৱালী হালে দিগদাৰি কৰিলে আমি ভালদৰে চিনেমাখন চাবলৈ নাপাম। "
"হ'ব দিয়া তোমালোকে যি কৰা কৰিবা কাইলৈ জনাই দিবা কোনে কোনে যোৱা । " ভিনিহিয়েকে কথাখিনি কৈ বহাৰ পৰা উঠি সকলোকে মাত দি যাবলৈ ওলাল ।
পিছদিনা ৰাতিপুৱাৰে পৰা জুৰিৰ গাত তত নাইকিয়া আবেলি চিনেমা চাব যাব।
এইফালে ঘৰুৱা দায়িত্ব বুজা ঘৰৰ সৰু বোৱাৰী মিতালী মানসক ৰুমতে কৈ থলে "হেৰি নহয় মানস তুমি এটা কাম কৰা"
"কি কাম মিতা " মানসে সুধিলে।
" ভিনদেউক মোৰ টিকটটো কাটিবলৈ মানা কৰা । "
"কিয় "
"বাইদেউই তুমি নগ'লে ল'ৰা ছোৱালীৰ কেইটাক লৈ অসুবিধা পায় গতিকে তুমি যোৱা মই মাৰ লগত ঘৰতে থাকিম। দাদাৰো ব্যৱসায় কামত ঘৰ সোমাই মানে বহু ৰাতি হয়। "
"কি কোৱা তুমি বিয়াৰ পাছত এইবাৰেই প্ৰথম চিনেমা চাবলৈ সুযোগ পাইছা সেয়া ও হেৰুৱাব বিচাৰিছা নে? " মানসে ক'লে ।
"নাই ; হেৰুৱা কথা নাহে মাথোঁ ঘৰত মাক অকলে থৈ যাবলৈ মন নাই ।"
মিতালী বোৱাৰী হৈ অহা দিনধৰি শাহুয়েকক বৰ যত্ন লয়। ভালদৰে খোজ কাটল কৰিব নোৱাৰা বুঢ়ী শাহুয়েকৰ যাতে ক'তো কোনোধৰণে অসুবিধা নাপায় সেয়া তাই খুবেই তৎপৰ ভূমিকা পালন কৰে । ঘৰখনৰ সকলো দায়িত্ব সুচাৰুৰূপে কৰি যায় ।
আবেলি চিনেমা চাবলৈ সকলো ওলাই গ'ল। থাকিল মিতালী আৰু মাক।
চিনেমা চাই আহোতে মানসহঁতৰ কিছু পলম হ'ল । জুৰি কৰোবালৈ ওলাই গ'লে পোনে পোনে ঘৰলৈ অহা কথা নাভাবে। বায়েক অনিমা আৰু ভিনিহিয়েকৰ লগত ৰেষ্ট্ৰুৰেণ্টত খাই মিলিও আহিল । মানস এইবোৰ ভাল নাপায় যদিও উপায়হীন ভাবে সিহঁতৰ লগত ৰেষ্ট্ৰুৰেণ্টত সোমাব লগাত পৰিল।
ঘৰলৈ আহে মানে মিতালীৰ সকলো কাম শেষই। কেবল ভাত বাঢ়িলে হ'ল।
ৰাতি বহু সময় লৈকে মিতালী আৰু মানস কথা পাতি থাকিল। বেছিভাগ সময় চিনেমাখনৰ বিষয়ে কথা পাতিলে। "জানা মিতা তোমাক বহুত মিছ কৰিছো আজি। তুমি লগত গ'লে মোৰ ভাল লাগিল হয় । চিনেমাখনো ভাল আছিল কি এক্সন; কি ৰোমাঞ্চ ভাল লাগিছে। অসমীয়া ছবি জগতত এনেধৰণৰ ছবিয়ে এদিন সুদিন আনিব।"
"হ'ব দিয়া তুমি চালা যেতিয়া মই চোৱা যেন হৈছে। অথনিৰে পৰা যিমান সোপাকে ক'লা মোৰ চোৱা যেনেই লাগিছে। কিন্তু মাক আটাইয়ে অকলে এৰি থৈ গ'লে বেয়া হে হ'ল হৈ । দেখিছানে মা ই ভৰিৰ বিষত কিমান কষ্ট পাই থাকে। ৰাতিৰ ভাত জানো মা ই বনাব পাৰিলে হয় ??? এতিয়া শুই থাকা। "
"তুমি ইমানকৈ কিয় ভাবা? ডাঙৰ বোৱাৰী চোন সেইবোৰ আজিলৈকে নাভাবেই। বিয়া হৈ অহা কিমান বছৰ হ'ল ঘৰৰ দায়িত্ববোৰক আওকাণ কৰি আহিছে। আৰু তুমি ইমান বিপৰীত । "
"হ'ব আৰু দিয়া মোক ইমান প্ৰশংসা কৰিব নালাগে শুই দিয়া। ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় ।
তোমাৰ অফিচ আছে নহয় ।"
"উম"
পিছদিনা ৰাতিপুৱা মিতালী চাহ বনাই আছে তেতিয়া জুৰিয়ে ক'লে "আজি দাদাৰাৰ কাম বেছি নাই আবেলি এপাক ঘৰলৈ যাম। "
"হ'ব দিয়ক বাইদেউ যাবগৈ।" প্ৰতিদিনে চল বুজি কৰোবাত নহয় কৰোবাত ফুৰিবলৈ যোৱা অভ্যাস হৈ পৰিছে জুৰিৰ । আবেলি ৰবীন কিবা কামত লাগি থাকোতেই সোনকালে ঘৰলৈ আহিব নোৱাৰিলে । জুৰি বাৰে বাৰে ফোন কৰি আমনি কৰিব ধৰিলে "কি হ'ল আপুনি সোনকালে আহিম বুলি কৈ ও অহা নাই যে ? নাজানে নেকি মই যে আজি মাৰ ঘৰলৈ যাম। ল'ৰা ছোৱালী হালক উলিয়াই ৰৈ আছো সোনকালে আহক।" এইফালৰ পৰা ফোনত ইমান বোৰ একে উশাহে কৈ গ'ল ; সেইফালে ৰবীনে কি কৈছে শুনিবলৈ আহৰিয়ে নাই । শেষত ৰবীনে যেতিয়া আহিব নোৱাৰে বুলি কোৱাত মানসক লৈ মাকৰ ঘৰলৈ গ'ল। মুঠৰ ওপৰত যাওঁ বুলি ক'লে যাবই। নহ'লে ঘৰখনতে অশান্তি এটা।
লাহে লাহে মিতালীৰো জুৰিৰ কিছুমান স্বভাৱ ভাল নলগা হ'ল। মানসেও মাজে মাজে মিতালীক লৈ ফুৰিবলৈ মন কৰে। কিন্তু ঘৰখনৰ সকলো দায়িত্ব মিতালীৰ মূৰত। কেতিয়াবা এইবোৰৰ পৰা অকমান আঁতৰাই তাইক ফুৰাব নিবলৈ ওলাই যদিও সকলোৰে মাজত ওলমি ফুৰিব যোৱাতো জুৰিৰ চখ হোৱা হেতুকে মিতালীৰ মানসৰ লগত অকলে ফুৰিবলৈ যোৱাৰ সেই কণ ভাগ্যও তাইৰ কপালত নাই।
তথাপি মাজে মাজে ঘৰত কাকো একো নোকোৱাকৈ দুয়ো ওলাই যায় । কেৱল শাহুয়েকক মিতালীয়ে কৈ যায়।
পূজাৰ সময় অফিচ বন্ধৰ দিন ; মানস আৰু মিতালীৰ বিয়াৰ প্ৰায় এবছৰ হও হও । সেয়ে এইবাৰ পূজাৰ বন্ধত দুয়ো চিলংলৈ যাব । কথাটো মিতালীকো সি কোৱা নাই যাবৰ দুদিনমান আগত ক'ব বুলি সি মনে মনে ভাবি আছে। মাকক আগতে কৈ থোৱা আছে আৰু মিতালীক ক'বলৈ বাধা কৰিছে । সি তাইক চাৰপ্ৰাইজ দিব ।
কথা মতে কাম । চিলংলৈ যোৱাৰ দুদিন আগত ৰাতি মানসে মিতালীক শুবলৈ অহাৰ সময়ত ক'লে
"মিতা, কাইলৈ আমাৰ কাপোৰ কানি পেকিং কৰিবা ।"
"কিয় ?" মিতালী উচাপ খাই সুধিলে ।
"কৰিবা চোন ইমান উচাপ খাই উঠিব নালাগে । তুমি যেনেকৈহে সুধিছা মই যেন তোমাক কিবা নকৰিব লগা কাম হে কৰিব দিলোঁ ।
" নহয় মানে আমি কৰবালৈ যাম নেকি কাপোৰ পেকিং কৰিব কৈছা যে?"
"উম চুইটহাৰ্ট আমি পৰহিলৈ চিলংলৈ যাম।"
"কি? কিন্তু হঠাৎ এনেকৈ"
"হ'ব ইমান চিন্তা কৰিব নালাগে আমি তাত একেবাৰে থাকিব নাযাও নহয় । দুদিনমানৰ বাবেহে যাম"
"ইমানকৈ ভাবিব নালাগে যোৱা কাপোৰ কানি পেকিং কৰাগৈ" মানসে মিতালীক মৰমেৰে দুহাতেৰে কান্ধত ধৰি ক'লে ।
মিতালী এখোজ দুখোজকৈ খোজ লওঁতে সি তাইক আকৌ ক'লে "যোৱা আকৌ" । এইবাৰ তাই গড্ৰেজৰ কাষলৈ আহি দুয়োৰে কাপোৰবোৰ উলিয়াই বেগখনত ভৰাবলৈ ল'লে । মানসে কোৱা মতে তাত ঠাণ্ডাৰ বাবে কিছু গৰম কাপোৰো লৈ ল'লে । পৰিপাটি কৈ দুয়োৰে কিছু লাগতিয়াল বস্তু কিছুমান ভৰালে বেগত । তাইৰ মনত হেঁপাহ আছিল মানসৰ লগত ফুৰিবলৈ যোৱাৰ ; কিন্তু সেই হেঁপাহ বহুদিন আগতেই হুমুনিয়াহত পৰিছেগৈ। আজি হঠাৎ মানসৰ এই চাৰপ্ৰাইজটো পাই তাইৰ এনেকুৱা লাগিছে তাইৰ যেন বহুদিনৰ সপোন দিঠক হ'বলৈ ধৰিছে । মাজত মাথোঁ এটা দিন । সকলো ঠিক ঠাক কৰিবলৈ লগতে ঘৰখনৰ কিছু কাম চিজিল লগাই থব লাগিব নহ'লে শাহুয়েকৰ বৰ অসুবিধা হ'ব।
চিলংলৈ যোৱাৰ দিনা ৰাতিপুৱা সোনকালে উঠি পুৱাৰ কিছু কাম কৰি দুয়ো ৰেডি হ'ল। গাড়ীখন আহি পোৱাত ঘৰৰ আটাইকে মাত লগাই গাড়ীত উঠিল দুয়ো ।
মিতালী আৰু মানস অকলে চিলং যোৱা বাবে জুৰি ভিতৰি ভিতৰি জ্বলি আছে । সৰু সৰু কথাত শাহুয়েকৰ লগত কাজিয়া কৰাৰ বাবে সুৰুঙা উলিয়াই থকা বাদে ঘৰখনৰ কৰিবলগীয়া কামত মনোযোগ নিদিয়াই হ'ল।
এদিন দুপৰীয়া বাৰ বাজি গ'ল জুৰিৰ পাকঘৰত যোৱাৰ কোনো নাম গোন্ধ নাই।
" বোৱাৰী কি কৰিছা তুমি?" শাহুয়েকে জুৰিক বোৱাৰী আৰু মিতালীক নাম কাঢ়ি মাতে। "ভাত ৰান্ধিব নালাগে নেকি? বেলি দুপৰ হ'ল এতিয়া!!" বুলি শাহুয়েকে ক'ব পালেহে উঠিলে নহয় টিঙিচকৈ জুৰিৰ খং "ৰাতিপুৱা চাহ জলপান খাইছেহে ভোক লাগিলে নে? বনাম নহয় ।"
"তোমাক কৈছো হে "
"মা আপুনি দেখা নাই নেকি ঘৰখন অকলে চম্ভালতে কিমান দিগদাৰি । ল'ৰা ছোৱালী হালক স্কুলত পঠোৱা খোৱা বোৱাৰ কাম কৰা এইবোৰ কৰি শেষ হয় মানে কিমান সময় লাগে!! মিনিটতে ভাত কেনেকৈ বনাম। মোৰ হিচাপ আছে নহয় । এদিন পলম হ'লে একো মহাভাৰত খন অশুদ্ধ নহয় । " শাহুয়েকৰ এটা কথাত হেজাৰটা কোৱা জুৰিৰ লগত বেছি আৰু কথাৰ কটাকটি নকৰি আঁতৰি গ'ল তেওঁ । মিতালীহঁত চিলংলৈ যোৱাৰ পৰাই শাহুয়েকক বৰকৈ অত্যাচাৰ কৰি থাকিলে। বেছি ভাগ সময় ল'ৰা ছোৱালী হালৰ লগত ব্যস্ত হৈ থাকিল । মাজে মাজে শাহুয়েকে নিজেই ভাত বনাবলৈ যায় । তাতে এখন মহাভাৰত । ৰবীনে অনা বস্তুবোৰ সৰহকৈ খৰচ কৰিলে লগায় আকৌ হুলস্থূল। সেয়ে ডাঙৰ বোৱাৰী অহাৰ পৰা পাকঘৰৰ কামবোৰ কৰিবলৈ বাদেই দিলে । শৰীৰৰ আমনিও বেছি হ'ল। আগতে ঘৰৰ বাকী কামবোৰৰ লগতে নিজৰ সকলোখিনি কাম কৰিছিল যদিও সৰু বোৱাৰী মিতালী অহাৰ পৰা শাহুয়েকক কোনো এটা কাম কৰিবলৈ নিদিয়ে । সময়মতে সকলো কাম কৰি যায় তাই অকলেই ।
দুদিন ঘৰত নাথাকতে কিমান যে আহুকাল । জুৰিৰ খেচখেচনিয়ে শাহুয়েকৰ অৱস্হা একেবাৰে সয্যৰ বাহিৰত ।
বাহিৰত গাড়ীৰ শব্দ পাই শাহুয়েকে লাহে লাহে খোজ কাঢ়ি ওলাই আহিল কাৰ গাড়ী নো চাবলৈ।
"মা আছে নে ভালে? কাইলৈ নেটৱৰ্কৰ ইমান প্ৰব্লেম দিলে ফোনত কথা পাতিব নোৱাৰিলো । আমি আহিলো মা" বুলি মিতালী শাহুয়েকৰ ভৰি চুই সেৱা জনাই শাহুয়েকৰ লগতে ঘৰত সোমাই আহিল ।
মানসে পিছে পিছে বেগবোৰ ড্ৰাইভাৰৰ সৈতে বাৰান্দাত থৈ এখন এখনকৈ ভিতৰলৈ নিলে। জুৰি পাকঘৰৰ পৰা আহি "আহিলা মানস "
" উম বৌ আহিলো "।
মিতালী জুৰিকো সেৱা জনালে।
" হ' ব দিয়া বহুত ফুৰিলা হয় নে? তোমাৰে ভাল এনেদৰে ঘৰ এৰি ঘূৰি ফুৰিব পৰা। আমাৰ আকৌ সেই ভাগ সুখ নাই। আমাক নো কোনে ফুৰাব নিব?" জুৰিয়ে কিছু অসন্তুষ্টিৰে কথাখিনি ক'লে যদিও মিতালী সেইবোৰত বৰ বেছি গুৰুত্ব নিদিলে । আহি পাইছেহে ভাগৰো লাগিছে কথা বঢ়াই থাকিব মন নাই তাইৰ "বাইদেউ আমি ফ্ৰেচ হৈ লও বাৰু।" বুলি কৈ নিজৰ ৰুমৰ ভিতৰলৈ গ'ল। মানসেও পিছে পিছে গ'ল। জুৰিৰ কথাত তাৰো মাত মাতিব মন যোৱা নাই। সি জানে জুৰি বোৱাৰী হৈ অহা দিনধৰি ফুৰা চকা নকৰাকৈ থকা নাই ককায়েক ৰবীনে নোৱাৰিলেও সি বহু ঠাইত ফুৰাবলৈ নিছে দুই ভতিজা ভতিজীক লৈ । সেইবোৰ বৌয়েক জুৰিয়ে পাহৰি গ'ল দুদিন মিতালীক লৈ ফুৰিবলৈ যাওতেই। তথাপি সি ও একো নক'লে ।
এনেকৈয়ে দিনবোৰ বাগৰিল। এতিয়া জুৰি অকল শাহুয়েকে নহয় মিতালীকো প্ৰায় সৰু সৰু কথাতে বেয়াকৈ কোৱা হ'ল।
সোমবাৰৰ দিন ৰাতিপুৱাৰ সময়খিনি বৰ খৰধৰ লাগি যায় মিতালীৰ । এফালে বাহী কাম, মানসৰ অফিচৰ যোৱা সময়ত খানাৰ যোগাৰ, টিফিন ৰেদি কৰা আনফালে ভতিজা ভতিজী দুয়োৰো স্কুল যোৱা সময় । মাকে সিহঁতক উলিয়াই দিয়াত ব্যস্ত । মিতালী পুৱাৰ কামবোৰ লৰালৰি কৰিব লাগে সেয়ে তাই সদায় সোনকালে উঠে।
"মিতা কি হ'ল আজি উঠিব মন যোৱা নাই নেকি? মিতা " মানসে মিতালীক মাতা স্বত্তেও মাত নিদিয়া বাবে তাইৰ গাত ধৰি জোকাৰি দিলে "কি হ'ল অ, আৰে তোমাৰ চোন গা খুব গৰম চাওঁ কপালখন" বুলি কোৱাত মিতালী একজাপ মাৰি কেইটা বাজিল কৈ উঠিব বিচৰাত তাই মানসৰ গাত ঢলি পৰিল। " মিতা, মিতা তোমাৰ কি হৈছে গা বেয়া নেকি । গাত জ্বৰ থকা যেন লাগিছে ইমান গৰম গাটো । চাও শুই দিয়া ভালকৈ । অকমান কিবা এটা খাই ডাক্তৰক দেখুৱাব নিম তোমাক । " "নাই নাই মই এইখিনি সময়ত শুই থাকিব নোৱাৰো মানস বহুত কাম আছে মোৰ। " দুৰ্বল শৰীৰটো লৈ কামৰ তাগিদাত তাই কেনেবাকৈ হ'লেও বাহী কাম কৰি গা ধুই পাকঘৰ সোমাব লাগে নহ'লে মানসৰ লগতে ল'ৰা ছোৱালী হালেও একো নোখোৱাকৈ স্কুল আৰু অফিচ যাব লাগিব ।
মানসৰ কথা নুশুনিলে যেন তেন কামত লাগিল । এফালে জুৰিৰ খং চুলিৰ আগ পালে মিতালীক ৰাতিপুৱা দেখা নাপায় । যেতিয়া পাকঘৰৰ কাম কৰিবলৈ তাই সোমাল
"ৰাতিপুৱা তুমি উঠিব নোৱাৰিলে আগতেই ক'ব লাগে মিতালী মই আৰু অলপ সোনকালে উঠিলোহেঁতেন। ল'ৰা ছোৱালী স্কুলত পঠাওতে কিমান দিগদাৰি সেয়া তোমালোকে কি বুজিবা।"
"বাইদেউ আপুনি এইবোৰ কি কৈছে? মই সদায় ৰাতিপুৱা উঠি কাম বন কৰোই। সকলোকে সময় মতে খোৱা বোৱাৰ যোগান ধৰো; আজি গা টো বেয়া বাবে সোনকালে উঠিব নোৱাৰিলো। "
" আগতে ক'লে ভাল হয়। মই মানুহজনী অকলে কেইফালে চাম? ৰুমৰ ভিতৰত সোমাই থাকিবলৈ কিবা এটা অজুহাতহে লাগে তোমাক। আজিকালি কোনোৱে এটা কাম নিজে নকৰে সকলোকে হাতত তুলি দিব লাগে । মানস এতিয়া বহু সলনি হ'ল তুমি অহাৰ পৰা। সকলোৰে মন জয় কৰা যাদু কৰিছা তুমি । এফালে বুঢ়ী জনী আছেই। সেইজনীৰ সকলো কাম মই কেনেকৈ অকলে কৰিম। ফুৰিবলৈ গ'লে গা বেয়া নহয় ঘৰতহে তোমাৰ গা বেয়া " জুৰিৰ কথাত মিতালীৰো মাত ওলাল "বাইদেউ আপুনি এইবোৰ কি কৈছে মই কাম কৰিবলৈ ভয় নকৰোঁ । কামৰ ভয়ত ৰুমতে সোমাই থকা বিধৰ মই নহয় । এদিন পলমকৈ উঠা বাবে আপুনি মোক ইমান কথা শুনালে।" এফালে জ্বৰ মূৰলৈকে উঠিছে আনফালে জুৰিৰ কথাবোৰে তাইক বৰ কষ্ট দিছে। পাকঘৰত চলি থকা দুই বোৱাৰীৰ কথাৰ কটাকটি ওচৰৰ ৰুমত থকা মানস আৰু শাহুয়েকে শুনি পাকঘৰলৈ আহিল "বোৱাৰী তুমি এদিন মিতালী কাম কৰিব নোৱৰাত ইমান কথা শুনালা; তুমি যে তাইৰ ওপৰতে তোমাৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি গোটেই ঘৰখন জাপি দি আহিছা সেইটো লক্ষ্য কৰিছা নে?" শাহুয়েকৰ কথাত জুৰিৰ খং আৰু এখোপ চৰা "আপুনি সদায় সৰু বোৱাৰীৰ ভাল টো দেখিব আপোনাকো যাদু কৰিছে নহয় । "
"মোক কোনেও যাদু কৰিব নালাগে মই তোমাৰ দৰে মুৰ্খ নহয়। মানুহ চিনি পোৱা জ্ঞান মোক দিছে ভগৱানে।"
ঘৰখনৰ হুলস্থূল কমিব ক'ত বাঢ়ি হে গ'ল। মানসে এইবোৰ কাজিয়া একেবাৰে ভাল নাপায়। শেষত উপায় নাপায় সি মিতালীৰ সৈতে অকলে থকাটো সিদ্ধান্ত ল'লে । সিহঁতৰ লগত মাকক নিব বুলি কোৱাত মাকে মানসৰ দেউতাকে কষ্ট কৰি সজোৱা ঘৰটোৰ পৰা এখোজো লৰচৰ নকৰে বুলি কৈ দিলে। "মোৰ ঘৰৰ পৰা মই ওলাই নাযাও গ'লে আন কোনোবাই যাওক।" মাকে জুৰিৰ ঘৰ সম্পত্তিৰ লোভ থকাটো ও ভালদৰে জানে । সেয়ে ঘৰ এৰি যাব বিচৰা নাই। দুই পুত্ৰৰ সমান ভাগ । এজনক উলিয়াই আনজনক গোটেই ভাগ দি মানসৰ ওপৰত মাকে অন্যায় কৰিব বিচৰা নাই ।
মিতালীৰ গা ভাল পোৱাৰ পাছত সিহঁত ভাড়াঘৰলৈ যাব ওলাল। বায়েক অনিমা আৰু ভিনিহিয়েক আহিল যোৱা দিনাখন। তেওঁলোকে মানসক বহুত বুজালে ঘৰ এৰি নাযাবলৈ কিন্তু মানসৰ সিদ্ধান্ত অটল । বহুদিনৰ মূৰত তাৰ চকু মেল খাই গ'ল সি আৰু অন্ধ হৈ থাকিব বিচৰা নাই । বৌয়েক জুৰিৰ আঁৰৰ চৰিত্ৰ বুজি পালে। এদিন জুৰিৰ বাবে মাকক সকলোৱে কটু কথা শুনাইছিল আজি সকলোৱে চিনি পালে জুৰিৰ আচল চৰিত্ৰ। সদায় অভিনয় কৰি কৰি আজি সকলোৰে আগত ধৰা পৰিল। যেতিয়া জুৰিৰ মনোকামনা বোৰ পূৰণ কৰিব নোৱাৰা হ'ল তেতিয়া তাই আৰু কাকো সন্মান দিব নোৱাৰা হ'ল।
"মা , বাইদেউ ভিনদেউ আমি আহো"। মিতালী মাত লগাই কান্দিব ধৰিলে ।
"যাব খুজিছা যোৱা মই বাধা নিদিও । মাথোঁ আহি থাকিবা দুয়ো । এইখন তোমালোকৰো ঘৰ। ইয়াত তোমালোকৰ অধিকাৰ আছে । "
"আহিম মা আমি আহি থাকিম। আপোনাৰ প্ৰতি আমাৰো দায়িত্ব আছে; সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰিম । আশীৰ্বাদ কৰিব মা, দায়িত্বৰ ক্ষেত্ৰত আমি যাতে পিচলি নপৰো।"
মিতালী আৰু মানস দুয়ো দুখৰ চকুলো মচি গাড়ীত বহিল। বায়েক ভিনিহিয়েকৰ লগতে মাকে বহুপৰ যুৰি গাড়ী যোৱা পথটোৰ পিনে চাই ৰ'ল।
"জুৰি আমি আহো দিয়া। মাৰ লগত ভালদৰে থাকিবা।" বায়েক অনিমাই ক'লে ।
"মই নো কি বেয়া কৈ থাকো আপোনাৰ মাৰা হে! মই মাক বেয়া কৈ ৰাখো যদি ভালদৰে ৰখাজনীৰ পিছে পিছে কিয় নগ'ল ।"
জুৰিৰ কথা শুনি শাহুয়েকে উত্তৰ দিলে " যাওঁ বুলি মইও যাব পাৰিলোঁ হয় ; কিন্তু মই নাযাও মই ইয়াত বেলেগ কৈ খাম। কাৰো বোজা নহওঁ
মিতালী বিয়া হৈ অহাৰ পৰা তাই গোটেই ঘৰখন সম্ভালি লৈছে। সদায় ইহঁতে ফুৰিবলৈ যায় তাই মোক এৰি ক'লৈকো নাযায় । ডাঙৰ বোৱাৰী ৰবীন নহ'লে মানসৰ লগতে ল'ৰা ছোৱালীকেইটা লৈ ফুৰিবলৈ যায় তাত তাই কোনো দিনেই একো কোৱা নাই। বিপদে আপদে মাকৰ ঘৰখনতো যাব নোৱাৰে । এইফালে আকৌ মানসক লৈ ফুৰাৰ চখৰ বাবে । ঘৰখনৰ আটাইকে হাতৰ মুঠিত ৰাখি মোক অকলশৰীয়া কৰিছিলে এইজনী। মানস আৰু দুই জোঁৱাইৰ লগত সকলোতে ঘূৰি ফুৰা স্বভাৱ আছেই। এতিয়া মই মিতালীক মুক্ত কৰি দিছো অকমান শান্তি লওক। মই লগত গ'লে মিতালী সদায় মোৰ লগত ব্যস্ত হৈ থাকিব । মই জানো মিতালীৰ চৰিত্ৰ বহুত ভাল । এইবোৰ চৰিত্ৰৰ আঁৰৰ চৰিত্ৰ তাইৰ নাই । " ******