Type Here to Get Search Results !

ভাবাৱেশ

 জীনামণি বৰগোহাঁই দুৱৰা



একান্ত ব্যক্তিগত ক্ষণত
ভাৱনাবোৰে বৰকৈ
লিৰিকি বিদাৰি আছিল।
খংতে ধমক দিলো
যা দূৰ হ মোৰ কাষৰ পৰা
কত গুণী-জ্ঞানী ব্যক্তি আছে
এই ধৰিত্ৰীত।
নিতৌ নতুন দিগন্ত উদ্ভাসিত
হৈছে সাহিত্যৰ জগতত ।
ঢাপলি মেল তেওঁলোকৰ মগজুলৈ।
নাই ভাৱনাবোৰো
আকোৰগোঁজ ।
সিহঁতে কাতৰভাৱে ক'লে,
আমাক তোমাৰ সৃষ্টিৰে
স্বকীয়তা প্ৰদান কৰা।
নালাগে হ'ব তুমি মহান কবি
নালাগে হ'ব গুণী-জ্ঞানী ।
তথাপি আমাক প্ৰকাশ হ'বলৈ
দিয়া তোমাৰ কলমৰ যোগেদি