Type Here to Get Search Results !

এটি সুন্দৰ জীৱনৰ বাবে কিছু কৰনীয়

 মালবিকা শৰ্মা, ভূৱনেশ্বৰ


“Some people look for a beautiful place. Others make a place BEAUTIFUL.” 
   - Hazrat Inayat Khan
    বৰ্তমান যুগত কেনেদৰে আমি আমাৰ দৈনন্দিন জীৱনটো সুন্দৰ ভাৱেৰে পৰিচালিত কৰিব পাৰো। কিভাৱে দু:চিন্তা আৰু নিৰাশাৰ চাপৰ পৰা মনটোক আতৰাই আনি ইতিবাচক শক্তিৰ দ্বাৰা ব্যস্ত হৈ থাকিব পাৰো। কিছুমান অনুপ্ৰেৰণামূলক কাম বা কৌশল আয়ত্ব কৰি আমি জীৱনধাৰাটো সহজ আৰু সুখপ্ৰদ কৰি তুলিব পাৰো। সৰু-ডাঙৰ নিৰ্বিশেষে সকলোৱে কৰিব পৰা ইয়াৰে কিছুমান সহজ-সৰল উপায় বা কৌশল~~
  ১) বাগান চৰ্চা- বাগান চৰ্চা বা গছ-গছনিৰ পৰিচৰ্য্যাৰ দ্বাৰা প্ৰকৃতিৰ লগত আমাৰ এক ধৰণৰ সংযোগৰ সৃষ্টি হয় আৰু ই  মনৰ সকাৰাত্মক অনুভূতিবোৰক জাগ্ৰত কৰি আমাক সুখী কৰিবলৈ সহায় কৰে।
২)পঢ়ন আৰু লিখন- নিয়মিত পঢ়াৰ দ্বাৰা জ্ঞান বৃদ্ধিৰ লগতে মস্তিষ্কৰ শক্তিও বৃদ্ধি হয় আৰু ই আমাৰ স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। সেইদৰে লেখাৰ মাজেৰে নিজৰ মনৰ চিন্তা, অনুভূতিবোৰক প্ৰকাশ কৰিলে মনটো পাতল হয় আৰু ভাল লাগে।
৩)ৰন্ধন-কাৰ্য্য- ৰন্ধন কাৰ্য্যৰ দ্বাৰা মানসিক চাপক আতৰোৱাৰ লগতে আত্ম-বিশ্বাস বঢ়াব পাৰি। বিভিন্ন ধৰনৰ উদ্ভাৱনী ধাৰণাৰ সৈতে ৰন্ধন-কাৰ্য্য মজাদাৰ আৰু শিহৰণকাৰী হ’ব পাৰে।
৪)শাৰীৰিক অনুশীলন- নিয়মিত ভাৱে কৰা শাৰীৰিক অনুশীলনৰ দ্বাৰা হতাশা, উদ্বেগৰ দৰে নেতিবাচক অনুভুতিবোৰ আতৰাব পাৰি আৰু ই স্বাস্থ্যৰ উন্নতিৰ লগতে সুনিদ্ৰাতো সহায় কৰে। ফিটনেচ পৰিকল্পনা কৰি সৰু সুৰা কিছুমান উপকৰণৰ জৰিয়তে ঘৰতে এই অনুশীলন কৰিব পাৰি।
৫)ধ্যান চৰ্চা আৰু যোগাসন- ধ্যানত বহা বা ধ্যান চৰ্চাৰ দ্বাৰা মনৰ স্থিৰতা বাঢ়ে আৰু আত্ম-সচেতনতা আহে। সেইদৰে যোগাসনৰ জৰিয়তে মানসিক তথা শাৰীৰিক চাপৰ প্ৰভাৱ হ্ৰাস কৰি শৰীৰ আৰু মনক সুস্থ ৰাখিব পাৰি।
৬)পৰিস্কাৰ আৰু সংগঠিত হৈ থকা- পৰিস্কাৰ কাৰ্য্যই আমাৰ মনৰ অৱস্থা উন্নত কৰাৰ লগতে মনৰ সন্তুষ্টি আনে। সংগঠিত হৈ থাকিলে শৃংখলাবদ্ধ ভাৱেৰে, সুন্দৰকৈ জীৱনটো আগবঢ়াই নিব পাৰি।
৭)সুখাদ্য আৰু  সুনিদ্ৰাৰ ওপৰত গুৰুত্ব দিয়ক।
৮)সৰু সুৰা শাৰীৰিক কৰ্মৰ দ্বাৰা দেহ আৰু মনক সক্ৰিয় ৰাখক।
 ৯)সকলোকে যিহেতু সন্তুষ্ট কৰাটো অসম্ভৱ, সেয়ে এই বৃথা চেষ্টা বন্ধ কৰক।
 ১০)কটুক্তি আৰু কুমন্ত্ৰনা কৰা ব্যক্তি সকলৰ পৰা আতৰত থাকক।
    এনে ধৰনৰ সৰু সৰু কিছুমান কাৰ্য্যৰ দ্বাৰা আমি আমাৰ পচন্দৰ জীৱন এটা নিৰ্বাহ কৰিব পাৰো।