গীতাঞ্জলি দেৱী
ফুৰ-ফুৰীয়া মিঠা গোন্ধ এটিৰে ৰাতিটো মাতাল হৈ পৰিছে
তেজৰ প্ৰবাহে-প্ৰবাহে উজাই আহিছে এক দুৰন্ত অনুৰাগ ।
মই নমৰোঁ বুলিও মৰোঁ তোমাৰ উশাহত ।
নৈ-দাপোনত জিলিকি ৰয় প্ৰতিপদৰ জোন । সোঁৱে-বাঁৱে আন্ধাৰবোৰে লাজ সামৰি সোধে -
কোন বাটে ? কোন বাটে আহে বাৰু ৰাজৰ্ষি ? এয়াই সেই সময়নে ?
নিৰ্জন অৰণ্যৰ গহনতা লুকুৱাই আলফুল-সুগন্ধি গা
কোনে সাৰে ৰয় ওৰে ৰাতি ?
কাৰ বিৰহৰ কাহিনী শুনি
উচুপি উঠে বন-কুঁৱৰী ?
পাঁজিসেৰীয়া আঙুলিৰে সৰি পৰা জোনাকী জেউতিৰে নমাই আনোনে সন্ধ্যা, ললিতা,কান্তা…
মই ফুল হৈ ফুলো নে তোমাৰ বাটত ?
এটি সুৰ হৈ ৰওঁ নে তোমাৰ কাষত ?
পথৰুৱা বুকুৰে এটি গীত বাগৰি
থমকি ৰয়হি আঁহতৰ জুৰণীয়া ছাঁত ।
মোৰ খোপাত এটি হাঁহি গুজি দিয়া
ছন্দ তুলি দিয়া মোৰ খামুচীয়া কঁকালৰ ভাঁজত ।
তেজে-তেজে বৈ আহক এজাক বৰদৈচিলা ।