Type Here to Get Search Results !

শ্ৰাই তুই(ক)

 মালবিকা শৰ্মা, ভূৱনেশ্বৰ


      নামটো তাইৰ শ্ৰাই তুই ( Srei tuik)। তাহাতৰ ভাষাত শ্ৰাই মানে ছোৱালী আৰু তুই মানে সৰু, অৰ্থাৎ সৰু ছোৱালী। সচাকৈ চেহেৰা দেখিলে কুড়িৰ দেওনাখন পাৰ হোৱা যেন নালাগেই। একেবাৰে খীণ- মীন সৰুফুটিয়া ছোৱালীজনী। অতি বিনীত আৰু মৃদুভাষী ছোৱালীজনী প্ৰথম দিনাই বৰ ভাল লাগিল। অলপ চলপ বুজিব পৰাকৈ ইংৰাজী ভাষাৰে কথা হোৱাত আমাৰ বাবে কথাৰ আদান-প্ৰদানো সহজ হৈ পৰিল। ঘৰৰ কাম কাজত সহায় কৰিবলৈ অহা শ্ৰাইক বিশেষ একো বুজাব লগীয়াই নহ’ল। আহিয়েই হাত ভৰি ধুই চিনাকী ঘৰৰ দৰে এক মুৰৰ পৰা কাম কৰাত লাগি গ’ল। 
    কাম্বডিয়াত চাকৰ/চাকৰণী শব্দৰ ব্যৱহাৰ একেবাৰেই নাই। ঘৰৰ কাম-বনত সহায়কাৰী সকলক হাউচ-কীপাৰ বুলি উল্লেখ কৰা হয়। শ্ৰাই গোটেই দিনটোৰ বাবে আমাৰ হাউচ-কীপাৰ হ’ল। ৰাতিপুৱাৰ পৰা আবেলিলৈ তাইৰ কাম। ঘৰৰ বাহিৰৰ কাম বনত সহায় কৰাৰ উপৰিও ৰান্ধা-বঢ়াতো সহায় কৰে। দুপৰীয়া ভাত খাই উঠাৰ পিছত তাইৰ বিশ্রামৰ সময়। সেই সময়ছোৱাত শ্ৰাইয়ে সদায় কাণত হেড-ফোন লৈ গাণ শুনা বা কাৰোবাৰ লগত কথা পতা দেখিছিলো। লাহে লাহে তাই নিজৰ পৰা আগ্ৰহ দেখুৱাই আমাৰ ৰন্ধন প্ৰণালী সুন্দৰভাৱে আয়ত্ব কৰি ললে। সুন্দৰ গোল গোল ৰুটি, আমি ভাল পোৱা তৰকাৰীও বনাবলৈ শিকিলে তাই। প্ৰথম প্ৰথম আহোতে নিজৰ খোৱা-বস্তু লগত লৈ আহিছিল যদিও পিছলৈ আমাৰ ঘৰৰ তালি তৰকাৰী বোৰ বৰ সোৱাদ পোৱা হ’ল তাই। মাজে মাজে সময় পালে শ্ৰাইয়ে নিজৰ ঘৰৰ মানুহবোৰকো আমাৰ ঘৰত বনাবলৈ শিকা ৰুটি-তৰকাৰী বনাই খোৱাইছিল।
     অইন চাকৰিয়াল মানুহৰ দৰেই হাউচ-কীপাৰ বোৰৰো ৰবিবাৰটো চুটিৰ দিন। পিছে কেতিয়াবা দৰকাৰ পৰিলে অতিৰিক্ত টকাৰ বিনিময়ত আহি সাহায্য কৰে তাই। ময়ো মাজে সময়ে বজাৰৰ পিনে ওলাই গ’লে তাইৰ লগতে যাও। লোকেল মানুহখিনিৰ কথা ভালদৰে বুজি নাপাও বাবে শ্ৰাইয়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা হ’ল। ঘৰতো সৰু লৰা-ছোৱালী হালৰ লগত খালী সময়ত কথা পাতা, সৰু সুৰা খেল-ধেমালি আদি কামবোৰৰ দ্বাৰা  তাই আমাৰ ঘৰৰ সদস্যাৰ দৰে হৈ পৰিল। তিনিটা বছৰ সুন্দৰ ভাৱেৰে পাৰ হ’ল। আজিকালি দুপৰীয়া বিশ্ৰামৰ সময়ছোৱাত শ্ৰাই কাৰোবাৰ লগত লগত বেছ আন্তৰিকতাৰে কথা পাতে, সৰু সৰু কথাতে বৰ ৰস পাই। এদিন কাম শেষ কৰি যাব ওলোৱাৰ সময়ত কাষলৈ আহি লাজ লাজ ভাৱেৰে ক’লে ঘৰৰ পৰা তাইলৈ লৰা থিক কৰিছে। শুনি ভালো লাগিল, অকনমান ভয়ো লাগিল কামটো এৰি দিয়ে বুলি। তাইক ক’লো কামলৈ অহা বন্ধ নকৰে যাতে, মৃদু হাঁহিৰে সন্মতি জনালে তাই।
     বিয়াৰ দিন থিক হোৱাত এসপ্তাহৰ চুটি ল’লে তাই। বিয়াৰ নামত আৰ্থিক ভাৱে সহায় কৰিলো শ্ৰাইক। থিক এসপ্তাহৰ মুৰত আগৰ দৰেই আহি কামত লাগিল তাই। কিছুদিন ভাল দৰেই গ’ল। লাহে লাহে সামান্য পৰিবৰ্তন অকনমান দেখা গ’ল। আগৰ দৰেই কামবোৰ ভালদৰে কৰিলেও মনটো যেন তাইৰ কৰবাত থাকে। এদিন শ্ৰাইয়ে ক’লে গিৰিয়েকৰ ঘৰখন কিছু দূৰত হোৱাত তাৰ পৰা কাম কৰিবলৈ আহিব অসুবিধা হৈছে। তাইক বুজালো অহা যোৱা খৰচ আমি দিম বুলি, মৃদু সন্মতি জনালে তাই। আৰু কিছুদিন গ’ল। এদিন ৰন্ধা কামত সহায় কৰি থকাৰ সময়ত তাই হাঁহি ক’লে শাহুয়েকে হেনো সপোন দেখিছে আইতাক হ’ল বুলি। বুজি পালো এইয়া কাম এৰাৰ আগ জাননি। মানসিক ভাৱেৰে কিছু প্ৰস্তুত হৈ ল’লো। কেতিয়াও কামত ক্ষতি নকৰা শ্ৰাই মাজে মাজে নহা হ’ল, জানিলো আৰু বুজাই লাভ নাই।এদিন নাহোত কি হ’ল বুলি শুধিব ফোন কৰোতে দেখিলো তাই ফোনটো বন্ধ কৰি থৈছে। এদিন, দুদিনকৈ কেইবাদিনো পাৰ হ’ল, শ্ৰাই আৰু নাহিল। সুধিবলৈকো উপাই নাই, ফোনটো বন্ধ কৰি থৈছে। কিছুদিন আমাৰ একেবাৰেই বেয়া লাগি আছিল একো নোকোৱাকৈ হঠাতে আহিবলৈ বন্ধ কৰাটো। পিছলৈ বুজি পাইছিলো আমাৰ ঘৰত পোৱা সা-সুবিধা তথা মৰমখিনিৰ বাবেই শ্ৰাইয়ে চিধাকৈ নাহো বুলি কব দিগদাৰ পাইছিল আৰু হয়তো সেয়েই এনে এটা পদক্ষেপ লৈছিল। কেইমাহ মানৰ পিছত তাইৰ নামটো ফেচবুকত বিচাৰি উলিৱাওতে ফেচবুকৰ প্ৰফাইল ফটোখনত এটি নৱজাত শিশুক কোলাত লৈ থকা দেখিলো। বুজি উঠিলো তাই কাম বন্ধ কৰাৰ প্ৰকৃত কাৰণ টো, মনেৰে শ্ৰাইলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।