Type Here to Get Search Results !

সম্পাদকীয়

      শিকাৰ আৰু জনাৰ সুযোগ


     বহু সময়ত মানুহৰ বিভিন্ন প্ৰকাৰ শিকাৰ আৰু জনাৰ সুযোগ আহে। মাথো এনে সুযোগ বোৰৰ কথা অৱগত হ'ব নোৱাৰি আমি এনে অজানিতে পোৱা সুযোগ পৰা উপকৃত হ'ব নোৱাৰো। মোৰ বাস্তৱ জীৱনলৈ কিছু সুযোগৰ কথা ইয়াত অৱগত কৰিব বিচাৰিছো।

     চাকৰি, পৰিয়ালৰ  যাৱতীয় কাম এটি সৰু ব্যৱসায়, মাজে মাজে সামাজিক কাম আৰু নিমন্ত্ৰণৰ মাজত ব্যস্ত হৈ থাকোতে ইচ্ছা থাকিলেও আজিৰ চছিয়েল মেডিয়াৰ ভাল গ্ৰুপৰ লেখা পঢ়া আৰু অন্যান্য হাতত পৰা গ্ৰন্থ সমূহ পঢ়িবলৈ সুবিধা নাপাও। মনত পঢ়াৰ প্ৰবল ইচ্ছা থাকিলেও পঢ়িবলৈ সময় মিলাব নোৱাৰো। কিন্তু তাৰ মাজতে  আজি তিনি বছৰ ধৰি এটা সুন্দৰ সুযোগ লাভ কৰিছো। সেই সুযোগ কণ মই 'সমলয়' ৰ সম্পাদক হিচাবে দায়িত্ব সম্পাদন কৰিবলৈ যাওতে আলোচনীৰ বাবে পাইছো। আমাৰ আলোচনী খনি বিভিন্ন লেখক-লেখিকাই আমাৰ ই-মেইলত পঠায়। এই লেখাবোৰ প্ৰতিটো মনোযোগ দি চাব লগা হয় সম্পাদকৰ বিশেষ দায়িত্বৰ বাবে। এনেদৰে প্ৰতি মাহত নতুন নতুন লেখা পঢ়িবলৈ সুযোগ পাও। পৰোক্ষ ভাৱে হলেই এই লেখা বোৰ ভালকৈ চোৱাৰ বা পঢ়াত মোৰ বহু খনি শিকাৰ সুযোগ আহে।
    আলোচনী খনিৰ লগতে একে নামত আমাৰ এটি ফেচবুকত গ্ৰুপ আছে । এই গ্ৰুপত নিয়মীয়াকৈ বিভিন্ন লেখনি সমৃদ্ধ পাষ্ট আহে। ইয়াৰ উপৰিও সপ্তাহৰ প্ৰতি সন্ধিয়া ৭,৩০ বজাত চিত্ৰশিল্প, প্ৰতিধ্বনি, প্ৰতিভা কিৰণ, সমলয় দাপোণ, সংস্কৃতিৰ পথাৰত, কবিতাৰ সন্ধিয়া আৰু গল্প সুবাস শিতান প্ৰচাৰ হয়। এই শিতানবোৰৰ লেখা সমূহৰ পৰা পঢ়াৰ বহুখিনি চাহিদা পূৰণ হৈ  শিকাৰ আৰু বহু নজনা কথা জনাৰ সুবিধা লাভ কৰিছো।

অৰুণ কোঁৱৰ 
সম্পাদক-সমলয়।