জগবন্ধু কলিতা
মোৰ নিৰামিষ বাগিছাত
ফুলি আছে পানীফুল এপাহ,
ৰং নাই গোন্ধ নাই
নাই কোনো মাদকতা
ফুলপাহত কাহানিও ভোমোৰা নপৰে
কেৱল ৰ'দে সেকে বৰষুণে বিন্ধে
এদিন মই চেলেকি চালো অকাৰণে
পানী পানী, নাই একো সোৱাদ
অথচ ভিতৰলৈ সোমাই গ'ল
পৰিতৃপ্তিৰ এটা তৰঙ্গ প্রবাহ
ঈষৎ হাঁহিৰে ফুলপাহে মাথো
কলে
প্রেমত পৰিলেহে বুজিবা
সুখৰ সংজ্ঞা সৌন্দর্যৰ পৰিভাষা
মনৰ চকুৰে চোৱাচোন
মইয়ে দেখোন তোমাৰ প্রিয়
ৰক্ত ৰঙী ফুলপাহ
উচাপখাই উঠিলো দুচকু মোহাৰি
সচাকৈ, এয়াচোন মোৰেই কলিজা।