Type Here to Get Search Results !

কাব্য সংকলন-- মন গাগৰিৰ ঢৌ

 আলোকপাত--সুৰভি বৰ পাত্ৰ গোহাঁই 


প্ৰিয় লেখিকা নবাব নাৰ্জ্জী ইছলামৰ "মন গাগৰিৰ ঢৌ" কাব্য সংকলন খন প্ৰথমৰ পৰা শেষলৈকে পঢ়িলো । এটা কবিতা  পঢ়ি দ্বিতীয়টো পঢ়িবলৈ মনটো উদ্গীৱ হৈ পৰে।
   কাব্য সংকলন খনৰ মাজলৈ যোৱাৰ আগতে লেখিকা গৰাকীৰ বিষয়ে কিছু কথা কোৱাৰ প্ৰয়োজনবোধ কৰিছো। নবাব নাৰ্জ্জী ইছলামৰ সৃষ্টিশীল মনৰ পৰিধি ব্যাপক। পেলনীয়া সামগ্ৰীৰ পৰা শব্দৰ ভৰাঁললৈ তেখেতৰ অৰিহণা অপৰিসীম। তেখেত এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেখেতৰ তথ্য সমৃদ্ধ প্ৰৱন্ধ, গল্প, কবিতা আদি জনসাধাৰণ, অগ্ৰদূত, এদিনৰ সংবাদ, প্ৰতিদিন, প্ৰিয় সখী, বৰ্ণালী, নন্দিনী আদিত প্ৰকাশ পাইছে। তেখেতৰ প্ৰথম ছপাগ্ৰন্থ "বন্ধ পখীৰ আৰ্তনাদ" (কবিতা সংকলন ২০০২)প্ৰকাশ পাইছে। পৰবৰ্তী চিন্তা "Art & craft" আৰু ব্যঞ্জন প্ৰকৰণৰ ওপৰত এক অগতানুগতিক পুথি প্ৰকাশ কৰা।
  "মন  গাগৰিৰ  ঢৌ" কাব্য সংকলন খন গীতাক্ষী প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছে প্ৰকাশ কৰিছে। বেটুপাত আৰু কলাংকন --আৰফা ৱালিয়া জাঁহা । পৰিকল্পনা আৰু আৰ্হিপাঠ আজিজুৰ ৰহমান হাজৰিকা । সুন্দৰ কাব্যসংকলন কবিৰ আইতাক স্বৰ্গীয় তেজীমাই বেগম আৰু শাহুমা ৰৌজমাইবেগমৰ নামত উচৰ্গা কৰিছে ।
    কাব্যসংকলন খনত মুঠ উনসত্তৰটা ভিন্ন অনুভৱৰ কবিতাৰে সমৃদ্ধ ।তেখেতৰ কবিতাত জীৱনবোধ, প্ৰকৃতি, মানৱপ্ৰেম, সামাজিক দায়বদ্ধতা আদি অতি সুন্দৰ আৰু সাৱলীল ভাৱে প্ৰকাশ কৰিছে। প্ৰতিটো কবিতাৰ কাব্যিক উপস্থাপন মন কৰিবলগীয়া। অভিজ্ঞতাপুষ্ট কবিৰ কাপেৰে নিগৰি অহা ভাৱৰাজী পাঠকৰ হৃদয়ৰ গভীৰতাৰে হৃদয়ংগম কৰিবলৈ পাঠকে মনোযোগ দিব লাগিব। উচ্চ মানৰ কাব্যিক অনুভৱৰ প্ৰকাশে কবিতাবোৰৰ মানদণ্ড প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। বোধগম্য হ'বৰ বাবে পাঠকক কবিতাবোৰ বাৰে বাৰে পঢ়িবলৈ সুযোগ দিছে ।
    কাব্য সংকলন খনৰ "বিহু চেৰা তাঁতৰ মাকো" পৃষ্ঠা নং ৬৯)কবিতাটিৰ যোগেদি এগৰাকী শিপিনীৰ মনত বিহু আৰু বিহুৱানৰ স্থান কিমান মানজনক সেইকথা সহজ সৰল কাব্যিক ব্যঞ্জনাৰে পৰিস্ফুট কৰি তুলিছে। শিপিনীৰ বাবে সময় যেন কম হৈছে, বহাগ আহিবই । মৰমৰ চেনাইক চেনেহৰ বিহুৱান দিবলৈ সময়ৰ যেন অভাৱ হৈছে, সেইয়া শিপিনীৰ অনুভৱ কবিৰ কাব্যিকতাত ধৰা  দিছে। বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিৰ বুকু ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছে। গছৰ ডালে ডালে  কুলি কেতেকীৰ সুমধুৰ সংগীতে মন মুখৰিত কৰিছে। কিন্তু  শিপিনীয়ে বিহুৰ যো-জা কৰাৰ লগতে তাঁতৰ শালত সময় দিব পৰা নাই। সেইবাৰ বহাগক অভিমান কৰি কৈছে, বহাগে আৰু অলপ অৱকাশ ল'ব নোৱাৰেনে? প্ৰতিবছৰে
ব' হাগ  আহে যায় । কথাতে কয় বোলে, "বিহু চেৰা শাল হেনো অমংগলীয়া। " সেইবাবেই সোনকালেই শেষ কৰিব  লাগিব তাঁতখন বৈ । সেইকথা কবিৰ অনুভৱৰ চিত্ৰপটত জিলিকি উঠিছে এইদৰে 
 ব'হাগ অকণমান অৱকাশ  ল'বিনে/কতবাৰ তই আহিছ গৈছ/আবিয়ৈৰ বিহু শুনিবিনে/সপোন যেন হাজাৰ প্ৰেমৰ বৰষুণত বুৰি/আমাৰ ফালেয়ো এবাৰ চাবিনে /তই অহাৰ বতৰা পালে/পলে পলে  কঁপে বুকু /ঘনে ঘনে সৰে মাকো । 
    সেইদৰে  "প্ৰকৃতিৰ বুকুতে" পৃষ্ঠা নং ৬৬)মানৱ সমাজলৈ বাৰ্তা প্ৰেৰণ কৰা এটা সুন্দৰ কবিতা  । 
প্ৰকৃতিৰ বুকুতে পাওঁ প্ৰেৰণাৰ প্ৰাণ /নালাগে নিবিচাৰোঁ 
নামৰ বাবে দাম। /সাগৰত যেতিয়া জোৱাৰ উঠে /
মৰা শামুক বালিত ভাহে /গভীৰ গোপন কক্ষতে থাকে/
মুকুতাৰে ভৰা শামুকৰ বক্ষ /হেঁপাহৰ কথা হ'ল /মৰা 
শামুকৰ খোলা মালা পিন্ধিমনে /জীয়া শামুকৰ মুকুতাৰে মালা পিন্ধিম। /গছ-বনৰ সেউজীয়াতে থাকে/আমাৰ উশাহ নিশাহ । 
  এইদৰেই প্ৰিয় কবিৰ প্ৰতিটো কবিতাই দিবলৈ সক্ষম হৈছে একো একোটা নিপোটল কবিতাৰ ভাবাৰ্থ। যাৰ অৰ্থত পাঠকে বিচাৰি পাব প্ৰকৃতিৰ বিষয়ে, জীৱনৰ বিষয়ে, মানুহৰ বিষয়ে, সমাজৰ বিষয়ে আৰু মানৱতাৰ বিষয়ে । আমি আশা কৰিম অনাগত দিনত কবিৰ কাপেৰে নিগৰি আহক নিত্য নতুন সৃষ্টি। নৱ সৃষ্টিৰ পৰশত জীপাল হৈ উঠক সাহিত্যৰ পথাৰ। এইয়াই শুভকামনা জনালো। সদৌশেষত অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থী।