Type Here to Get Search Results !

জৈৱবৈচিত্ৰ্যৰ ভঁড়াল অসমৰ বিলসমূহৰ ৰক্ষণাবেক্ষণ

 ধীৰেন শইকীয়া


সৰল অৰ্থত বিল তথা জলাশয়সমূহ হ'ল আৰ্দ্ৰভূমি (wetland)। ই  জৈৱ বৈচিত্ৰতাৰ প্ৰধান আধাৰ। সাধাৰণতে বিল হৈছে চাৰিওফালে স্থলভাগে আৱৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে বিলৰ সৃষ্টি হয়। চানডুবি বিলৰ সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত,মতাপুং মাগুৰী বিলৰ সৃষ্টি হৈছিল নিমখৰ পুঙ এটাৰ পৰা। বহুসময়ত নদীৰ পৰা ওলাই অহা সুঁতি বৈ আহিও বিলৰ ৰূপ লয়,কেতিয়াবা আকৌ পাহাৰৰ পৰা নামি অহা পানীভাগ দ পথাৰসদৃশ স্থানত জমা হৈও বিলৰ সৃষ্টি হোৱা দেখা যায়।

#বিলসমূহ  জৈৱবৈচিত্ৰ্যৰ ভঁড়াল#

জলাহভূমি বা বিলসমূহ জৈৱবৈচিত্ৰ্যৰ ভঁড়াল। ইয়াৰ নান্দনিক সৌন্দৰ্যও অতি মনোমোহা। প্ৰতি বছৰে এই বিলসমূহলৈ শীতৰ দিনত দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই আহে। চৰাইৰ কলৰৱত তেতিয়া মুখৰ হৈ থাকে বিলবোৰ।  বিলসমূহ জলজ উদ্ভিদ তথা জলজ প্ৰানীৰে উভৈনদী হৈ থাকে। সৰল অৰ্থত এই বিলবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সীমাহীন বৰঙণি যোগাই আহিছে। এই বিলসমূহে চুবুৰীয়া অঞ্চলসমূহৰ আৰ্থ সামাজিক দিশত মুখ্য ভূমিকা লৈ আহিছে। তদুপৰি, বিলৰ জলজ উদ্ভিদ প্লাৱক সমূহে বায়ুমণ্ডলত অক্সিজেন গেছ নিৰ্গমনৰ সমান্তৰালভাৱে পানীত হোৱা প্ৰদূষণ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই বিলসমূহ অসমৰ থলুৱা মাছৰো ভঁড়াল। লগতে মৎস উৎপাদনৰো কেন্দ্ৰস্থলী। বিলসমূহে কাষৰীয়া অঞ্চলৰ অতিৰিক্ত পানী ভাগ ধৰি ৰাখি বানপানীৰ পৰা সকাহ দিয়ে। কৃষি উৎপাদনতো বিলৰ অৰিহণা ভালেখিনি।  ইয়াৰোপৰি বিলৰ জৈৱ বৈচিত্ৰ্য আৰু নান্দনিক পৰিৱেশে পৰ্যটককো আকৰ্ষণ কৰি একোখন ঠাই পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিব পাৰে।অসমত আনুমানিক ৩৫১৩ খন বিল আছে।অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ৩৪, ১৩৭ হেক্টৰ। অসমৰ  প্ৰধান বিলসমূহ উৰপদ, কনৰা, কাপ্‌লা, কাছধৰা, কাণীবিল, কপৌৰৌৱা, কাৱৈমাৰী, কুকুৰমৰা, খামৰঙা, গৰজান, গৰৈমাৰী, ঘগা, চাতলা, চানডুবি, চলাচল, চিকন, চ'ৰা, জলেশ্বৰ, ডাকৰা, তামৰঙা, তাৰপৰা, ঋৰা, থাপানিৰ, দলনি, দিপৰ, দিপুল, দীঘল, দীঘলী, দীঘেলী, ধীৰ, নলঙা, বহুৱা, বৰবিল, বগীবিল, বৰদুৱা, বৰডুবি, বৰকুৰি, বঙলাবাৰী, ভকতি, ভীমপৰা, মেৰ, মনহা, মৰিকলং, ৰাতা, ৰৌমাৰী, লাই, লচঙা, শন, শৰঙা, সাতদলা আদি।দুখৰ কথা হ'ল আজি উচ্চশিক্ষিত আধুনিক যুগতো এই বিলসমূহৰ প্ৰয়োজনীয়তা নুবুজি কেৱল বিলসমূহ বেদখল কৰি এফালৰ পৰা পুতি তাত আবাসভূমি বা উদ্যোগ আদি স্থাপন কৰাহে দেখা গৈছে। এয়া নিঃসন্দেহে এটা নেতিবাচক কৰ্ম।কিয়নো ই জলজ প্ৰানী তথা তথা উদ্ভিদ উভয়ৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা বিষয়ত যোগাই অহা অৰিহণা আজি সকলোৱে জানিও নজনাৰ দৰে হৈছে। ফলত এজাক বৰষুণতে একোটা অঞ্চল সহজতে কৃত্ৰিম বানপানীত ডুবি থকা আমি দেখি আহিছো,একেদৰে বিলুপ্ত হৈছে থলুৱা মাছ-কাছ আদি।

*অসমৰ বিলসমূহৰ প্ৰকাৰ*
*****************
অসমৰ বিল সমূহক দুটা  ভাগত ভগাব পাৰি, এক নদীৰ লগত  সম্পৰ্ক থকা বিল আৰু দুই নদীৰ সৈতে সম্পৰ্ক ছিন্ন হোৱা বিল।নদীৰ লগত  সম্পৰ্ক থকা বিলবোৰক মুক্ত বা Open beel বোলা হয়। ইয়াত জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা যায়।নদীৰ সৈতে সম্পৰ্ক ছিন্ন হোৱা বিলবোৰক Closed বা বন্ধ জলাশয় বুলিব পাৰি।