জীনামণি বৰগোহাঁই দুৱৰা
তোমাৰ অবিহনে যে সখা
সৌন্দৰ্য্যৰ মাজতো নেদেখো
কোনো সুন্দৰতা।আৰু
তুমি থাকিলে এই
মৰুময় সিক্ত মৰুভূমিও হৈ
পৰে মোৰ স্বৰ্গৰ আৱাস।
বুকুৰ মাজৰ সেউজ বনত তোমাৰ প্ৰতিচ্ছবি অংকিত কৰি ৰাখিছিলো মই গোপনে ।
তুমি আহিছিলামোৰ জীৱনলৈ
অতি গোপনে,নিঃশব্দে---
মোৰ হৃদয়ে এদিন তোমাৰ
হৃদয়ক বুজি পালে।সেয়েহে
হৃদয়ত পুঞ্জীভূত প্ৰেম- ভাৱনা
উথলি উঠিল অতি গোপনে।
হৃদয়ে হৃদয়ক লগ পালে
মিলনৰ শঙ্খ বাজি উঠিলে।