অনামিকা বুঢ়াগোহাঁই ফুকন
শুৱনি আমাৰ গাঁৱ খন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল -মূল লাগে কত পাওঁ তল সৰা।
"গাঁও"যিটো শব্দৰ অৰ্থ বৰ্ণনা কৰি থাকিলেও শেষ কৰিব নোৱাৰি।গাঁৱৰ পৰিবেশ চালে চকুৰোৱা। যান্ত্ৰিকতাৰে ভৰপুৰ নগৰ-চহৰৰ পৰা সম্পূৰ্ণ এখন পৃথক প্ৰতিচ্ছবি গাঁৱৰ পৰিবেশত পোৱা যায়।অসমীয়া গাঁৱ কোনো নিৰ্দিষ্ট আচঁনি অনুযায়ী পতা নহয়।গাঁৱ স্থাপনত ঘাইকৈ স্থান নিৰ্বাচনৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়।ইয়াৰ বাবে ওখ বাৰি,মাটি, ৰাজ -আলিৰ কাষ, পুখুৰী, নৈ, নিজৰা আদিৰ পাৰ উপযুক্ত। বিশেষকৈ আগৰ দিনত যাতায়তৰ সুবিধা আছিল নদীয়েদি;সেয়েহে প্ৰায়বোৰ পুৰণি নগৰ, গাঁৱ নদীৰ পাৰত পতা হৈছিল।বাট-পথৰ সুচল হোৱাত আহোম যুগৰ পৰা আমাৰ দেশত গাঁৱবোৰ ঘাইকৈ ৰাজ-আলিৰ কাষত স্থাপন কৰাৰ ব্যৱস্থা কৰা হল।দীঘলকৈ আলিৰ কাষে কাষে গাঁৱ খন সচৰাচৰ বাঢ়ি যায়।সাধাৰণতে বহল ধাননি পথাৰ, নৈ, নিজৰা, পুখুৰী, হাবি ,বাহঁনিয়ে দুখন গাঁৱৰ মাজত ব্যৱধানৰ সৃষ্টি কৰে।প্ৰতিখন গাঁৱৰে এক ভৌগোলিক সীমাৰ বাহিৰেও সুকীয়া সুকীয়া নাম আছে আৰু এই নামবোৰৰ পৰা স্থান-বৈশিষ্ট, স্থান মাহাত্ম্য, প্ৰকৃতিৰ পৰিচয়, কোনো জাতিৰ প্ৰাধান্য আদি বুজিব পাৰি। এঘৰৰ পৰা আন ঘৰৰ মাজত যথেষ্ট ব্যৱধান ৰাখি চৌহদত নানা তৰহৰ লাগনি গছ-গছনি ৰোৱা হয়;প্ৰত্যেকৰ ঘৰৰ তামোল-পান,আম-কঠাল, কল,বাহঁনিয়ে বাৰী শুৱনি কৰি তোলে।গাঁৱৰ চাৰিওফালে ধাননি পথাৰ।এই পথাৰত গাঁৱৰ মানুহৰ খেতিৰ মাটি, এই উমৈহতীয়া পথাৰত সকলোৱে নিজৰ মাটি কেইডৰা উমানতে বিচাৰি উলিয়াব পাৰে। প্ৰত্যেক গাঁৱৰে জীৱনধাৰণৰ প্ৰণালী কিছু সুকীয়া ; অন্য গাঁৱৰ লগত সাধাৰণতে দূৰৈৰ গাঁৱৰ লগত কিছু অমিল।এই অমিল চাল-চলন,সাজ-পাৰ পিন্ধাই ৰীতি, খোৱা-বোৱা, উৎসৱ-অনুষ্ঠান , ক্ৰিয়া-কৌতুকত প্ৰকাশ পায়। কোনো কোনো ক্ষেত্ৰত মাত-কথা অৰ্থাৎ ভাষাৰো তাৰতম্য হয়।এই সাংস্কৃতিক পাৰ্থক্য বিশেষকৈ তিৰোতাসকলৰ মাজতহে দেখা যায়। প্ৰত্যেক গাঁৱেই সৰু সৰু কেইবাটাও ৰূপৰ একগোট বা সম্প্ৰদায় ; এই সম্প্ৰদায়ৰ প্ৰত্যেকৰে লগত প্ৰত্যেকৰ পৰিচয় । গাঁৱৰ মতা-তিৰোতা, ল'ৰা-ছোৱালীৰ মাজত গঢ়ি উঠা একতা-বোধৰ গুৰিত এই একেলগে ৰূপ খাই থকাই মূল কাৰন প্ৰাকৃতিক, সামাজিক আৰু ধাৰ্মিক কাৰণসমূহে এই ঐক্যবোধ দৃঢ়তৰ কৰি ৰাখিছে।
সাধাৰণতে একে গাঁৱতে ভিন ভিন জাতৰ লোকে বাস কৰে;অৱশ্যে প্ৰত্যেক জাতৰে বসতি অঞ্চল বেলেগ; এই সৰু সৰু অঞ্চল হৈছে চুবুৰী বা চুক,পাঁচ-দহ ঘৰ মানুহ গোট খালেই এটা চুবুৰী হয়।আৰু চুবুৰীত থকা সম্প্ৰদায়টোৰ নামেৰেই চুবুৰীটোৰ পৰিচয় । গাঁৱৰ বিভিন্ন জাত-উপজাতৰ মাজত উমৈহতীয়া খেল আছে; সমগ্ৰ্ গাঁৱৰ মুখিয়াল সকলেৰে গঠিত হোৱা খেলে পঞ্চায়তৰ দৰে কাম কৰে।গাঁৱৰ সমস্যা, বাদ-বিসম্বাদ ,নীতি নিয়মৰ এই খেলেই বিচাৰ কৰে।কোনো ব্যক্তি বা দলে কিবা দায়-জগৰ লগালে খেলে তেওঁলোকক শাস্তি বিহে। কেতিয়াবা সমাজচ্যুত বা এঘৰীয়া কৰে।খেলে মাৰ্জনা নকৰালৈকে এঘৰীয়াৰ লগত ইয়াক জুই পানী নিষেধ কৰি দিয়া হয়। গাঁৱৰ নামঘৰকে কেন্দ্ৰ কৰি খেলৰ মেল মিটিং বহে। গাঁৱৰ ঐক্যসাধনত নামঘৰৰদান অতুলনীয়।
গাঁৱৰ সকলোৱে লগ লাগি বিভিন্ন ধৰণৰ কাম সমূহ সমাপন কৰে আৰু এইদৰে লগলাগি অথবা দলবান্ধি কাম কৰাৰ ফলত গাঁৱৰ প্ৰত্যেকেই প্ৰত্যেকৰ ঘৰ ঘৰোৱাহক জানে । বয়সিয়াল সকলে প্ৰত্যেক পৰিয়ালৰে আঁতিগুৰি, বংশ, পুৰুষনামা জানে; কোন পৰিয়াল কোন যুগত গাঁৱলৈ আহিছিল তাৰো বুৰঞ্জী মনত ৰাখে।নকৈ আহি বসতি কৰা সকলতকৈ আদিৰে পৰা থকা পৰিয়ালৰ গাঁৱত মৰ্যাদা অধিক লৰাৰপৰা বুঢ়ালৈকে সকলোৱে নিজৰ গাঁওখন অঞ্চলেৰে ভাল পায় ।নিজৰ গাঁৱৰ গুণ যশ গৌৰৱ আৰু ওচৰৰ গাঁৱৰ বিৰূপ সমালোচনাৰ মাজেদি নিজৰ গাঁৱৰ প্ৰতি অকৃত্ৰিম প্ৰীতি প্ৰকাশ পায় । গাঁৱৰ ন পুৰনি সকলো বস্তুৰ প্ৰতি গভীৰ শ্ৰদ্ধা।কেচূৱা সন্তানৰ দৰে গাঁৱৰ প্ৰকৃতি তেওঁলোকৰ প্ৰিয়।