গীতাঞ্জলি দেৱী
সলাজ হাঁহি এটিৰে এইমাত্ৰ গুচি গ'ল চঞ্চল বৰষুণ এজাক ,
ধূসৰ বাটটোত এতিয়া ক্ষণে শুনো নূপূৰৰ ৰুণ-জুণ ।
নেমুফুলবোৰ ফুলিছে ।
চিৰাল ফটাদি ফাটিছে আঠীয়া কলৰ আগলি পাত ।
দুহাত মেলি শিমলুফুলে আকাশক যাঁচি দিয়া দেখো এপিয়লা মদিৰা ।
আ: কি আকণ্ঠ আকুতিৰে ৰৈ আছে আকাশখন ।
দ' কৈ জুমি চালোঁ নৈ যুৱলিলৈ ,
মেখেলাৰ পাতলি নিতিতা পানীলৈ ছটিয়াই দিলোঁ হেঙুলীয়া আবিৰ এমুঠি ।
নৈ দাপোনে সামৰি ৰাখিলে প্ৰেমময় নিটোল ছবিখনি ।