Type Here to Get Search Results !

ইতিহাসৰ পাতত আহোমৰ তৃতীয় ৰাজধানী মেটেকা

 দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )



     মেটেকা এক অতি প্ৰাচীন আৰু ইতিহাস প্ৰসিদ্ধ অঞ্চল ৷এটা সময়ত মেটেকাৰ সীমা বৰ বিশাল আৰু বিস্তৃত আছিল ৷পুবে বাঁহগড় ;পশ্চিমে  দিখৌ দিখৌ আৰু নামডাং মিলিত অঞ্জল ;উত্তৰে দিখৌ নদী আৰু নামদাং নদী ৷ইংৰাজ বুৰঞ্জীবিদ মি :ওৱেড চাহাবৰ মতে পুৰ্বে মেটেকা এক আহল বহল অঞ্চল আছিল আৰু পৰবৰ্তী সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰ স্হাপন কৰোঁতেই তাৰ সীমা একেই আছিল ৷সেই সময়ত ৰংপুৰ  নগৰ অসমতেই নহয় ভাৰততে জনাজাত আছিল ৷স্বৰ্গদেউ ৰুদ্ৰসিংহই মেটেকাৰ  টেঙাবাৰীত ৰংপুৰ নগৰ স্থাপন কৰাৰ পুৰ্বে মেটেকা অঞ্চলত  ৰাজনগৰ থকাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায় ৷লালুসোলা বৰফুকনৰ ঘৰ মেটেকাত আছিল আৰু তেওঁক মেটেকাতলীয়া বুঢ়াসোলা বৰফুকন বুলি জনা গৈছিল ৷এইজনা লালুসোলা বৰফুকনেই অসম বুৰঞ্জীপ্ৰসিদ্ধ লাচিত বৰ ফুকনৰ ককায়েক ৷এওঁৱেই মাত্ৰ ১৪বছৰীয়া চুলিক্ ফাক মেটেকাত  ৰজা পাতিছিল ৷উল্লেখযোগ্য যে চুলিক্ ফা ল’ৰা ৰজাই গড়গাঁৱত সিংহাসনত বহা নাছিল ৷মেটেকাৰ আলি কেঁকুৰিত অস্থায়ী নগৰ কৰি  ৰজা পতা হৈছিল ৷তাৰ পাছত লালুসোলা বৰফুকনে নিজৰ ঘৰৰ সন্মুখত গড় কৰি এখন নতুন নগৰ পাতিছিল ৷সেই নগৰ বৰ্তমানৰ হাতীখোঁকৰ বিপৰীতে আছিল আৰু এই নগৰৰ পৰাই জয়মতীক শাস্তিৰ নিৰ্দেশ দিছিল ৷হাতীখোঁকৰ মছজিদৰ কাষতে বৰফুকনৰ বাৰী ঘৰ আছিল ৷সাতসৰী বুৰঞ্জীত উল্লেখ আছে যে “; আলি কেঁকুৰিত বাহৰ সজাই দি সোলা ফুকনে আপোনৰ পুৰ্বনিবাহ ঘৰতে থাকিল ৷ পাছে দিহিঙ্গীয়া কাণ্ডীডেকা ;সোলাৰে বংশৰ অঁকা ;এই দুইক ফুকন পাতি কলিয়াবৰলৈ পঠালে ৷ৰাজাদেৱে বৰগোহাঁইক  বৰপ্ৰাত্ৰ গোহাঁইকে উজাই আনিবলৈ দিলে ৷দুয়োজনা ডাঙৰীয়া আহি ১৬০২ শকৰ ব’হাগত মেটেকাতে ৰাজাদেৱক লিখন কৰি সেৱা কৰিলেহি ""৷এই তথ্যই প্ৰমাণ কৰে যে ৰংপুৰ নগৰ হোৱাৰ পুৰ্বতে কম সময়ৰ বাবেও  হলেও মেটেকা আহোম ৰাজ্যৰ ৰাজধানী আছিল৷ৰাজাবাহাৰ হোবাৰ বাবেই মেটেকা অঞ্চলত বহুকেইজন ৰাজ বিষয়াৰ বসতি বাহৰ আছিল ৷আহোম স্বৰ্গদেউক কিবা খাদ্য খাবলৈ দিয়াৰ আগেয়ে এজন বিষয়াই খাদ্যৰ জুতি লৈছিল সোৱাদৰ সুস্বাদু ব্যঞ্জনৰ যাৰ নাম আছিল লাইমেকুৰী বৰুবা ;৷মেটেকাৰ লাই মেকুৰী গাওঁ আজিও ইতিহাসৰ সাক্ষী  হৈ আছে ৷ইয়াৰ উপৰিও আহোম বুৰঞ্জীৰ সংৰক্ষক চিৰিং ফুকন ;বৰবৰা ;ডেকাবৰা ;ভৰালী বৰুৱা ৰ ঘৰো আছিল মেটেকা অঞ্চলতে ৷১৬২১শকৰ (ইংৰাজী ১৬৯৯চন)স্বৰ্গদেউ ৰুদ্ৰসিংহই আঘোণ মাহৰ বাৰ (১২)দিন যোৱাত ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল ৷বুৰঞ্জীত উল্লেখ আছে যে ;স্বৰ্গদেউ ৰুদ্ৰসিংহই  গড়গাঁওত ৰাজধানী থকা অৱস্থাতে মেটেকা বাহৰৰ কাষত নগৰ পাতিবলৈ মনস্থ কৰি সেই উদ্দেশ্য ১৬২১শকৰ আঘোণ মাহৰ বাৰ তাৰিখে নগৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷অসম বুৰঞ্জীত উল্লেখ আছে যে ;="স্বৰ্গদেউ ৰুদ্ৰসিংহই মেটেকাত নগৰ স্থাপন কৰি তাকে চাই ৰংপাই নগৰ কৰি তাৰ নাম থলে ৰংপুৰ ৷""ল"ৰাৰজাৰ দিনত মেটেকাত লালুসোলা বৰফুকনে বাহৰ পাতি ৰাজকাৰ্য় চলাইছিল ৷ৰাজধানী নগৰখন ৰংপুৰনামেৰে বিখ্যাত হ’ল আৰু বাকী অংশ আজিও মেটেকা নামেৰেই পৰিচিত হৈ আছে ৷মৌজাটোৰ নাম মেটেকা বনগাঁও জনাজাত ৷ৰংপুৰ নগৰৰ পুৱে থকা পানী দুৱাৰেদি অলপ গলেই চিপাহী  গা গাঁও ;এই গাঁওৰ মাজেদি অহা আলিবাটটোৰ নাম কেন্দ্ুগুৰীয়া বৰপ্ৰাত্ৰ আলি ৷এই আলিটোৰ উত্তৰ মুৰত দুবৰিয়নী আলি আৰু দক্ষিণ মুৰত বৰ আলি বা গজপুৰীয়াআলি ৷মেটেকাৰ দুবৰিয়নী আলিৰ কাষতে তাহানিৰ দিনত চাংৰুং  ফুকনৰ ঘৰ বাৰী পুখুৰী মৈডাম আছিল ৷চিপাহী গাঁওৰ গাতে লাগি আছে জোলা গাঁও যাৰ অৰ্থ তাঁতী ৷এই গাঁও খনেই ৰজাঘৰত বস্ত্ৰৰ যোগান ধৰিছিল ৷এই বিশাল মেটেকা পথাৰৰ বুকুতেই থকা ন-পুৰণি গাঁও বোৰ হ’ল -- আমগুৰি গাঁও ;সুন্দৰপুৰ ;মেটেকা :শলগুৰীয়া গাঁও ;ৰাংচলীয়া ;কুৰুলাকটীয়া ;লাইমেকুৰী ;মাজ হালোৱা গাঁও ;পানীচকী ;ভকত গাঁও ;আৰু বৰআলিৰ কাষৰ বগীদ’ল ;বেজগাঁও ;ভৰালী গাঁও ;সন্দিকৈ গাঁও আদি গাঁওবোৰ আজিও সেই নামেৰেই বিখ্যাত ৷বৰ আলিৰ আন এটা নাম গজপুৰীয়া আলি ৷বগীদ’লৰ পুৰণি নাম আলি কেঁকুৰি স্বৰ্গদেউ লক্ষীসিংহৰ মাক বগী ৰাজমাওৰ নামত ১৭৯৫ চনত এটা পুখুৰী খন্দাই পাৰত দ’ল নিৰ্মাণ কৰাইছিল ৷কিন্ত দ’লটো নাই ভগ্নাৱশেষ আছে ৷(সহায় লৈ কৃতজ্ঞতাৰে বিশিষ্ট  কবি সাহিত্যিক প্ৰেমগগৈলৈ )আগলৈ