ড০শিখা বেজবৰুৱা গোস্বামী জুৰিপাৰ, গুৱাহাটী
প্ৰেমৰ লগত অভিমানৰ ওতঃপ্ৰোত সম্বন্ধ।এক কথাত অভিমান ভালপোৱাৰ আন এক নাম।এখন পত্ৰৰ বাবে ডাকোৱালজনলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা দিনবোৰত ভূপেনদাৰো আছিল হয়তো কোনোবা প্ৰেমিকা।পত্ৰেৰে যোগাযোগ ৰখা প্ৰেমিকাৰ সৈতে হয়তো কেতিয়াবা যোগাযোগ হেৰাই গৈছিল প্ৰেমিকৰূপী ড০ভূপেন হাজৰিকাৰ।তেনে এক উৎকণ্ঠাময় পৰিস্থিতিত গীতিকাৰ ভূপেন হাজৰিকাই অভিমানৰ ভাষাৰে লিখা গীতত পৰিস্ফুট হৈছিল প্ৰেমিকক প্ৰত্যাহ্বান কৰা এগৰাকী নাৰীৰ কথা-"তোমাৰ দেখো নাম পত্ৰলেখা..."।
"তোমাৰ দেখো নাম পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ'লা।
হয়তু মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই।"
এৰা!যাক ভাল লাগে, যাৰ প্ৰতি ভালপোৱা থাকে তেওঁৰ ওচৰতহে অভিমান কৰা যায়,পত্ৰৰ মাজেদিয়েই যন্ত্ৰণাসিক্ত ভালপোৱা প্ৰকাশ পায়।ভালপোৱাই যে মানুহক ইমান যন্ত্ৰণা দিব পাৰে সেয়া প্ৰেমত পৰাজনেহে বুজি পায়।
"হয়তু তুমি তোমাৰ মৰমবোৰ
থৈছা সাঁচি কাৰোবালৈ
গুপুতে বুকুতে
তাত মোৰ ভাগেই নাই
কিম্বা মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই..."।
প্ৰেমিকে অভিমানতে লিখিছে,হয়তো ভাৱিছে প্ৰেমিকা পত্ৰলেখাই তেওঁৰ প্ৰেম প্ৰত্যাখ্যান কৰি আন কাৰোবাৰ প্ৰেমত পৰিছে।আত্মসত্বা হেৰুওৱাৰ আশংকাত গীতিকাৰ বিমৰ্ষ হৈছে।
"বহু ঋতু পাৰ হৈ গ'ল
মোৰো মনৰ পত্ৰ বহু লিখা যে নহ'ল
মোৰ ক্ষমাও যে নাই
হয়তো সেয়ে তোমাৰ অভিমানৰ
পৰিধিও নাই...।"
বহু আকাংক্ষিত এখনি পত্ৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে প্ৰেমিকো অভিমানী হৈ পৰিছে।খুন্দা মাৰি ধৰা এবুকু বেদনা, মৰম,অনুভৱ আদি প্ৰকাশৰ একমাত্ৰ মাধ্যম চিঠিখনো লিখিবলৈ লৈও তেওঁ ৰৈ গৈছে।কাৰণ ইমান দিন পাৰ হৈ যোৱাৰ পিছতো পত্ৰলেখাৰ কোনো বতৰা অহা নাই!
"...মোৰ চিত্ৰ নাট গীত কবিতাত
বিচাৰিলে পাবা ছাগৈ পুৰণা ঠিকনা
তুমি বিচৰাহে নাই;
কিম্বা তোমাৰ ঠিকনা বিচৰাৰ
অৱকাশো নাই!"
নিশ্চিত ভাৱে লাহে লাহে বদলৈ হৈ গ'ল নেকি প্ৰিয়া!ইচ্ছা কৰিয়ে বিচৰা নাই প্ৰেমিকৰ পুৰণা ঠিকনা...!
"পত্ৰলেখা আজি যদি
মোৰ ঠিকনা সোঁধা
সমিধানত মৌনতাহে পাবা
কাৰণ মই এক জিৰণি বিহীন
বেদুইন হ'লো জীৱন-চাহাৰাত
ঠিকনা মোৰ নাই।"
অভিমানী প্ৰেমিকে গীতৰ মাধ্যমেৰে,পত্ৰৰ যোগেৰে প্ৰেমিকালৈ দিলে শেষ বিদায়।নতুনকৈ ঠিকনা দি পত্ৰলেখাক বিৰক্তি দিয়াৰ ইচ্ছা পৰিহাৰ কৰিলে তেওঁ।তেওঁ জীৱন মৰুভূমিত ঠিকনা হেৰুওৱা এক বিৰামহীন প্ৰেমিক চৰাই।তেওঁক আৰু নতুনকৈ ঠিকনা বিচৰাৰ কোনো প্ৰয়োজন নাই◆◆◆