Type Here to Get Search Results !

সম্পাদকীয়

 আজি



সময় বোৱঁতী নদীৰ দৰে চিৰপ্ৰৱাহমান। সেয়ে আজিৰ কৰণীয় খিনি যদি সময়ত কৰি যোৱা নহয় তেতিয়া হলে কালৰ বুকুত সেই সময় অতীত হৈ পৰে। অতীতৰ বুকুত বৰ্তমান গঢ় লয় আৰু বৰ্তমানৰ বুকুতেই ভৱিষ্যৎৰ সৃষ্টি হয়। আনহাতে অতীত অতীতেই কাৰণ বাস্তৱত আমি অতীতৰ পাৰ হৈ সময়ক  ঘুৰাই নাপাও। একেদৰে  ভৱিষ্যৎৰ পৰিকল্পনা আমি কৰো যদিও ইও অনিশ্চিত কাৰণ আমি ভবাৰ দৰে ভৱিষ্যৎৰ দিনবোৰ নহবও পাৰে। যি খিনিত মানুহৰ অধিক কতৃত্বৰে সজায় লব পৰা ক্ষমতা থাকে বৰ্তমানৰ সময়খিনি বা আজিক । 
   আজি বা বৰ্তমান সময়ক নিজৰ সৎ কৰ্ম আৰু ব্যৱহাৰিক সুপ্ৰয়োগ কৰো নিশ্চিত ৰূপে আনাগত কাইলৈ সুবাৰ্তা লৈ আমাৰ জীৱনলৈ আহিব।বহু সময়ত আমি আজি বাস্তৱ সময়ক অপচয় কৰো অপ্ৰয়োজনীয় কাম আৰু চিন্তাৰ মাজত। ফলশ্ৰুতিত অহা দিন বোৰত আশাহত হওঁ আমাৰ লক্ষ্যপ্ৰপ্তিত। তাৰে বিপৰীতে যদিহে হাতত পোৱা সময় খিনিক সকলো সময়তে যোগাত্মক চিন্তাৰে কামেৰে ধৰি ৰাখো তেতিয়া নিশ্চয় কাইলৈ আহিব ধৰা সকলোতে যোগাত্মক প্ৰভাৱ পৰিব । তাৰ লগেলগে আমাৰ জীৱনটো সহজ সৰল হৈ সাফল্য দিশেৰে গতি ল'ব।
   আহক সকলোৱে হাততে পোৱা আজিক সৎ কৰ্মৰে সজায় লওঁহক।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
৩/২/২০২১