Type Here to Get Search Results !

সম্প্ৰীতিৰ দ্বাৰা, সম্প্ৰীতিৰ হৈ, সম্প্ৰীতিৰ বাবে

 ফখৰুদ্দিন আহমেদ



জাতি, ধৰ্ম , বৰ্ন নিৰ্বিশেষে এখন দেশত সমিল মিলৰ মাজেৰে , একতাৰ ডোলেৰে , ঐক্যবদ্ধ ভাবে ,ঐক্যমত্য প্ৰদৰ্শনৰে সকলো নাগৰিকে বাস কৰি শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰাতো সাম্প্ৰতিক সময়ৰ বাবেই নহয় বৰঞ্চ অনাগত দিনবোৰতো সকলো নাগৰিকৰ বাবেই একান্তই বাঞ্চনীয়।আশ্বৰ্যকৰ বিষয় হ'ল এনে এটি সুখকৰ প্ৰতিচ্ছবি যেন অসম তথা ভাৰতৰ পৰা নোহোৱা হ'বলৈ গৈ আছে।ইয়াৰ কাৰন আমাৰ ৰাজ্য তথা দেশৰ প্ৰতিগৰাকী শান্তি পিয়াসী নাগৰিকৰ অনুমেয়।
        দেখা গৈছে যে  অসম তথা ভাৰতত কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ অঙ্কত ব্যস্ত এচাম ৰাজনৈতিক নেতাই শান্তি আৰু সম্প্ৰীতিৰ ৰম্যভুমি অসম তথা ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পোৱাত পৃষ্ঠপোষকতা কৰি আছে।এয়া অসম তথা দেশবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক বতৰা।
       অসম তথা ভাৰতত এনে বহুতো ধৰ্মীয় স্থান আছে যিবোৰলৈ জাতি , ধৰ্ম নিৰ্বিশেষে সৰ্বজন সমাদৃত।সেইবোৰৰ ভিতৰত আউলিয়া হজৰত মাইনুদ্দিন চিস্তী আজমীৰ দৰ্গাহ , আউলিয়া নিজামুদ্দিনৰ নিজামুদ্দিন দৰ্গাহ , তিৰুপতি মন্দিৰ ,কাশী , মথুৰা , বৃন্দাবন , হজৰত বাল দৰ্গাহ ইত্যাদি । এইবোৰ ধৰ্মীয় পীঠস্থানত সকলো ধৰ্মৰ মানুহে নিজৰ মনোকামনা পুৰনাৰ্থে উপস্থিত হৈ সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰে।
      অসমত সৰ্বজন সমাদৃত এনে তীৰ্থস্থান সমূহ হ'ল হাজোৰ হয়গ্ৰীব আৰু মাধব মন্দিৰ লগতে হাজোৰেই পোৱামক্কাত থকা আউলিয়া গিয়াচুদ্দিন চাহেবৰ দৰ্গাহ , গুৱাহাটীৰ নীলাচল পাহাৰত থকা মা কামাখ্যাৰ মন্দিৰ , ঋষি বৈশিষ্ঠৰ বশিষ্ঠাশ্ৰম , শিবসাগৰৰ আজান ফকিৰ চাহেবৰ দৰ্গাহ, দৰং জিলাৰ ছিপাঝাৰৰ খটৰা খত্ৰ  ইত্যাদি। ইয়াৰোপৰি একাধিক এনে স্থান আছে।
        অসম তথা ভাৰতত এনে বহু ঠাই আছে য'ত মন্দিৰ আৰু মছজিদ একেলগে স্থাপিত । যুগ যুগ ধৰি এনে ঠাইবোৰত উপাসনা কৰাকলৈ সুবিধা-অসুবিধাৰ খুত ধৰি সেই অঞ্চলৰ ৰাইজবোৰে কোনোদিনে আপত্তি উত্থাপন কৰা নাই । আমি নিজেই প্ৰয়োজনবশত মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ বিদিশা নামৰ ঠাইখিনিলৈ ইং ১৯৯৯ চনত যাবলৈ সুযোগ লাভ কৰিছিলো। তাত বহুতো মন্দিৰ,  মছজিদ আছিল। তাতেই দেখিছিলো যে একেটা চৌহদৰ ভিতৰতেই এটি মন্দিৰ আৰু এটি মছজিদ।মন্দিৰটোৰ নাম জ্যোতি মন্দিৰ আৰু মছজিদটোৰ নাম নুৰানী মছজিদ। অৰ্থ একেটাই।একেটা সমিতিয়েই পুৰোহিত আৰু ইমামক দা-দৰমহা দিয়ে আৰু দুয়োটা উপাসনালয় পৰিচালনাও কৰে। স্থানীয় লোকসকলে সকলো ধৰনৰ কথাৰ আলোচনাও একেলগে বহিয়েই কৰে।সৰ্বভাৰতীয় পৰ্যায়ত এয়া মাথো এটি উদাহৰনহে মাত্ৰ।বিচাৰিলে এনে অলেখ উদাহৰন পোৱা যাব।
        আমাৰ অসমৰ এনেধৰনৰ প্ৰতিচ্ছবি আলেখ আছে। দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ কৃষক বিদ্ৰোহৰ বাবে বিখ্যাত পাথৰিঘাটস্থিত ৰজা জয়পালে খন্দোৱা জয়পাল পুখুৰীৰ উত্তৰ পাৰে আছে এটি জুম্মা মছজিদ আৰু দক্ষিন পাৰে আছে এটি মন্দিৰ । মন্দিৰত যিদৰে নিতৌ দবা , শংখ তথা ঘন্টাৰ ধ্বনি বাজে , ঠিক একেদৰে নিতৌ পাছটা সময়ত পাছবাৰ আজানৰ লগতে নমাজ পঢ়া হয়। হিন্দু মুছলমান উভয়ে সেই পুখুৰীৰ পাৰতে একেলগে  বহি অঞ্চলটিৰ উন্নয়নৰ বাবেও আলোচনা বিলোচনা কৰে। সেই পাথৰিঘাটৰ ওচৰে পাজৰে আন আন গাঁৱৰ লগতে বিশেষ গাঁও আছে। এখনৰ নাম বিষ্ণুপুৰ আৰু আনখনৰ নাম হুছেইন চুবুৰী। মনকৰিবলগা কথাটো হ'ল বিষ্ণুপুৰত এঘৰো হিন্দু ধৰ্মৰ মানুহ নাই আৰু হুছেইন চুবুৰীত এঘৰো মুছলমান নাই। বিখ্যাত খটৰা খত্ৰত অনুষ্ঠিত ধৰ্মীয় উৎসব পাৰ্বনৰ পিছত যেতিয়া হিন্দু লোক সকল পৰিশ্ৰান্ত হৈ পৰে তেতিয়া স্থানীয় মুছলমান সকলে স্বেচ্ছামূলকভাবে খত্ৰৰ চৌহদ পৰিষ্কাৰ কৰি উজ্বলাই তোলে। অসমত মন্দিৰ নিৰ্মানৰ বাবে মুছলমানলোকে আৰু মছজিদ তথা ঈদগাহ নিৰ্মানৰ বাবে হিন্দুলোকে মাটি দান কৰাৰ নজিৰ আছে। এনে কিছুমান ঠাই আছে য'ত বহুতো হিন্দুলোকৰ স'তে দুই চাৰি ঘৰ মুছলমান লোক আৰু বহুতো মুছলমান লোকৰ মাজত দুই চাৰি ঘৰ হিন্দুলোকে যুগ যুগ ধৰি বসবাস কৰি আহিছে।কোনো সমস্যাৰ উদ্ভব হোৱা নাই আৰু ভবিষ্যতলৈয়ো নহয়।সেয়া সাংঘাটিকভাবে সত্য।
       এই সকলোবোৰৰ দ্বাৰা এটি কথাই প্ৰতিপন্ন হয় যে ৰাজনৈতিকভাবে মুনাফা লুটিবলৈ কিছু সংখ্যক ন্যস্ত স্বাৰ্থ জড়িতৰ কথাত উঠা বহা কৰা লোকে সাম্প্ৰতিক সময়ত আমাৰ অসম তথা ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প ছটিয়াই নিজৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ যি ফন্দী কৰিছে সেয়া কেতিয়াও পুৰন নহয়।
         সাম্প্ৰদায়িকতাবাদৰ দ্বাৰা ৰাজনৈতিক ভাবে উপকৃত হ'বলৈ বিচৰাটো ইংৰাজ সকলৰ " Divide and rule" নীতিৰ নামান্তৰ মাথোন ।ইয়াৰদ্বাৰা সাময়িকভাবে অস্থিৰতাৰ সৃষ্টি হ'লেও সাধাৰন নাগৰিকে নিজে নিজক সাবধান কৰি এনে কুটিলতাপ্ৰবন মনৰ লোকৰ পৰা নিজকে নিৰাপদ দুৰত্বত অবস্থান কৰিবলৈ সফল হ'বলৈ সমৰ্থতা লাভ কৰে।
         এই সমৰ্থতাই হ'ল অসম তথা ভাৰতৰ জন সাধাৰনৰ সম্প্ৰীতিৰ মূল চালিকা শক্তি।