Type Here to Get Search Results !

ৰাতি হ'লে কুঁৱলী নোশোৱে

 ৰেখাজ্যোতি বৰুৱা


 ৰাতি হ'লে কুঁৱলী নোশোৱে !

ঘৰৰ চাৰিওফালে তম্বু তৰি বাহৰ পাতে  ভিতৰত আটাইয়ে নিতাল মাৰে
হিম সাবতি গছৰ পাতবোৰো শুই পৰে
শীতল বতাহজাকৰ লগত
কুঁৱলীয়ে ফুচফুচাই কথা পতা দেখিলে
বাটৰ ঢেকুৰা কুকুৰ কেইটাও ওচৰ চাপি আহে ।

ৰাতি হ'লে কুঁৱলী নোশোৱে !
আকাশৰ জোন,তৰাবোৰেও
মেলত ভাগ ল'ব বিচাৰে
কিন্তু তম্বু পাৰ হ'ব নোৱাৰে
নিশাটো শেষ হ'লে ৰাতি পুৱাব
ৰাতি পুৱালেই বেলি আহিব
যিটো কুঁৱলীয়ে নিবিচাৰে
কাৰণ বেলিৰ পোহৰে দেহটো পুৰিব
চাটিফুটি কৰিব
আৰু লা-হে-লা-হে
লা-হে-লা-হে কুঁৱলী লয় যাব !!