Type Here to Get Search Results !

পৰিৱেশ সুৰক্ষাত বাঁহৰ চুঙাৰ জনপ্ৰিয়তা বৃদ্ধি

 ধীৰেন শইকীয়া


অসমীয়া সভ্যতা সংস্কৃতিত বাঁহৰ গুৰুত্ব অসীম।গীত মাত সকলোতে বাঁহৰ উল্লেখ দেখা যায়।জীৱবৈজ্ঞানিক শ্ৰেনীবিভাজন অনুসৰি বাঁহৰ
বৰ্গPoalesপৰিয়াল-Poaceae, গোত্ৰ: Bambuseae। অসমত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়। খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত ই অন্যতম।অতীজৰে পৰা দক্ষিন এছিয়াৰ দেশসমূহত বাঁহৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য যথেষ্ট। সাধাৰণতে  ইয়াক গৃহ নিৰ্মান, কাগজৰ মণ্ড তৈয়াৰ,ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্‍স আদি বিভিন্ন প্ৰকাৰৰ কামৰ লগতে শেহতীয়াভাৱে  সংৰক্ষনৰ আহিলা হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ লৈছে । অসমতো অতীতজৰে পৰা  নিমখ,চাউল,দাইল আদি ৰাখিবলৈ তথা দৈ গাখীৰ প্ৰস্তুত কিম্বা সৰবৰাহ কৰিবলৈ বাঁহৰ চুঙা ব্যৱহাৰ কৰা হৈছিল।বাঁহেৰে নিৰ্মিত ঘৰো যথেষ্ট বাতানুকুল বুলি প্ৰমানিত হোৱাত কেইবাখনো ৰাষ্ট্ৰই বাঁহেৰে ধনাঢ্য লোকেও ঘৰ নিৰ্মান কৰিব ধৰিছে।অসমত জাতি বাঁহ,মকল বাঁহ,ভলুকা বাঁহ,বিজুলি বাঁহ,কটা বাঁহ যথেষ্ট উৎপাদন হয়।আজিকালি বাঁহেৰে নিৰ্মিত ফাৰ্ণিচাৰৰো জনপ্ৰিয়তা যথেষ্ট বাঢ়িছে। NATIONAL BAMBOO MISSION এনে এটা সংগঠন যিয়ে ইয়াৰ বাঁহৰ সংৰক্ষন,ব্যৱসায় তথা কৃষিৰ লগত জড়িত হৈ আছে।  'Bamboo mission is the Mission envisages promoting holistic growth of bamboo sector by adopting area-based, regionally differentiated strategy and to increase the area under bamboo cultivation and marketing'
এই প্ৰবন্ধত বাঁহৰ চুঙাৰ দুটা সৰল ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰিম।

#বাঁহৰ চুঙাৰ পেকেটেৰে ছয়বিধ অৰ্গেনিক চাহৰ ৰপ্তানিৰে বিখ্যাত হোৱা যুৱকজন#

অচ্যুত প্ৰসাদ গগৈ। ক্ষুদ্ৰ চাহ ব্যৱসায়ী যোৰহাটৰ চেলেংহাটৰ অচ্যুত প্ৰসাদ গগৈ নামৰ এই যুৱকজনে আটকধুনীয়া পেকিঙেৰে বিদেশলৈ চাহ ৰপ্তানি কৰি জনপ্ৰিয় হৈছে। সম্পূৰ্ণ থলুৱা আৰু পৰম্পৰাগত পদ্ধতিৰে ক্ষুদ্ৰ চাহ ব্যৱসায়ীজনে অসমৰ থলুৱা বাঁহৰ চুঙাৰ পেকেটেৰে ছয়বিধ অৰ্গেনিক চাহৰ সম্ভাৰ ৰপ্তানিৰে জনপ্ৰিয়তা লাভ কৰিছে। ইতিমধ্যে ব্ৰাজিল, থাইলেণ্ড, ডুবাই, কানাডাত যথেষ্ট জনপ্ৰিয় হৈছে এই বাঁহৰ চুঙাৰ চাহকেইবিধ।ইন্টাৰনেচনেল টি এক্সপোলৈ চাহ লৈ যাওতে বহুকেইখন দেশে এই চাহ ভাল পোৱাত এই কামটো বহল ভিত্তিত কৰিবলৈ মন গ'ল আৰু তাৰেই ফলশ্ৰুতিত অচ্যুত প্ৰসাদ গগৈয়ে এই কামত আগবাঢ়িছে বুলিও জানিব পৰা গৈছে।

#বাঁহৰ চুঙাত ৰখা পানীৰে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ চেষ্টা চন্দন নাথ#

কাজিৰঙা কঁহৰা নিবাসী চন্দন নাথে তেওঁৰ নিজা সৃষ্টি বাঁহৰ চুঙাত খোৱা পানী  ৰাখি(বটলৰ দৰে)  পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ চেষ্টা কৰি আহিছে। এই কামেৰে তেওঁ The Indian Book's Of World Records ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈও সক্ষম হৈছে।উল্লেখ্য যে  প্লাষ্টিক বৰ্জনৰ আহ্বান দি অহা চন্দন নাথে থলুৱাভাৱে তৈয়াৰী বাঁহৰ চুঙাত এনেদৰে পানী থৈ প্লাষ্টিকৰ বিকল্পৰ লগতে পৰ্য্যটন ক্ষেত্ৰ তথা বনভোজ থলীত পানীৰ ব্যৱহাৰ কৰিলে পৰিবেশ ও পাৰিপাৰ্শ্বিকতা ৰক্ষা হব বুলিও সজাগতা আগবঢ়াই আহিছে। তেওঁৰ YouTube channel "Chandan Naturals" ত এই বিষয়ে তেওঁ বিতংককৈ উল্লেখো কৰিছে। পৰ্যটকসকলে কাজিৰঙা ভ্ৰমণৰ বাবে অাহিলে সহজতে কাজিৰঙাত প্লাষ্টিকৰ বিকল্প হিচাপে তেওঁৰ বাঁহৰ চুঙাত পানী দেখি আপ্লুত হৈছে।