Type Here to Get Search Results !

নাৰীৰ সাহস, পৰিশ্ৰম আৰু স্বাৱলম্বনৰ নিদৰ্শন শালিকীৰ কথাৰে

 দীপশিখা চলিহা



   বৰ্তমানতেই নহয় অতীততো নাৰী কোনোগুণেই কম নাছিল এইকথাৰ উদাহৰণ হ'ল গোলাঘাটৰ শালিকী নামৰ সাহসী তথা পৰিশ্ৰমী মহিলাগৰাকী।প্ৰাচীন অসমৰ চৰিত পুথি সমূহত এনে অলেখ নাৰী আছে, সেইসকলৰ ভিতৰত শংকৰদেৱৰ বুঢ়ী আই খেৰসুতী,কাপোৰ ধোৱা দাসী চন্দৰী,শংকৰদেৱৰ পত্নী কালিন্দী আই,গোপাল আতাৰ মাতৃ বজাংগী আই,গোপাল আতাৰ জীয়াৰী পদ্মপ্ৰিয়া আদিৰ নাম লব পাৰি।আনহাতে দেশপ্ৰেম আৰু স্বামীভক্তিৰে পুষ্ট সতী জয়মতী,কনকলতা আদিৰ কথাও উল্লেখযোগ্য।এইখিনিতে উল্লেখ কৰিব পাৰি ১৮ শতিকাতে জন্ম গ্ৰহণ কৰা আন এগৰাকী নাৰীৰ পৰিচয়।জনশ্ৰুতি মতে কাকডোঙা নদীৰ পাশ্বৱৰ্তী বচা দৈয়াঙৰ অন্তভুক্ত বৰ্তমান গোলাঘাট জিলাৰ দক্ষিণ পূৱ কোণত জন্ম গ্ৰহণ কৰা শালিকী নামৰ মহিলাগৰাকীয়ে ঘোঁৰা আৰু গৰুগাড়ী চলাই অঞ্চলটোত উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰত বিক্ৰি কৰি তাৰ পৰা নিমখ কেৰাচিন কাপোৰ আদি ক্ৰয় কৰি সেইবোৰ ৰাইজক যোগান ধৰিছিল আৰু তেওঁৰ ঘৰতে বজাৰ বহুৱাই জীৱন সূচল কৰিছিল।কেইজনমান সহযোগীৰ বাবে বজাৰখন ক্ৰমে ডাঙৰ হয়গৈ।প্ৰথমে তেওঁৰ এই বজাৰখন শালিকীৰ বজাৰ নামেৰে নামাকৰন হ'ল।পিছলৈ ই শালিকীহাট হ'ল।

     ব্ৰিটিছৰ শাসনৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰে এইগৰাকী উদ্যমী মহিলাৰ সাহসীকতাক সন্মান জনাই ঘৰ দূৱাৰ বনাই এখন পূৰ্ণ পৰ্যায়ৰ বজাৰ ৰূপে স্বীকৃতি দিলে।প্ৰথমে বজাৰৰ মাছুলো শালিকীয়েই সংগ্ৰহ কৰিছিল।আৰু লাহে লাহে এই বজাৰক কেন্দ্ৰ কৰি গোলাঘাট ৰাজহ চক্ৰকে সামৰি তেৰখন গাওঁ মিলি বৃহৎ শালিকীহাট হৈ পৰে।পিছলৈ শালিকীহাট উচ্চ মাধ্যমিক বিদ্যালয়,শালিকীহাট প্ৰাথমিক স্বাস্থ কেন্দ্ৰ,শালিকীহাট ডাকঘৰ আদি গঢ় লৈ উঠিল। স্বাৱলম্বী মহিলাৰ বাবে গোলাঘাটৰ জীয়ৰী শালিকী হৈ পৰিল এক যুগান্তৰ কাৰী ইতিহাস ৷আজিও অসমীয়া মহিলাৰ আদৰ্শহৈ গোলাঘাটৰ শালিকী হাট উজ্জ্বল হৈ অসমীয়া মহিলাৰ গৰিমাৰ বুৰঞ্জীত অসমীয়া মহিলাক স্বাৱলম্বিতাৰে জীয়াই থাকিবলৈ এক উদাহৰণ হৈ আছে ৷