Type Here to Get Search Results !

কাব্য সংকলনঃ--আত্মলাপ , কবিঃ---শ্যামলীমা বৰা ভূঞা

 পৰ্য্যালোচনা --সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া 


সুলেখিকা, কবি শ্ৰদ্ধেয়া   শ্যামলীমা বৰা ভূঞা "ৰ " আত্মলাপ " এখন সুন্দৰ  কাব্য সংকলন।  কাব্য সংকলন খনৰ ভিতৰলৈ যোৱাৰ আগতে  শ্ৰদ্ধাৰ  কবি শ্যামলীমা  বাইদেউৰ পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ।  যোৰহাট নগৰৰ সমীপৰ দিচৈ নগৰত তেথেতৰ জন্ম হৈছিল । পিতৃৰ নাম যতীন্দ্ৰ নাথ বৰা আৰু মাতৃৰ নাম  গিৰিজা দত্ত বৰা । অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ আৰু বি. এড. ডিগ্ৰীৰে অলংকৃতা  শ্যামলীমা বৰাই মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষপদত কৰ্মৰত ।  ২০২০ বৰ্ষত দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা, দিগদৰ্শন সাহিত্য সন্মানেৰে বিভূষিতা শ্যামলীমা বৰাই   দৈনিক জনমভূমি, দিগদৰ্শন আদিকৰি বিভিন্ন আলোচনীত তেখেতৰ লিখনিসমূহ  প্ৰকাশ কৰিছে। তাৰোপৰি যোৰহাট জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ মুখপত্ৰ  "শিক্ষাপ্ৰভা" দুবাৰকৈ  সম্পাদনা কৰি উলিয়ায়  । 
     "আত্মলাপ" দিগ্ দৰ্শন প্ৰকাশনে প্ৰস্তুত কৰি উলিওৱা কবি  শ্যামলীমা বৰা ভূঞাৰ কাব্য সংকলন খনত  দুকুৰীৰো অধিক কবিতাৰে সমৃদ্ধ । বেটুপাত অলংকৰণ  চিত্ৰশিল্পী জুলি  বৰুৱাৰ । কবিৰ এই প্ৰথমখন  কাব্য সংকলন খন তেখেতৰ শ্ৰদ্ধাৰ পিতৃ শ্ৰীযুত যতীন্দ্ৰ নাথ বৰা আৰু  মাক শ্ৰীযুতা গিৰিজা দত্ত বৰাৰ হাতত অৰ্পণ কৰিছে ।  তেখেতৰ  কবিতাত প্ৰেম, বিৰহ, জীৱনবোধ, মানৱতা, প্ৰকৃতি, সমাজ আদি প্ৰায়বোৰ বিষয়ৰ  কবিতাৰ পয়োভৰ দেখা পোৱা যায় কাব্য সংকলন খনত ।
  সহজ সৰল ভাষাশৈলী, প্ৰতিটো কবিতা উপস্থাপন, কাব্যিক অলংকাৰৰ সুপ্ৰয়োগ মন কৰিবলগীয়া । সদাসচেতন  কবিৰ নিপুণ হাতৰ পৰশত অনুভৱৰ কাপেৰে বৈ আহিছে কাব্যিক নিজৰা । যিয়ে পাঠকৰ মন পৰশি যাবলৈ সক্ষম হৈছে । প্ৰতিটো কবিতাৰ কাব্যিক অনুভুতি পাঠকৰ হৃদয়ৰ গভীৰতাৰে জুখি চালেহে  বোধগম্য হ'ব  পাৰিব। জটিলতা নাই যদিও উচ্চমানৰ  কাব্যিকতাৰ প্ৰয়োগে কবিৰ কবিতা বোৰে  পাঠকক বাৰে বাৰে পঢ়িবলৈ যেন সুযোগ দিছে ।  সাম্প্ৰতিক সময়ত বাস্তৱৰ প্ৰতিচ্ছবি পৰিস্ফুট কৰি তেখতৰ  কাব্য সংকলন খনৰ কবিতা, (ধূলি আৰু ধোঁৱাৰে ধূসৰিত পৃষ্ঠা । পৃষ্ঠা নং ১৬,১৭) কবিতাটোৰ যোগেদি এনে এখন বাস্তৱ চিত্ৰ অংকণ কৰিছে । যিখন ছবি আমাৰ চকুৰ আগত ভাঁহি  উঠে । সমস্যাৰে জৰ্জৰিত  দেশৰ সমস্যাৰ বাবে উঠি অহা নৱ প্ৰজন্মই নিজৰ ঘৰ এৰি যাব লগা হৈছে, অকালতে মৃত্যুক সাৱটিব লগা হৈছে। কত মাতৃৰ বুকু  উদং কৰিও বাট চাই আছে , সিহঁত ওলাই যোৱা বাটেৰেই এদিন ঘূৰি আহিব । কিন্তু বাস্তৱত সেইয়া হৈ নুঠে । নিষ্ঠুৰ বাস্তৱৰ দূৰ্বিসহ ছবিখন কবিৰ অনুভৱৰ ছন্দত গভীৰ বেদনাদায়কৰূপে অনুৰণিত হৈ উঠিছে  । সেই কথা তেখেতৰ অনুভৱৰ মাজতেই বিচাৰি পাঁও ।
"জলফাইৰঙী বৰণীয়া/পোছাকযোৰৰ আঁৰত/
বেলিটো লুকাল, /বেলিটো  খেদি ওলাই যোৱা  /সৰুকণলৈ বাট চাই /আঘোণী বুঢ়ীৰ আখলৰ/জুই এবাৰ 
জ্বলিল /এবাৰ নুমাল  । 
এইদৰেই কবিয়ে বাস্তৱৰ প্ৰতিচ্ছবি পৰিস্ফুট কৰি তুলিছে  তেখেতৰ কবিতা" ধূলি আৰু ধোঁৱাৰে ধুসৰিত পৃষ্ঠা যোগেদি  । 
     ঠিক তেনেদৰে কবিয়ে তেখেতৰ কাব্য সংকলনৰ " নষ্টালজিয়া " নামৰ কবিতাটোৰ (পৃষ্ঠা নং ২২) যোগেদি  এৰি অহা দিনৰ স্মৃতিৰে সজাই তুলিছে  অনুভৱৰ কৰণি।  শৈশৱৰ মধূৰ স্মৃতিৰে কবিৰ অনুভৱত ধৰা  দিছে সোণালী সপোন  হৈ  । জীৱনটো যিমানে আগবাঢ়ি গ'লেও  যিমানে জীৱন বাটত সুখ বুলিলেও শৈশৱৰ স্মৃতিয়ে কবিক আমনি কৰিছে  । সেইবাবেই কবিয়ে কৈছে, 
"কেতিয়াবা  পিছলৈ / ঘূৰি চাব মন যায়। /মই ঠিক সেইখিনিৰপৰা /ঘূৰি চালো দূৰলৈ, /মনৰ দুচকুত দেও
দিলেহি /ফুটফুটীয়া চোলা আৰু /আমলখিৰ চেকা /
বতাহে কোবাই যায় /সেউজীয়া বননি /পানীখোৱা ছুটীত /ঘৰলৈ উভতাৰ ল'ৰালৰি /সেইদৰে বতাহবোৰ 
ফাগুন  হ'ল । 
    সুন্দৰ কাব্যিক ব্যঞ্জনাৰে  সজাই তুলিছে কাব্যিকতাৰ চিত্ৰপট   ।  বাস্তৱৰ লগত সংগতি ৰাখি কবিয়ে উপস্থাপন কৰিছে "কৰ'ণা কালৰ সাধু" নামৰ কবিতাটোৰ যোগেদি।  (পৃষ্ঠা নং ৩৪) । মানুহ সামাজিক প্ৰাণী  ।  মানুহে সমাজ পাতি বাস কৰোতে  বহুতো ঘাত প্ৰতিঘাতৰ  মাজেৰে জীৱন অতিবাহিত কৰিব লগীয়া হয় । জীৱন যাত্ৰাত  মানুহে মানুহৰ উপকাৰো কৰে উপকাৰো হয় ।  মানুহৰ এই সমাজ ব্যৱস্থাত উচ্চ নীচ, ধনী দুখীয়া ইত্যাদি বোৰ মানুহেই সৃষ্টি কৰে । সাম্প্ৰতিক সময়ত মানৱীয়  গুণৰ অভাৱৰ বাবেই সমাজত বিশৃংখলতাৰ সৃষ্টি হয় ।  কিন্তু প্ৰাকৃতিক দূৰ্যোগ মহামাৰী আদিয়ে কোন উচ্চ  কোন নীচ, কোন ধনী, কোন দুখীয়া সেইয়া বিচাৰ নকৰে।  মহামাৰী ক'ৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰি উচ্চ নীচ, ধনী, দুখীয়া সেই বিভেদ নাইকিয়া কৰি ৰজাৰ পৰা দুখীয়া প্ৰজালৈকে  মাটিৰ দেহা মাটিত বিলীন কৰি গ'ল । সেইয়া যেন মানুহক বুজাই  গ'ল, বিভেদহীন জাত পাতৰ কথা ।  সেই কথা কাব্যিক চিত্ৰপটত পৰিস্ফুট হৈ উঠিছে । 
"তুমি উচ্চ, মই নীচ /তুমি ধনী মই দুখীয়া /অনেক বিভেদৰ
ভেটি /ভাঙি দিলা কৰ'ণা /ক্ষুদ্ৰাতিক্ষুদ্ৰ হৈও /মাটিত মিলাই দিলা /মানুহৰ অহমিকা   । আকৌ কবিয়ে কৈছে, 
হে  কৰ'ণা, /তুমি হাঁহি - হাঁহি সামাজ্য বঢ়ালা / বঙহৰ
মঙহ খোৱা মানুহৰ /এটাই মাথো শেষ ঠিকনা /এটি কবৰ
অথবা /চিতাৰ জুইৰ লেলিহান শিখা  । 
মোৰ ক্ষুদ্ৰ অনুভৱেৰে শ্যামলীমা বৰা বাইদেউৰ কাব্য সংকলনখনৰ আলোকপাত কৰিলোঁ । অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিলো শেষত কবিৰ নৱ সৃষ্টিৰে সাহিত্যৰ পথাৰ জীপাল হৈ উঠক তাকেই কামনা কৰি সামৰণি  মাৰিলোঁ।