Type Here to Get Search Results !

জ্যোতিপ্ৰসাদৰ জ্যোতি

 ধীৰেন শইকীয়া 


লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে জ্যোতিপ্ৰসাদক আধুনিক অসমৰ অগ্ৰনী ভাস্কৰ বুলি কোৱা হয়৷জ্যোতিপ্ৰসাদ আগৰৱালাক আজি আমি মাথো ৰূপকোঁৱৰ সজাইছো,
কিন্তু মনত ৰখা উচিত হব যে তেওঁ আছিল আধুনিক অসমৰ অগ্ৰনী বিপ্লৱী মনীষী, পিছে অসমৰ এচাম ভাববাদী পণ্ডিত সমাজে জ্যোতিপ্ৰসাদৰ 'বিপ্লৱী'সত্ত্বাটোক আৱদ্ধ কৰি যেন 'ৰূপকোঁৱৰ'ৰ  ৰূপটোহে ৰাইজৰ আগত প্ৰকাশ কৰিবলৈ উচপিচ কৰি আছে৷ উল্লেখ্য যে, তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনতেই ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল,পিছলৈ কৰ্ম সূত্ৰেই পৰিয়ালটো অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছিল ।

*গান্ধীজীৰ অহিংসা নীতিৰ প্ৰতি সততে বিশ্বাসী আছিল জ্যোতিপ্ৰসাদ*

জ্যোতিপ্ৰসাদে গান্ধীজীৰ অহিংসা নীতিৰে ব্ৰিটিছৰ অধীনৰ  পৰা ভাৰতবৰ্ষক স্বাধীন কৰা আৰু শান্তি-সম্প্ৰীতিৰে ভৰা নতুন সমাজ এখন গঢ়াৰ  সপোন দেখি স্বাধীনতা আন্দোলনত দেহেকেহে অংশগ্ৰহন কৰিছিল৷ পিছে এচামে তেওঁক সাম্যবাদী সজাই তেওঁৰ সত্বাটোক যেন ধুৱলী কুঁৱলী কৰি দিলে৷  শুদ্ধ গান্ধীবাদী হৈ থাকোতে তেওঁ অহিংসাৰ  সমৰ্থক আছিল যদিও কাহানিও হিংসাৰ পথটোলৈ যাবলৈ কাকো উৎসাহিত কৰা নাছিল৷ তথাপি কবই লাগিবঃ তেওঁ কৃষ্ণ আৰু  কালিৰ মহিমাক স্পষ্ট ভাষাত স্বীকাৰ কৰিছে ৷ তদুপৰি, জ্যোতিপ্ৰসাদে লাচিতৰ দেশপ্ৰেম, আত্মবলৰ লগতে জনতাৰ ঐক্যৱদ্ধ সংগ্ৰামৰ উপযোগিতাৰ কথাও কৈছিল ৷ বহুতে কৈছিলঃ বিশেষকৈ গান্ধীবাদৰ পৰা সাম্যবাদৰ ফালে ঢালখোৱা সময়খিনিত জ্যোতিপ্ৰসাদ হিংসা অহিংসাৰ মাজৰ কোনটো পথ লব সেই লৈ তীব্ৰ  অন্তৰ্দ্বন্দ্বত ভূগিছিল,পিছে আমি কম এয়া অপবাখ্যাহে ৷ 

*জাোতিৰ জাতীয় চেতনা আছিল বিশ্বমুখী,
জাতীয়তাবাদী হৈও মানৱতাবাদী আছিল*

জ্যোতিপ্ৰসাদৰ অসমীয়া জাতীয় চেতনা আছিল সুউচ্চ ৷  এই জাতীয় চেতনাক বিশ্বমুখী কৰাৰ হকে তেওঁ অহৰহ সংগ্ৰাম কৰিছিল ৷ তেওঁৰ জাতীয়তাবাদত সংকীৰ্ণতাৰ কোনো চিন-মোকাম মুঠেও নাই ৷ এক কথাত তেওঁ জাতীয়তাবাদী হৈও মানৱতাবাদী আছিল ৷ 

*জোতিপ্ৰসাদৰ দৃষ্টিত জনতাৰ মূল মন্ত্ৰ আজি কি হোৱা উচিত?*

জোতিপ্ৰসাদৰ দৃষ্টিত সৰ্বহাৰা অথবা পুঁজিপতি থাকিলে সমাজ কাহানিও সুন্দৰ নহয়,হ'ব নোৱাৰে।তেও কলা-সংস্কৃতিৰ মাজেৰে জনতাৰ মূল মন্ত্ৰ কি হ'ব লাগে কৈছে কবিতাৰে —
“আজি এক হোৱা, যত মানৱ সন্তান
একেলগে কথা কোৱা গোৱা একে গান।”
"সোমাল শত্ৰু তোৰ ভিতৰত
শত্ৰু আহিছে বেয়া বতৰত,
মণিকূট গৈ পোৱাৰ আগত
সমূলে নিপাত কৰ;
আপোনাৰ ঘৰ
ৰাখিবলে' তই
কালৰ মূৰ্ত্তি ধৰ;
কঠোৰ প্ৰতিজ্ঞা কৰ
অস্ত্ৰ-শস্ত্ৰ ধৰ
ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি
নিজৰ কৰ্ত্তব্য কৰ ৷" (জ্যোতি-শঙ্খ)

*জয়মতীৰ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণ*

জয়মতীৰ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে জ্যোতিপ্ৰসাদে তেওঁলোকৰ ভোলাগুৰি চাহ বাগিচাত 'এটা ষ্টুডিঅ' নিৰ্মাণ কৰি লয়। নাম ৰাখে,'চিত্ৰবন' ।  এই ষ্টুডিঅ' নিৰ্মাণত থলুৱা সামগ্ৰীৰে থলুৱা আৰ্হিৰ ঘৰ সাজি লয়। বাঁহৰ জাঁপি, পহু আৰু ম'হৰ শিং আৰু নগা যাঠীৰে জ্যোতিপ্ৰসাদে ষ্টুডিঅ'ৰ ভিতৰতে নিজৰ ধৰণেৰে আহোম স্বৰ্গদেৱৰ ৰাজচ'ৰা সাজি লৈছিল। চিত্ৰবনলৈ লাহোৰৰপৰা আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ সেইসময়ৰ আৱিষ্কাৰ 'ফৈজী ছাউণ্ড ছিষ্টেম' লৈ। কেমেৰা অানিছিল কলিকতাৰ 'মেহতা'ৰ পৰা। কলা কুশলী নিৰ্বাচনৰ পিছত ১৯৩৩ চনৰ ডিচেম্বৰ মাহত তেওৌলোক 'চিত্ৰবন'লৈ আহে। ছবিৰ ছুটিঙৰ কাম ১৯৩৪ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ কৰি  আগষ্ট মাহত শেষ হৈছিল। উল্লেখ্য যে জ্যোতিপ্ৰসাদে নিজেই জয়মতীৰ সম্পদনা কৰি ১৯৩৫ চনত ছবিখন মুক্তি দিছিল।

*শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ পৰিছিল জ্যোতিপ্ৰসাদৰ ওপৰত*

জ্যোতিপ্ৰসাদৰ শিল্পী প্ৰতিভাৰ বিকাশ আৰু  উত্তৰণত অসমীয়া জাতীয় জীৱনৰ  মহাপুৰুষশ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ ভালেখিনি সুস্পষ্ট ৷ জ্যোতিপ্ৰসাদে শ্ৰীমন্তশংকৰদেৱ গুৰুজনাক হাড়ে হিমজুৱে প্ৰকৃত শিল্পী, অসমীয়া  জাতীয় জীৱনৰ প্ৰাণ  বুলি সন্মান কৰিছিল৷ তেওঁ লিখিছিলঃ শংকৰ সূৰ্যক বাদ অসমীয়া সংস্কৃতিৰ চৰ্চাই অসম্ভৱ ৷ গুৰুজনাৰ শিকনি,অৱদান যুগে যুগে পুজনীয় হৈ থাকিব ৷
 
*জ্যোতিপ্ৰসাদে শিল্পী আৰু ৰাজনীতিবিদৰ 
কাৰ্যপন্থা বেলেগ হোৱাটো বিচাৰিছিল *

জ্যোতিপ্ৰসাদে শিল্পীসকল ৰাজনৈতিক, 
আশ্ৰয়ৰ পৰা মুক্ত আৰু নিৰপেক্ষ হোৱাৰ কথা কৈছিল,তেওঁ লিখিছিলঃ শিল্পীসকলে সকলোৰে মাজলৈ গৈ নিজকে অনাসক্তকৈ ৰাখি এটা নিৰপেক্ষ ভাৱে সকলোকে চাব পৰা  মনৰ অৱস্থালৈ আহিলে সংস্কৃতি বাচি থাকিব ৷তেতিয়াহে তেওঁলোক প্ৰকৃত শিল্পী হ'ব পাৰিব"৷ এইকথাৰে জ্যোতিপ্ৰসাদে  শিল্পী  আৰু ৰাজনীতিবিদৰ কাৰ্যপন্থা বেলেগ হোৱাটো যে বিচাৰিছিল ই সুস্পষ্ট ৷

*আঠচল্লিশ বছৰতে মৃত্যু হৈছিল*

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ আঠচল্লিশ বছৰ৷

*জ্যোতিপ্ৰসাদৰ অধ্যয়নজীৱন*

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰি ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ গৈছিল। কিন্তু তাত পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত তেওঁ উভতি আহে। উভতি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লৈ আহি জয়মতী নিৰ্মাণত ব্যস্ত হয়।

*জ্যোতিপ্ৰসাদে তিনিশমান গীত লিখিছিল*

জ্যোতিপ্ৰসাদে তিনিশ মান গীত ৰচনা কৰি নিজে সুৰ দি গাইছিল। সেইবোৰক বৰ্তমান জ্যোতিসংগীত বোলা হয়।এই গীতবোৰত অসমীয়া নতুন ধাৰাৰ প্ৰভাৱ সুস্পষ্ট।সুৰ আৰু অৰ্থবহ উচ্চ ভাবৰ লালিত্যৰে এইবোৰ গীত ৰঞ্জিত।

*তেওঁ আজিৰ ডেকা কেনেকুৱা হ'ব লাগে কৈছিল লভিতাত*

'লভিতা'ৰ মুখৰ এটি সংলাপে আজিও বহুতৰে মন মগজুত ৰেখাপাত কৰি যায়। বিখ্যাত নাটকখনত লভিতাৰ মুখত দিয়া সংলাপত আছিল—
‘যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম- কাৰণ, মূর্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে।’

*জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক*

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক শোনিত কুঁৱৰী ,কাৰেঙৰ লিগিৰী, লভিতা,ৰূপালীমনিমাতী কইনাখনিকৰ উচ্চখাপৰ নাটক বুলি যুগে যুগে প্ৰশংসিত হৈ আছে আৰু থাকিবও।
তেওঁৰ নাটকসমূহৰ প্ৰতিটো চৰিত্ৰই অৰ্থবহ,এই চৰিত্ৰসমূহৰ জৰিয়তে দেশপ্রেম, ৰাজনৈতিক মতাদর্শ, বিপ্লৱী চেতনা, সাধাৰণ জনতাৰ সুখ-দুখ, জীৱন পৰিক্ৰমাৰ আভাস, থলুৱা কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰিবলৈ এশ শতাংশই সমর্থ হৈছিল বাবেই যুগে যুগে এই নাটকসমূহৰ আলোচনা হব, অভিনয়ো হৈ থাকিব।