Type Here to Get Search Results !

সেমেকা স্মৃতিৰ সুবাস

 মালবিকা শৰ্মা, ভূৱনেশ্বৰ


মমবাতিৰ ধিমিক ধামাক পোহৰত মলয়ে ৰাধালৈ চালে। আগতকৈ বহুত খীনাইছে তাই, দেহৰ বান্ধনো ঢিলা হৈ পৰিছে। ইমান কম পোহৰতো তাইৰ কপালৰ বলিৰেখা সি স্পষ্টভাৱে দেখা পালে। সি বহা কাঠৰ চকীখনৰ আগত থোৱা সৰু টুলখনৰ ওপৰতে দুখন বিস্কুটৰ সৈতে চাহ একাপ দি ৰাধাই মলয়ৰ পিনে চাই ম্লান হাঁহি এটা মাৰি ক’লে- খোৱাচোন,বিস্কুটৰ বাহিৰে ঘৰত একো নাই। নাই,নাই, এয়াই যথেষ্ট বুলি সি চাহকাপ হাতত ল’লে। সি তোমাৰ চাহ কত বুলি সোধাত তাই ক’লে- চাহ খোৱাৰ অভ্যাস নোহোৱা হ’ল।
     কলেজত পঢ়াৰ সময়ত সিহতৰ গ্ৰুপত তায়েই আটাইতকৈ বেছি চাহ খাইছিল। গ্ৰুপটোৰ ভিতৰত আটাইতকৈ চটফটীয়া ছোৱালীজনিয়ে পঢ়া-শুনা কৰাতকৈ পৰোৎপকাৰ কৰিয়েই বেছি ভাল পাইছিল। কাৰ কি অসুবিধা হৈছে, কাক কি দৰকাৰ, এইবোৰৰ ওপৰতে তাইৰ দৃষ্টি আছিল। মলয় আৰু ববিতাৰ সান্নিধ্যৰ কাৰণো তাই। দুয়োৰে মাজত আৰম্ভ হোৱা আকৰ্ষণৰ কথা পোন প্ৰথমে ৰাধাই ধৰা পেলাইছিল আৰু তেতিয়াৰ পৰাই তাই দুয়োৰে যোগসূত্ৰ হিচাবে কাম কৰিছিল।
      পঢ়া-শুনাত ভাল নোহোৱা বাবে কলেজৰ পঢ়া সমাপ্ত নহওতেই ঘৰৰ মানুহে ৰাধাৰ বিয়াখন পাতি দিছিল। কোনো আপত্তি নকৰাকৈ হাঁহি মুখে ৰাধাই নতুন সংসাৰত পদাৰ্পন কৰিছিল। ইয়াৰ পিছত আৰু সিহতৰ মাজত দেখা তেনেকৈ হোৱা নাছিল। কলেজৰ পঢ়া শেষ হোৱাৰ পাছত ঘৰৰ অৰ্থনৈতিক অৱস্থা ভাল নোহোৱা বাবে মলয়ে উচ্চ শিক্ষা লোৱাৰ পৰিবৰ্তে অইন এখন চহৰলৈ গৈ চাকৰিত সোমাব লগীয়া হৈছিল। এটা সময়ত ববিতাৰো ঘৰৰ পচন্দমতে এক আঢ্যবন্ত পৰিয়ালৰ লৰা এজনলৈ বিবাহ সম্পন্ন হৈছিল। তাৰ পিছত আৰু কাৰো লগত কাৰো সম্পৰ্ক নাছিল।
     মাক-দেউতাক ঢুকোৱাৰ পিছত মলয়ে নিজৰ পৈত্ৰিক ঘৰলৈ খুৱ কমেই আহিছিল।আজি ইমান বছৰৰ মুৰত খুৰাকৰ ঘৰৰ অনুস্থান এটাত অহোতে হঠাতে তাৰ ৰাধাৰ কথা মনলৈ আহিছিল।খুৰাকৰ লৰাটোক সুধি সি জানিব পাৰিছিল ৰাধাৰ ঘৰৰ অৱস্থা একেবাৰেই ভাল নহয় বুলি। আজি তাইৰ ঘৰলৈ আহি ইমান পৰে তাইৰ লগত কথা পাতি তাইৰ দুৰৱস্থা ভালদৰেই সি অনুভৱ কৰিছিল।ৰাধাই তাৰ লগত পুৰণা বহুত কথা পাতিছিল। দুয়োৰে চকুৰ আগত কলেজৰ স্মৃতিবোৰ সজীৱ হৈ উঠিছিল। 
       ৰাধাই তালৈ চাই ক’লে- জানা, এইবাৰ ববিতাও মাকৰ ঘৰলৈ আহোতে মোক লগ ধৰিব আহিছিল। তাই তোমাৰ কথা বৰকৈ সুধিছিল।  কিন্তু তোমাৰ লগত একো যোগাযোগ নথকাত তোমাৰ বিষয়ে একো জনাব নোৱাৰিলো। মমবাতিৰ পোহৰলৈ লক্ষ্য কৰি মলয়ে ক’লে- পুৰণা কথাবোৰ পাহৰি আগবাঢ়িবৰ সময় হ’ল। আকৌ সেই ম্লান হাঁহিটো দি ৰাধাই ক’লে- মই কিন্তু সেই একেখিনিতে থাকি গ’লো, আগ বাঢ়িবই নোৱাৰিলো। কিছু দেৰী মনেমনে থাকি মলয়ে ক’লে- আহো দিয়া, বহুত দেৰী হ’ল। তোমাৰ শ্ৰীমানৰ লগত দেখাই নহ’ল। তললৈ চাই ৰাধাই ক’লে- মোৰো কমেই দেখা হয়। দোকান বন্ধ হোৱাৰ পাছত প্ৰায়েই বন্ধু কেইটাৰ লগত তাচ খেলি, আড্ডা মাৰি থাকে। কেতিয়াবাহে ঘৰৰ কথা মনত পৰিলে আহে।
      মলয়ক দুৱাৰ মুখলৈ আগবঢ়াই দি ৰাধাই সুধিলে- আকৌ কেতিয়া মানে আহিবা। মলয়ে হাঁহি উত্তৰ দিলে- আহিম কেতিয়াবা। আহিলে তোমাৰ লগত নিশ্চয় দেখা কৰিম।