Type Here to Get Search Results !

সমাজখনত বা পৃথিৱীখনত প্ৰত্যেকৰে প্ৰয়োজনীয়তা আছে

 অপূৰ্ব নাথ


  পৃথিৱীখন বহল।এই পৃথিৱীখনত মানুহ জন্ম গ্ৰহণ কৰোঁতেও অকলে জন্মগ্ৰহন কৰে আৰু মৃত্যু হওতেও মানুহে অকলে মৃত্যু বৰন কৰে। কিন্তু মানুহে জন্ম লাভ কৰাৰ পিছৰ পৰা মৃত্যু হোৱা পৰ্যন্ত মানুহক আনৰ প্ৰয়োজন হয় কৰবাত নহয় কৰবাত।
             যিমানেই যিমান দম্ভালি মাৰি নকওক কিয় সকলোকে কাৰোবাৰ প্ৰয়োজন হয় । শিশু সুলভ অৱস্থাত মানুহে পিতৃ-মাতৃ অথবা পৰিয়ালৰ আন সদস্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয় । ঠিক একেদৰে,মানুহৰ জীৱনৰ মাজৰ সময়ছোৱাতো মানুহক আনৰ প্ৰয়োজন হয় । কোনেও বুকু ডাঠি ক'ব নোৱাৰে যে, "মই অকলেই এই পৃথিৱীত জনম লৈছোঁ গতিকে অকলেই এই ইহসংসাৰৰ পৰা বিদায় লম,মোক কাৰো প্ৰয়োজন নাই।" পৃথিৱী খন সকলোৰে সহযোগিতাত চলি থাকে।
          ইয়াৰ উপৰিও মোৰ দৃষ্টি ভংগীৰে কও এই বহল পৃথিৱী খনত সকলোৰে প্ৰয়োজনীয়তা আছে। কোনো এজন ব্যক্তি এই পৃথিৱীখনৰ বাবে আৰ্বজনা নহয়,পেলনীয়া সামগ্ৰী নহয়। এই পৃথিৱীখনত আমি জনম লৈছোঁ যেতিয়া আমাৰ সকলোৰে নিজৰ মতে আগবাঢ়ি যোৱাত অধিকাৰ আছে ,এনেভাৱে যদি আমি প্ৰত্যেকেই আগবাঢ়ো তেন্তে আমাৰ বাবে কৰবাত নহয় কৰবাত নিদিষ্ট ঠাই ওলাব । আমি যদি সকলোৱে ভালদৰে মন কৰোঁ দেখিবলৈ পাম যে, এই সমাজখনত এজন অৰ্থনীতি বিদ  ৰ যিমান প্ৰয়োজন, এজন সৰু ব্যৱসায়ীৰো একেই প্ৰয়োজন। এই বিশাল বিশ্বখনত মানৱ সম্পদ গঢ়িবলৈ এজন শিক্ষকৰ যিদৰে প্ৰয়োজন, ঠিক একেদৰে মানৱক চিকিৎসা কৰিবৰ বাবে এগৰাকী চিকিৎসকৰো একেই প্ৰয়োজন। এই বিশ্বখনত ডাঙৰ কোম্পানী এটাৰ বিষয়া এজনৰ যেনেদৰে প্ৰয়োজন ঠিক একেদৰে গাওঁৰ হোজা খেতিয়ক এজনৰো একেই আৱশ্যক।মুঠৰ ওপৰত এই ধৰনীখনত প্ৰত্যেকৰে প্ৰয়োজন আছে।
            এই প্ৰসংগৰ লগত সংগতি ৰাখি এটি সৰু উদাহৰণ দিলে হয়টো বিষয়টো আৰু বেছি সৰল হৈ পৰিব যেন মোৰ ভাৱ হয় । আমি শৈক্ষিক জীৱনৰ প্ৰথম দেওনাখন অৰ্থাৎ মেট্টিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ওচৰৰ সমাজখনলৈ  যদি মন কৰোঁ তেতিয়াহলে দেখিবলৈ পাও সমাজৰ ব্যক্তিসকলে উত্তীৰ্ণ হোৱা ল'ৰা বা ছোৱালী জনীক বিজ্ঞান শাখাত নামভৰ্তি কৰাই দিবলৈ অভিভাৱকক পৰামৰ্শ দিয়ে । আন কোনোবাৰ মুখত হয়তো শুনিবলৈ পাওঁ ল'ৰাজনক বা ছোৱালী জনীক বাণিজ্য শাখাত নামভৰ্তি কৰোৱাই দিবলৈ মন্তব্য কৰে।
          ভূলতো সেই মন্তব্য বোৰৰ মাজত আপোনালোকে শুনিবলৈ নাপাব যে,লৰাজনক বা ছোৱালীজনীক নিজৰ ইচ্ছাকৃতভাৱে যিটো বিভাগত মন কৰে সেই বিভাগতেই/শাখাত নামভৰ্তি কৰিবলৈ দিয়ক বুলি অভিভাৱকক পৰামৰ্শ নিদিয়ে । তেতিয়া অন্ততঃ বেলেগ একো কৰিব নোৱাৰিলেও নিজে ভালপোৱা বিভাগত পঢ়ি সমাজত মানুহ হৈ থিয় দিব পাৰিব, সমাজ খনক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিব পাৰিব।
        ওপৰোক্ত কথাখিনি নোকোৱাৰ কাৰণ এটাই আজিৰ সমাজখনে চাকৰিৰ পিছত দৌৰিবলৈ ধৰিছে, সমাজৰ কিছুমান ব্যক্তিৰ মতে চাকৰি নহলে এই জীৱন মিছা, এই সংসাৰত চলি থকাটো অসম্ভৱ। হয়,এটি বৃত্তি অবিহনে জীৱন অতিবাহিত কৰাটো অসুবিধা কিন্তু, আমাৰ একমাত্র উদ্দেশ্য চাকৰি হোৱাটো ভূল ।
      সমাজ খনত বৰ্তমান আৰু এটি বিশেষ ধাৰণাই পোখা মেলিছে,সেই ধাৰণাটো হ'ল লৰা অথবা ছোৱালী এগৰাকীয়ে কেৱলমাত্ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিলেহে বা বাণিজ্য শাখাত নামভৰ্তি কৰিলেহে চৰকাৰী চাকৰি লাভ কৰিব পাৰিব বা ভবিষ্যত জীৱনটো সুখময় হ'ব ।
             কিন্তু এই পৃথিৱীখনত বা সমাজখনত কেৱল চিকিৎসক, অভিযন্ত্ৰা হলেই নহব অথবা বেংকৰ বিষয়া,অৰ্থনীতিবিদ হ'লেই নহব তাৰ সমপৰ্যায়ৰূপে এগৰাকী শিক্ষক, সফল ৰাজনীতিবিদ, ভাল প্ৰশাসনিক বিষয়া এগৰাকীও লাগিব।

      সমগ্ৰ বিশ্লেষণৰ অন্ততঃ স্পষ্টভাৱে কব পাৰোঁ যে,সমাজখনত সকলোৰে প্ৰয়োজনীয়তা আছে ।