গীতাঞ্জলি দেৱী
শীতৰ বাট কাটি কুহুমীয়া ৰ'দ যেতিয়া উজাই আহে দুহাতৰ তৃষাতুৰ আঙুলিয়েদি
ক্ষণিক্ নিৰীখি অলস হৈ পৰে মোৰ দুনয়ন আৰু
ওঁঠ চুমি ৰ' লাগি ৰয় এটি সুৰ , এটি ছন্দ ।
"উৰি আহ অ' মোৰ সোণৰ চৰাই
মেলি দে দুপাখি তোৰ ,
জকমকাই সৰি পৰক এচেৰেঙা কাঁচিয়লী ৰ'দ । "
ৰিণি-ৰিণিকৈ বাজি উঠা দেৱদাসীৰ নূপূৰ ধ্বনিত সাৰ পাই উঠিব লাজুকী অৰণ্য আৰু নদী ।
নৈ-যুঁৱলিত বহি বুকুত পিন্ধি ল'ম এটি বিমল হাঁহি
ছাঁ পালেই খহাই দিম নীলা আঁচল
তেজৰ প্ৰৱাহে-প্ৰৱাহে বৈ যাব তেতিয়া প্ৰেমৰ আদিম উশাহ ।
পলাশৰ শীৰ্ণ দুহাতত জুই ফুল ফুলোতেই তোমাৰ ওঁঠত গুজি দিম এটি হালধীয়া বাঁহী ।