Type Here to Get Search Results !

সাহস শক্তি আৰু স্বভিমানৰ নাম শীলা বৰঠাকুৰ

 


শিল্পপ্ৰাণ সাংস্কৃতিক মনৰ গৰাকী তথা  মহিয়ষী নাৰী ড° শীলা বৰঠাকুৰৰ এই গৰাকীৰ জন্ম হৈছিল ১৯৩৫ চনত  যোৰহাটত ৷ পিতৃ আছিল প্ৰয়াত নবীন চন্দ্ৰ শৰ্মা মাতৃ আছিল প্ৰিয়লতা দেৱী ৷ পিতৃ মাতৃ দুয়োজন আছিল শিল্পমনা স্বনামধন্য শিল্পী ৷ চাকৰি সুত্ৰে ঢাকাত কাৰ্য্য নিৰ্বাহ কৰা পৰিয়ালটোৰ শীলা বৰঠাকুৰ আছিল তৃতীয় কণ্যা সন্তান ৷ঢাকাৰ বিদ্যামন্দিৰ নামৰ শিক্ষানুষ্ঠানতে আৰম্ভ হৈছিল শীলা বৰঠাকুৰৰ শিক্ষা জীৱন ৷ঢাকাৰ পৰিবেশতে শীলা বৰঠাকুৰৰ সংগীত শিক্ষাও সমান্তৰালভাৱে আৰম্ভ হৈছিল ৷ মাতৃ প্ৰিয়লতা দেৱীৰ ৰবীন্দ্ৰ সংগীত প্ৰিয় মনতোক অনুসৰণ কৰিয়েই শীলা বৰঠাকুৰেও আৰম্ভ কৰিছিল ৰবীন্দ্ৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা ৷কিন্তু পিতৃ নবীন শৰ্মাই হঠাতে ঢাকাত স্বাধীনতা আন্দোলনৰ  উতপ্ত সময়ত পৰিয়াল লৈ  থকাটো নিৰাপদ নহয় বুলি 
বিবেচনা কৰিলে আৰু
যোৰহাটলৈ উভটি আহিব লগা হ’ল ৷ সন্তানৰ  শিক্ষা দিক্ষা আধৰুৱা হৈছিল যদিও যোৰহাটলৈ উভতি অহা শীলা বৰঠাকুৰক মোমায়েকে আকৌ যোৰহাটতে পঢ়াৰ সুবিধা কৰি বিদ্যালয়ত নাম লিখাই দিয়ে ৷ যোৰহাটৰ শিল্পপ্ৰাণ মহিলা দেৱবালা দেবী আৰু পুন্যলতা দাসৰ ওছৰত সত্ৰীয়া সংস্কৃতিৰ সাধনা আৰম্ভ কৰে যদিও আনুষ্ঠানিক ভাৱে মতিলাল দাসৰ ওছৰত সত্ৰীয়াৰ অনুশীলন শেষ কৰে ৷তাৰ পাছটো শীলা বৰঠাকুৰ ক্ষান্ত নাথাকিল ৷ "গীত বাদ্য নৃত্যম ত্ৰয়ম সংগীতম উচ্চ্যতে " সংগীতৰ প্ৰকৃত সংজ্ঞাক নিজৰ সম্পূৰ্ণ আয়ত্বলৈ আনিবলৈ বাদ্যৰ বিশাৰদ শিক্ষাৰ সম্পূৰ্ণ পাঠ্যক্ৰম শিকাৰ মনলৈ শীলা বৰঠাকুৰ পালেগৈ বেনাৰস ৷ তাৰ পৰাই বাদ্যবিশাৰদ ডিগ্ৰীলৈ  সন্মান সহকাৰে যোৰহাটলৈ উভটি আহিল ৷ যোৰহাট যদিও উজনী অসমৰ অন্যতম শিক্ষিত তথা সাংস্কৃতিক মানুহৰ বসতি প্ৰধান ঠাই ৷ আহোম ৰাজত্বৰ শেষৰ ৰাজধানী যোৰহাট নগৰত বৃটিছ সকলে চাহ গছলৈ সেণচকু পেলাই খোপনি পুতিছিল ৷ তাৰ আৰ্হিতে যোৰহাট নগৰৰ মাজ মজিয়া প্ৰায়বোৰ আধ্যৱন্তৰ পৰিয়ালত এক অন্য ইংৰাজী সুষমা আজিও বিৰাজ মান ৷ শীলা বৰঠাকুৰেও যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত যোৰহাটৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে৷যোৰহাটৰ শিল্পী ষড়ানন বৰঠাকুৰৰ পানি গ্ৰহন কৰি শীলা দেৱী শীলা বৰঠাকুৰলৈ পৰিবৰ্তন হৈছিল  ৷শিক্ষকতা কৰি থাকোতেই তেখেতে স্নাতকোত্তৰ দিগ্ৰী লাভ কৰি তেজপুৰৰ দৰং মহাবিদ্যালয়ত দৰ্শন বিভাগৰ বিষয় শিক্ষক ৰূপে যোগদান কৰে ৷তাৰ পাছটো শীলা বৰঠাকুৰ ক্ষান্ত নাথাকি  অসমৰ সামাজিক পৰিবৰ্তন(Social Change in Assam)
ওপৰত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে ৷এই গৰাকী সমাজ প্ৰেমী স্বনামধন্যা মহিয়ষী নাৰীলৈ সমাজসেৱাৰ স্বিকৃতি স্বৰূপে ২০০৮চনত আগবঢ়োৱা হয় ভাৰতৰ চতুৰ্থ বৃহৎ ৰাষ্ট্ৰীয়  পদ্মশ্ৰী সন্মান ৷
সেই সময়তে যোৰহাটৰ বহু ছোৱালীক একত্ৰিত কৰি শীলা বৰঠাকুৰে সাংগীতিক শিক্ষা আৰম্ভ কৰিলে ৷ লগতেই আগবাঢ়িল শীলা বৰঠাকুৰৰ সমাজমুখী মন ৷শিক্ষা সাহিত্যৰে মহিলা সকলক শিক্ষিত আৰু শক্তিশালী কৰাৰ মনেৰে তেখেতৰ উদ্যোগত ১৯৭৪গঠন কৰিলে সদৌ অসম লেখিকা সমাৰোহৰ ৷১৯৭৪ ৰ পৰা ১৯৭৬ লৈ ১৯৯০ ৰ পৰা ১৯৯২লৈ আৰু ১৯ ৯৩ ৰ পৰা ১৯৯৪লৈ একেৰাহে তিনিটা কাৰ্য্যকাল তেখেত অসম লেখিকা সমাৰোহৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷১৯৭৬ চনৰ পৰা ১৯৯০চনলৈ তেখেতে সদৌ অসম লেখিকা সমাৰোহৰ সম্পাদিকাৰ পদো অলংকৃত কৰি আছিল ৷ এগৰাকী ক্ষণজন্মা মহিলা আৰু ৰণুৱা ঘোঁৰাৰ দৰে এটা ধুমুহা বিজয়ী মনৰ গৰাকী আছিল তেওঁ ৷ একাগ্ৰতা ধৈৰ্য্য আৰু সাহসেৰে মহিলাই কেনেকৈ বিশ্ব বিজয় কৰিব পাৰে তাৰেই জলন্ত নিদৰ্শন হ’ল ড° শীলা বৰঠাকুৰ ৷
প্ৰাপ্ত বয়স্ক যি সকল মহিলাই ঘৰুৱা দায়িত্বৰ পঢ়াশুনা আধাতে এৰি দিব লগা হৈছিল সেই সকলৰ বাবে তেখেতে শিক্ষা দানৰ বাবে অনেক কাৰ্য্যসূচী গ্ৰহন কৰি মহিলাৰ শৈক্ষিক উন্নয়নৰ বাবে অগ্ৰনি ভূমিকা গ্ৰহন কৰিছিল ৷
তেখেতে বহু কেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগতে নিজা ববিয়াকৈ ৰছনা কৰা  প্ৰৱন্ধ সংকলন হ’ল দৃষ্টি আৰু দৃষ্টান্ত ,লেখৰক সৃষ্টিত নাৰী ,সংস্কৃতিৰ সন্ধানত আৰু স্বাৰস্বত ৷
গল্প পুথি হ’ল অন্তৰা অণন্য আৰু আইতালৈ চিঠি ৷
ভ্ৰমন কাহিনী হ’ল ,আপ্লান্টা আৰু ভ্ৰমন বিঠিকা ৷
তাৰ উপৰিও সম্পাদিত গ্ৰন্থ সমুহ হ’ল "লেখিকাৰ জীৱনৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড ,লেখিকাৰ জীৱনৰ তেৰটা অংক,কাব্য ভাৰতী ধৰ্মেশ্বৰী বৰুৱাণীৰ ৰছনাসম্ভাৰ  ,নলীনি বালা দেৱীৰ ৰচনাসম্ভাৰ ,মহাশ্বেতা আদি  গ্ৰন্থ সম্পাদনাৰে  অসমীয়া সাহিত্যৰ ভঁৰাললৈ বহুমূলীয়া অৱদান আগবঢ়াই যায় ৷
শীলা বৰঠাকুৰ আছিল সাহিত্য সংস্কৃতিৰ এটা স্বকীয় অনুষ্ঠান ,শিক্ষাৰ এটা যুগমীয়া ভোঁটা ,সাহস তথা সমাজ সংস্কাৰৰ এটা মচিব নোৱাৰা অধ্যায় ৷অসমীয়া মহিলা সেই গৰাকী মহিয়ষী নাৰীৰ মহিমাৰে মহিমামণ্ডিত হওক অসমত জিলিকি থাকক আইদেউৰ জোনাকী বাট চিৰকাললৈ ৷ দুখৰ কথাটো হ'লমহিয়ষী নাৰী শীলা বৰঠাকুৰ চৌৰাশী বছৰ  2020 বৰ্ষৰ একৈশ জুনত ইহলীলা সম্বৰণ কৰে৷তেওঁৰ বিষয়ে ইন্টাৰনেটৰ গুগলত আছে বহুখিনি তথ্য৷