জ্যোস্না শইকীয়া
আকাশখান লাগ পাৱাৰ হুতাহত
সোময়ৰ কোলাত
মানুহগিলাক হামখুৰীখাই পৰবা ধ্চ্ছি
ৰবালেগি সোময় নাই
চাবালেগি কাৰো হাতত সোময় নাই !
তোৰ আৰু মোৰ মাঝত যেদি কথাই নাতখেই
কাষৰপেজিয়া বুলি কিয়ানো কওঁৱেই ?
আইলাপচু
মুখখান ঘুৰেলিয়েই যেদি কথাগিলাক সলেনি হৌৱেই
পেটটো কিয়ানো ফুলেই থওঁ ?
আজি কালি ক'লজাখানত লাগা
কথাগিলাকে সলেনি নকৰেই মন
হাজাৰ হ'লিও
দুইটকীয়া আঁচনিখান মইওঁ
লাগ পাওঁ !
লাগিলি ডুবেই যাক
পথৰৰ হাতখান !
যোগেশ্বৰৰ ভেশত আজি কালিৰ
চলিহাত
আধবয়সতে কোম্বাতো সিপুৰী পায়চ্ছি
মাকে কৌৱেই
এহেতে খেদালা গাওঁখান আজি
কামত নালগেই
কোনো এত্তাও চলি
আজি কালি এংকে গাওঁখান
সলেনি হবা ধ্চ্ছি
ভৰ দিপেৰীয়া পিয়াহৰ পানী
একঢোক খাবাকলেগি
জেওৰাত তালা ওলমা হৈচ্ছি
কাজে -কামে
ইমূৰৰ ঘৰখান এৰি
সিমূৰৰ ঘৰখান মাতা হৈচ্ছি
মেঘহান উৎসৱত দাঔৰা হাঔৰা চাঔৱেই কিমান বেছি !
এংকেই আমাৰ গাওঁখান সলেনি হবা ধ্চ্ছি !!