Type Here to Get Search Results !

ধানৰ কথা

 পংখী কাজল কায়স্থ


ধানৰ কথাবোৰেই ভাল
ৰ’দ
বতাহ
ধানৰ বুকুতেই
দুয়ো কুলে গান

সেই পতাকা খনেই প্ৰাণত পুতি থওঁ
সেই থাপনা খনেই ভড়ালত থাপি থওঁ
ঔ পকাদি পকে তেতেলীয়া পৰ

ধানৰ পাতে পাতে বহু কথা লিখা থাকে
বাঁহীৰ সুৰ যেন হাত মেলি মাতে

সেই মাটি বোৰেই আমালৈ মান
আহু কাটি শালি পাতো
ধানৰ কথাবোৰেই
জুহালত খুটি পোতো

ভাল হলেই ভাল
লাহে ধীৰে
গুছিযাই আকাল
তেজত বৈ থাকে বিজয় নিচান

চনপৰা মাটিবোৰ
চহাৰ কবিতা হয়
নাঙলে ভেটাদিয়ে ওখ ওখ জাল ৷