জয়ন্ত ৰাজবংশী
সামগ্ৰিক দৃষ্টিত কʼব লাগিলে কʼব লাগিব যে, অসমৰ যিমানখিনি চাহ বাগিচা আছে এই চাহ বাগিচা সমুহ চিৰ সেউজ, চিৰ তৰুণ কৰি ৰখাৰ বাবে চাহ কৰ্মচাৰী সকলে বিশিষ্ট অৰিহণা আগবঢ়াই আহিছে । ভোক আৰু ভোগ এই দুয়োটা বিষয়ৰ ভিতৰত চাহ কৰ্মচাৰী সকলে বেছিখিনি সময়েই ভোকৰ বাবে দিবলগীয়া হোৱাৰ বাবে ভোগৰ বাবে পৰিয়ালৰ সতে দিবলৈ সময়ৰ একেবাৰে অভাৱ হয় । পেটৰ ভাতমুঠি আৰু নিজক তথা পৰিয়ালক জীয়াই ৰখাৰ একাত্ম চিন্তনৰ বাবে কৰ্মচাৰী সকলৰ বহুজনেই নিজ পত্নী, নিজ লʼৰা ছোৱালীক প্ৰয়োজনীয় সময়খিনিও সময়ত দিব নোৱাৰে । যাৰ ফলত প্ৰজন্মৰ উশাহ জীয়াই তোলাৰ ক্ষেত্ৰতো বহুজন চাহ বাগিছাৰ কৰ্মচাৰীয়ে নিজৰ সন্তানেই বিপথগামী পথেৰেই খোজ বুলিলেও জ্ঞাত নহয় । তথাপি কোনোজন চাহ বাগিছাৰ কৰ্মচাৰীৰেই মনত ক্ষোভ নাথাকে কিয়নো ভোকৰ বাবে জীৱনক বুজি জীয়াই ৰখাতো কিমান কষ্টকৰ এই কথা প্ৰতিজন চাহ কৰ্মচাৰীয়ে সহজেই বুজি উঠিব পাৰে ।
মানুহৰ সুন্দৰ পৃথিৱীত অসমত থকা সকলোবোৰ চাহ বাগিছাৰে কৰ্মচাৰী সকলে প্ৰকৃত মানুহৰ সংগ্ৰামত একাত্ম হৈ জীয়াই থাকিব বিচাৰে । এই সংগ্ৰামৰ বাবে বৈ অহা নিমখীয়া টোপাল টোপাল ঘামৰ মাজতো প্ৰতিজন চাহ কৰ্মচাৰীয়ে অমিয় সুখৰ অনন্য নিদৰ্শন হʼব পাৰে । কিন্তু এনেও বহু ক্ষেত্ৰত দেখা পোৱা যায় যে, বহু জন কৰ্মচাৰীয়ে কোনো কোনোজন বাগিছা পৰিচালকৰ অকথ্য কথাও হজম কৰি নিশাৰ বিচনাত উজাগৰী নিশা কতোৱাই থাকিবলগীয়া হয় ।
মানুহৰ জীৱন অতি ছুটি । এই ছুটি জীৱনৰ প্ৰায় ২৫ কিম্বা ২৬ বছৰ বয়স আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁতে অতিবাহিত হয় । ইয়াৰ পিছতে আৰম্ভ হয় জীৱনক সজোৱাৰ সংগ্ৰাম । এই সংগ্ৰাম সকলোৰে বাবে খোলা থাকে । কিন্তু পৰিতাপৰ বিষয় ভাৰতৰ অৰ্থনৈতিক সকাহৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অসমৰ সৰু বৰ প্ৰায় ৯০০ তকৈ অধিক চাহ বাগিছাৰ কৰ্মচাৰী সকলে আজিও বহু ক্ষেত্ৰত, বহু দিশত নভৱাকৈয়ে বঞ্চিত হৈ থাকিব লগীয়া হৈছে । তুলনামূলকভাৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দিশসমূহত অনবদ্য অৰিহণা আগবঢ়াই অহা চাহ বাগিছাৰ কৰ্মচাৰী সকলে সদায় বহু ক্ষেত্ৰত বঞ্চিত হৈ আহিছে যদিও একো একোটা আশাবাদী মনক প্ৰতিষ্ঠা কৰি জীয়াই থকাৰ বাবে সুখী হʼবলৈ সহজেই গ্ৰহণ কৰিব পাৰিছে ।
আমাৰ এই কিছু চিন্তন শীৰ্ষক চুটি লিখাটোত কেৱল মাথোন আমাৰ মনত উপলব্ধ হোৱা কিছু কথাহে ব্যক্ত কৰিছোঁ । সেয়েহে কʼব বিচাৰো- অসমৰ বৈচিত্ৰতাত চহকী অৱদান আগবঢ়াই অহা চাহ বাগিছাৰ কৰ্মচাৰী সকলৰ ভৱিষ্যত নিধিয়েই একমাত্ৰ বৃদ্ধ অৱস্থাত ভৰষাৰ স্থল হৈ পৰে । যিটো নেকি পৰিয়ালৰ সৈতে জীৱনৰ শেষ সময়চোৱাত জীয়াই থকাৰ মূল সম্পদ হৈ পৰে । কিন্তু এই নিধিৰ বাহিৰে যিখিনি কৰ্ম মূল্য পোৱা যায় এই মূল্য বৃদ্ধিত অসমত থকা প্ৰতিখন জিলাৰে চাহ বাগিছাৰ কৰ্মচাৰী সকলৰ দৰমহাৰ ক্ষেত্ৰত চৰকাৰী পক্ষ্যয়ো উৎকৃষ্ট বৰঙণি আগবঢ়োৱাতো উচিত বুলি মনেৰে শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছোঁ । কিয়নো অসমৰ প্ৰতিখন চাহ বাগিছাৰ শ্ৰমিক সকলৰ লগতে কৰ্মচাৰী সকলেও ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দায়ৱদ্ধতাত অম্লান অৰিহণা আগবঢ়াই আহিছে ।