Type Here to Get Search Results !

ইতিহাস প্ৰসিদ্ধ পথৰুঘাটৰ স্বভাৱ কবি ধজৰ আলি আৰু তেওঁৰ সাহিত্যৰাজি

 অজয় বৰুৱা


               দৰঙৰ ঐতিহ্যমণ্ডিত ঠাই পথৰুঘাট। বৰ্তমানৰ পাথৰিঘাট।১৮৯৪ চনৰ পথৰুঘাটৰ স্মৃতি বিজড়িত আৰু সাতকুৰি কৃষক ছহিদৰ কেঁচা তেজেৰে ৰঞ্জিত ঠাই পাথৰিঘাট। ভাৰতীয় ইতিহাসৰ স্বাধীনতা সংগ্ৰামৰ ৰঙীন আৰু গৌৰৱজ্জ্বল অধ্যায় পথৰুঘাট। সেই পথৰুঘাট অঞ্চলত বৌদ্ধিক, সামাজিক, সাহিত্যত বিপুল অৰিহণা দি থৈ যোৱা পুৰুধা ব্যক্তিসকলৰ অন্যতম পাহৰণিৰ স্বভাৱ কবি ধজৰ আলি। দৰঙৰ নিৰণচুবা নামে গাঁৱত ১৮৬৭ চনত জন্মগ্রহণ কৰিছিল প্রচাৰ বিমুখ কবি সাহিত্যিক এই ধজৰ আলিদেৱে। ‌লিখা পঢ়াৰ প্রতি প্ৰবল আগ্ৰহ থকা কিন্তু অভাৱ-অনাতন, সুবিধা নথকা হেতু উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱা ধজৰ আলিয়ে পাথৰিঘাটত ব্রিটিছে স্থাপন কৰা পাথৰিঘাট ছাত্র-বৃত্তি স্কুলত প্রাথমিক শিক্ষা সাং কৰি পাথৰিঘাটৰে ডাক-বংলাত উমাদাৰী হিচাপে কামত নিয়োজিত হয়। আলি দেৱে এই কামকে কৰি নিজৰ পৰিয়াল সুখে-দুখে, অভাৱ-অনাতনৰে মাজেৰে সুন্দৰ ভাৱে চলাই নিয়াৰ সমান্তৰালকৈ সাহিত্য সাধনা কৰি গৈছিল। উচ্চ শিক্ষাহীন এই ব্যক্তিজনাই সেই সময়তে সৃষ্টি কৰি গৈছিল চাৰিখনকৈ অমূল্য গ্ৰন্থ।যিকেইখনক ঐতিহাসিক দলিলস্বৰূপে বৰ্তমান স্বীকৃত।তেওঁ ৰচিত চাৰিখন কাব্যগ্ৰন্থ হ'ল ১)১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী ২)পথৰুঘাটৰ ধাবা ৩) সতীয়া মাকৰ অত্যাচাৰ ৪) কানিয়াৰ দুৰ্গতি।

    ▪১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী ▪
              ' ১৮৯৭ চনৰ ভূঁইকঁপৰ প্ৰলয় কাহিনী' নামৰ কাব্য পুস্তিকাখনত ধজৰ আলি দেৱৰ কবিতাসমূহক মৌখিক ৰূপৰ পৰা লিখিত ৰূপলৈ আনিছিল মহিৰুদ্দিন আৰু বছিৰুদ্দিন নামৰ দুজন ব্যক্তিয়ে। এই লিখিত ৰূপৰ পাণ্ডুলিপিসমূহ তেতিয়াৰ পঢ়া শুণা কৰিব পৰা লোকসকলে ঘৰে ঘৰে নি চেৰাধেক মাৰি পঢ়িছিল আৰু সমগ্ৰ অঞ্চলটোত বিয়পাই দিছিল।১৮৯৭ চনৰ কোনো এক শনিবাৰে দিনৰ ভাগত হোৱা ভূমিকম্পৰ বৰ্ণনাই হ'ল এই পুস্তিকাৰ মূল কথা। ছমাহ ধৰি চলি থকা সৰু-বৰ ভূমিকম্পৰ শব্দ, তাৰ ফলত মানুহ জীৱ -জন্তুৰ অৱস্থা, আকাশ বতাহৰ অৱস্থা আদি বাস্তৱ ও সাৱলীল বৰ্ণনা পোৱা যায়।সেইবোৰৰ ভিতৰত,,,, হুৰ হুৰ ,গুৰ-গুৰ শব্দ কৰি ভূঁইকপ আহিছিল। পৃথিৱীখন দলদোপ-হেন্দোলদোপকৈ কপিছিল।কোনো প্ৰাণী বা জীৱ জন্তু থিয় হৈ থাকিব নোৱাৰি বাগৰি পৰিছিল। পৃথিৱীৰ উপৰিভাগ ধুৱঁলী-কুৱলী হৈ পৰি আকাশ ধোৱাৰে ছানি ধৰিছিল। দিনতে সূৰ্য ঢাক খাই পৃথিৱী এন্ধাৰ হৈ পৰিছিল।
শনিবাৰে পহিলাতে    গুৰ গুৰ শব্দ কৰি
          প্রথমতে ধীৰে ধীৰে আহে,
তাৰ পৰে কিছুমান      হইল বৰ বেছি টান
        শক্ত হৈয়ে আহে ধীৰে ধীৰে।।
হুৰ হুৰি গুৰ-গুৰি      আহে এটি শব্দ কৰি
          দপদপাই উঠে জমিন খান।।
   ধজৰ আলিৰ ৰচিত পদ্য সমূহত লোক সাহিত্য সমলেৰ পৰিপূর্ণ। লোকগীত হ'ল অসমীয়া লোকসাহিত্যৰ এক অন্যতম ভাগ। ইয়াৰ ভিতৰত আকৌ আখ্যানমূলক লোকগীত হিচাপে ধজৰ আলি দেৱৰ ৰচনা সমূহক ধৰিব পাৰি। কিন্তু এই লোকগীতসমূহৰ ছন্দ, ভাৱ আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্ত। কিন্তু তেওঁৰ ৰচনাত পদ আৰু ত্ৰিপদী ছন্দৰ বিদ্যমান।
যেনে:
  জোকোৰাত ঢৌ খাই বামে  উঠে জল।
জর্জৰকৈ সৰি পৰে বৃক্ষৰ জতো জল।। (পদ ছন্দ) ।
সেইদৰে
শুনহ মমিন ভাই     ভূঁই চাল চলি যায়
       পৃথিৱীকে বিদৰীয়া দিল।
এতিয়াহে গাঁও জোৰা    এই থোৰা থোৰা
         ছয়মাস চলিতে আছিল।। (ত্ৰিপদী)
ভূমিকম্পত সেই সময়ত পোহনীয়া জীৱ-জন্তু, চৰাই আদিৰ যি অৱস্থা, দুৰ্গতি হৈছিল তাৰ সুন্দৰ, সহজ-সৰল বৰ্ণনা এই কাব্যপুথিখন উল্লেখ আছে। কবিজনাই দুই এটা আৰবী, হিন্দী বাংলা শব্দ প্ৰয়োগ কৰিছে যদিও সকলোৰে বোধগম্য। এইবোৰৰ প্ৰয়োগে অনন্য ৰসৰ সৃষ্টি কৰিছে। যেনে
"হস্তীৰ ভাঙ্গিল ফস্তি, ঘোঁৰা গেল পৰি।
আৰু  ছোটো জানোৱাৰ কতো গেল মৰি।।
গৰু, বকৰি আদি চাৰ-পাইয়া জানোৱাৰ।
জমিৰ কপনি দেখি চুর্ত্তি নাহি গাৰ।।
খাৰা হৈতে নাহি পাৰে কাবে থৰ থৰি।
স্থিৰ হবা নোৱাৰিয়া পৰোতা বাগৰি।। " ইত্যদি।
সেইদৰে গছ-গছনিৰ হোৱা ক্ষয়-ক্ষতিৰ কথা এনেদৰে উল্লেখ কৰিছে,,, 
"জখনো বেছি কৰি পৃথিৱী লৰিলা,
কিছুপৰ বাদে গছ উঘেলী পৰিলা।
গাছে গাছে ডেকা লাগি শিপা ছিঙি যায়,
কতো মৰে কতো পৰেই জানেনো খোদাই।। "
ধজৰ আলি দেৱৰ ভূমিকম্পৰ হৃদয় বিদাৰক কাহিনীবোৰ মানুহৰ মুখে মুখে চেৰাঢেক আকৰত চলিছিল যদিও বর্তমান সেইবোৰ পাহৰণিৰ গৰ্ভত। তথাপি সেইসময়ৰ সমাজখনৰ কলা-সংস্কৃতি, মানুহৰ জীৱন ধাৰণ, ৰীতি-নীতি যি আভাস পোৱা যায় সেই দৃষ্টিৰে এই কাব্যপুথিখন এখন দলিল স্বৰূপ।
⚫️পথৰুঘাটৰ ধাবা⚫️
   পথৰুঘাটৰ ৰণৰ (১৮৯৪) বিস্তৃত বর্ণনাৰে লিখা "পথৰুঘাটৰ ধাবা" কাব্য পুস্তিকাখন ধজৰ আলি দেৱৰ সাহিত্য সৃষ্টিৰ অনুপম অৱদান আছিল। পিছে দুখৰ কথা সংৰক্ষণৰ অভাৱত কিতাপখন কৰবাত হেৰাই থাকিল। এইখনো কিতাপ চেৰাঢেক ব্যৱহাৰ কৰি গাঁৱলীয়া লোক সকলে পঢ়ি ৰস উপভোগ কৰিছিল।
⚫সতীয়া মাকৰ অত্যাচাৰ ️⚫️
   ধজৰ আলি দেৱৰ আন এখন কবিতাপুথি হ'ল সতীয়া মাকৰ অত্যাচাৰ। যিখনত তেওঁ ব্যক্তিগত জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ কথা সুন্দৰ ভাৱে প্ৰকাশ কৰিছে। পাথৰিঘাট ডাকবংলাত উমাদাৰী  কাম কৰি থাকোতে তেখেতৰ পত্নী বিয়োগ হোৱাত ল'ৰা-ছোৱালী দুটাক লৈ বৰ বিপদত পৰে। যাৰ বাবে দ্বিতীয় বিবাহ সম্পন্ন কৰিব লগীয়া হয়। এই দ্বিতীয়া পত্নীয়ে প্রথমা পত্নীৰ ল'ৰা-ছোৱালী দুটাক দিয়া কষ্ট, অত্যাচাৰ দেখি মনত পোৱা গভীৰ আঘাট, মানসিক কষ্ট আৰু অনুভৱত সৃষ্টি হ'ল 'সতীয়া মাকৰ অত্যাচাৰ'। দ্বিপদ আৰু ত্ৰিপদী ছন্দৰ লিখা এই কিতাপখন ছপা আকাৰত এতিয়ালৈ ওলোৱা নাই। কিতাপখনত থকা কেইটামান পাতি হ'ল
১) সতীয়া মাকে অত্যাচাৰৰ বাবে চল, সুবিধা, কাৰণ বিচাৰি থকাৰ কথা এনেদৰে প্রকাশ কৰিছে,,
"বাপে গেলি সেই বেলি নেৰো মই ভালে।
কি কৰিব বাপে জব ঘৰে আহি পালে।।"
১) সতীয়া মাকক মা বুলি মাতিলে হোৱা জ্বলি, খংৰ প্রকাশ,,,,,
"খতিয়া বেটাই কাছে যদি বোলে মাও।
তীৰে ভেদা পক্ষীমত জ্বলি উঠে গাও।। "
ইত্যাদি।
⚫️কানিয়াৰ দুর্গতি⚫️
"শুনি মমিন ভাই সবে মুচলমান
কানিয়াহাতৰ কথা ইতা কৰিব বয়ান।।
মৰ কানিয়া,বৰ কানীয়া গেছো যিটো নাম।
আৰু এক কানিয়া আছিল নামতে অধম।। "
    ধজৰ আলি দেৱৰ চতুৰ্থখন কাব্য পুস্তিকা হ'ল "কানিয়াৰ দুর্গতি"।য'ত সেই সময়ত পথৰুঘাট অঞ্চলত 'কানি' ৰ প্রভাৱ, কানিয়া খাবলৈ নাপালে কানিয়া সকলৰ আলাই-আথানিৰ বর্ণনা সাবলীল ভাৱে প্রকাশ কৰিছে। ব্রিটিছ চৰকাৰে কানিৰ যোগানেৰে অসমীয়া সকলক মূৰ্খ সজোৱা আঁচনি কৰি হঠাতে আইন যোগে কানিৰ প্রচলন বন্ধ কৰাত মানুহ বিলাকৰ এই অৱস্থা হৈছিল। কম টকাত পোৱা অথাৎ সহজলভ্য কানি খোৱাৰ যি অভ্যাস আৰু নিচা হৈ যোৱাৰ পিছত তাক চৰকাৰে দুর্লভ কৰি দিওতেওঁ অতিৰিক্ত দাম দি হলেও কিনি খাই সর্বস্বান্ত কৰাত মানুহখিনিৰ যি অৱস্থা হ'ল সেয়া কাব্যখনত সুন্দৰ ভাৱে উপস্থাপন কৰিছে। কাব্যখন অপ্ৰকাশিত আৰু পাণ্ডুলিপি আকাৰত থকা বুলি জানিব পৰা যায়। কাব্যখনত উল্লেখিত অান এটি পক্তি  হ'ল,,,
"আগৰ দিনৰ মানুহ মানে আছিল গোটেই সাধু।
সেই বেলি মানুহ ঘৰে খেতি আছিল আফু।।
ইংৰাজ লাগাল পাই আফু উঠেই নিলা।
জগাৰ হ'ব বুলি ৰাইজক মানা কৰি দিলা।।
ঢোল পিটি শুনাই দিলা আফুক কল্যা মানা।
আফি উলাই দিলা তোলাই পাঁচ আনা।। 
ইত্যাদি।
     ধজৰ আলিদেৱৰ সৃষ্টিত অসমীয়াৰ জন জীৱনৰ চিত্ৰ, সহজ-সৰল থলুৱা শব্দৰ প্ৰয়োগ, ঐতিহাসিক সমল, গছ-গছনি, ফল-মূল, আদিৰ কথা সুন্দৰ ভাৱে বর্ণনা কৰা আছে। ইয়াৰ উপৰিও এই কাব্যপুথিকেইখনত ঐতিহাসিক তদানীন্তন সমাজৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দৃষ্টপটৰ বর্ণনা স্পষ্ট ভাৱে পোৱা যায়। সাহিত্যৰ সম্পৰ্কে কোনো আনুষ্ঠানিক শিক্ষা নথকা তথা জ্ঞান আহৰণ নকৰাকৈ উচ্চ শিক্ষাহীন এই ব্যক্তি জনাৰ ৰচনাবোৰ বৃহত্তৰ অঞ্চলটোৰ অমূল্যসম্পদ তথা লোক সাহিত্যৰ এক অমূল্য ভাণ্ডাৰ বুলি কব পাৰি। পৰিবেশ সচেতনতা, ষষ্ঠ ইন্দ্রিয়লব্ধ, প্রাকৃতিক জ্ঞানেৰে সমৃদ্ধ তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণৰ অভাৱত ক্রমাৎ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। সেয়ে স্বভাৱ কবিজনাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাটো অতিকে প্রয়োজন।
সহায়ক গ্ৰন্থ :
১)সীৰলু: পত্ৰিকা, পথৰুঘাট শাখা সাহিত্য সভা।
২)ইতিহাসে গৰকা পথৰুঘাট।
৩)খেৰাজ: স্মৰণিকা, কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস, ২০১০।