জীনামণি বৰগোহাঁই দুৱৰা
সংসাৰ সাগৰৰ বিষবাষ্পত
বিষাক্ত হৈ পৰিছে সৰ্বশৰীৰ
বিষাক্ত, জৰ্জৰিত প্ৰাণত
অমৃতৰ বাণীও নোলোৱা হৈছে।
অলপ শান্তি দিয়া,পাৰিলে এমুঠি পোহৰ দিয়া।
আৰু মোৰ শৰীৰত থকা বিষাক্ত
হলাহল দূৰ কৰা
এমুঠি জোনাকৰ বাবে পৃথিৱী
ইমান কণ্টকময় পথ
হুল,জেং আতঁৰাই থাকোতে
নিজৰ অস্তিত্বও বিপদাপন্ন হৈছে।
ভাবিছিলো পৃথিৱী---
মাথোঁ তোমাৰ সুন্দৰতাৰ কথা
মোহনীয় তোমাৰ ৰূপ,ৰস,সুৱাসৰ কথা
ভাৱনাৰ তুলাচনীত এদিনো জুখি চোৱা নাছিলো
মই কিমানদূৰ যুক্তিপূৰ্ণ।
কিন্তু পৃথিৱী------
সৌন্দৰ্য্য আঁৰত ইমান আসোঁৱাহ
কিয় সৃষ্টি কৰিলে সৃষ্টিকৰ্তাই?
বহুবাৰ চেষ্টাও কৰিলো
নিজে গঢ়া কল্পজগতৰ অন্য এখন
পৃথিৱীৰ কথা,শান্তিৰ সমৃদ্ধিৰ
কিন্তু অনৰ্থক এই চিন্তা;এজাক
বিধ্বংসৰূপী কালধুমুহাই
সকলোবোৰ থানবান কৰি গ'ল
মই গঢ়া পৃথিৱীৰ ইমানতে সামৰণি হ'ল।
সাৰ পাই মাথোঁ শূণ্যতাত মূৰ দোৱালো
আশা---মানৱ জাতিৰ সৰ্বোত্তম ধৈৰ্য্যৰ চানেকী।
তাকে লৈ জীয়াই আছো
বিষাক্ত হলাহল পি আছো
সৰ্বশৰীৰ জোকাৰণি উঠিছে
হয়তু অধিক হ'লে ক'ব লাগিব
জীৱনৰ শেষ বাণী
বিদায় পৃথিৱী,বিদায়-----।