Type Here to Get Search Results !

অসমীয়া সমাজত "তামোল -পান"

 অনামিকা বুঢ়াগোহাঁই ফুকন


তামোল -পানৰ অসমত বিশেষ প্ৰচলন, ভোজনবিলাসৰ বস্তু হিচাপে প্ৰয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্ৰয়োজন হয়।হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্য্যোতৰসকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী পুগফলম,গুৱাক আদি শব্দও তাৎপৰ্যপূৰ্ণ।এই শব্দসমূহ সম্ভৱতঃ আৰ্য্যোতৰ ভাষাভাষীসকলৰ পৰা আহিছে। জ্যঁপুছিলুস্কিয়ে মনখেমৰ বুল ধাতুৰ লগত তম উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিস্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে।পুছিলুস্কিৰ মতে তামোল -পানৰ লগত জড়িত পোন,গণ্ডা ,কৰি বিড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মনখেমৰ ভাষাৰ পৰা।কোনো কোনোৰ মতে তামোল খোৱা প্ৰথাটো দ্ৰাৱিড়ীয় প্ৰথা ।কাৰণbetel(তামোল)শব্দটোৱেই মালায়ালম ভাষাৰ ৱেটিল্লা শব্দৰ পৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে।মহামহোপাধ্যায় কানেৰ মতে দহ্মিণ ভাৰতত তামোলৰ প্ৰৱৰ্তন সম্ভৱতঃ খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰকিছুদিনৰ পূৰ্বে।ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ ভাৰতলৈ বিয়পে।তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়।ভোজনৰ পিছত তামোল খোৱা প্ৰথাৰ বিধান স্মৃতিশাস্ত্ৰত আছে।বাৎসায়নৰ কামশাস্ত্ৰত দাঁত ঘঁহি মুখ ধোৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে।চৰক,সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে। 

        পূজা-উপচাৰৰ অন্যতম উপকৰণস্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰ লিপিটো কৰা হৈছে।অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰনে তামোল খোৱাত সামাজিক বাধা-নিষেধ নাই।আনকি দাঁত নোহোৱা বুঢ়া-বুঢ়ী সকলেও খুন্দনাত খুন্দি তামোল খায়।আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়া সকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল।সত্ৰসমূহতো গুৱাকটা বাব আছে।মোমাই তামুলীৰ বৰবৰুৱাৰ পদোন্নতিৰ ঘটনাৰপৰা আহোম ৰজা সকলে তামোল-পাণৰ বাৰী পতাত কিমান গুৰুত্ব আৰুউৎসাহ দিছিল বুজিব পাৰি।বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাৱঁলীয়া মানুহৰ ধৰাবন্ধা ৰীতি।অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া,"আগফাল শুৱনি কাকিনী তামোল পাছফাল শুৱনি পাণ"তামোল ৰুৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে।আমাৰ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বাগুৱা-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ।গুৰু-গোসাঁইলৈ বা সদৌ-ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়।উৎসৱ অনুষ্ঠানত অথবা অপায় অমঙ্গলৰ সময়ত গুৰুঘৰলৈ,নামঘৰলৈ,দেৱতা বা অপদেৱতালৈ গুৱা পাণ আগবঢ়োৱা হয়।আলহী অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়।তামোল খনৰ যোগেদি গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান প্ৰদানত বন্ধুত্বৰ স্থাপন হয়। ৰাজহুৱা দায় জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি।বিবাহৰ নিমন্ত্ৰণ কাৰ্য্যতো তামোল-পাণৰ প্ৰয়োজন হয়। তামোল পাণ থুৰিওৱা আদি কাৰ্য্যৰ মাজেদি তিৰোতাৰ কল সুলভ মনৰ পৰিচয় পোৱা যায়।বিয়াৰ ভালেমান ক্ৰিয়া কাৰ্য্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া।বিয়াৰ কেইদিনা দৰা-কন্যাই এযোৰ পাণ তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে।বিবাহ অনুষ্ঠান শেষ হলে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে।  দৈয়ন দিওতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা কোঠাৰ দুৱাৰদলিত পিৰা এখন পাৰি বহুওৱা হয়।কন্যাৰ মাক বা আন কোনো সমন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঠু কাঢ়ে;পাণ দুখন দৈ গাখীৰত জুবুৰিয়াই কন্যাৰ গাল,বাহু, ভৰিত সানি দিয়ে।কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদি গমনত দৰা কন্যাই সাতখিলা পাণ গছকাৰ বিধি আছে।আহোমৰ চকলং বিবাহ পদ্ধতিত তামোল পাণৰ প্ৰয়োজনৰ বিষয়ে বুৰঞ্জীত আছে-সোণৰ বাটি এটা ভৰাই দৈ,এঁৱা গাখীৰ, মৌ,চেনী,ঘিঁউ মিহলোৱা পঞ্চামৃত এবাটি আনি ৰজাৰ ওচৰত দিব।তাৰেপৰা আঙ্গুলি লগাই আনি মুখলৈ টোৱাঁই সুঙী পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব।এইদৰে২১খন থুৰীয়া তামোল চোবাই পলাব পায়।
    তামোল পাণ গাৱলীয়া দৰৱ জাতিৰ অন্যতম উপাদান।অসমীয়া নিদানমতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়।গৰু ম'হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়।তামোল পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়।তামোল গাঁততপুতি ভৱিষ্যতলৈ সচা‍ঁৰ নিয়মটোও অসমীয়াৰ নিজা।গুৰু ঘৰলৈ ঠোক তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত।সংস্কৃত সাহিত্যত কপূৰ,কংকাল, লৱঙ্গ জাতিফলৰ লগত মিহলাই তামোল খোৱাৰ নিয়ম বুলি কোৱা হৈছে।এই আটাইকেইটা মিলি হৈছে 'পঞ্চসুগন্ধিকম'।
        সাধাৰণতে পাণত চূণ সানিহে খোৱাৰ নিয়ম। পাণ চূণৰ অভেদ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াত বহু প্ৰৱাদৰো সৃষ্টি হৈছে।অৱশ্যে, পূজা নৈৱেদ্যত আগবঢ়োৱা তামোল পাণত চূণ সনা নহয়।তামোল ,পাণ ,চূণ,আৰু ধপাত এই চাৰিওবিধ মিলিলেহে তামোল খন সম্পূৰ্ণ হয় ।সাধাৰণতে অসমীয়া মানুহে নুথুৰিওৱা তামোল খায়। থুৰিওৱা তামোল উৎসৱ অনুষ্ঠান আৰু গুৰু গোঁসাইৰ ঘৰতহে খোৱা হয়। তামোল পাণ আগবঢ়োৱা বিশেষ সা সৰঞ্জামৰ প্ৰচলনো মন কৰিবলগীয়া।এইবোৰৰ ভিতৰত পাণ বটা, শৰাই মুখ্য।তামোলৰ সাঁচতি,তামোলৰ জোলোঙা,তামোলৰ কটাৰী, খুন্দনা তামোল খোৱা প্ৰথাৰ লগত সম্বন্ধ থকা অন্যান্য সামগ্ৰী।