চিত্রময়ী চন্দ্ৰিকা
এটি জীয়া শিল,সেমেকি থাকে তাৰ পাৰ্শ্ব,
দুখ পায় লিপিবোৰ খোদিত কৰোতে
যান্ত্ৰণাবোৰ একেই প্ৰস্তৰৰ শিলালিপি.....
"সিহঁত বাস কৰে,পূজা কৰে সিহঁতে পাৰস্মপৰ্যত,
"আমাক বচোৱা তোমাৰ বিশাল বুকুত "
.....জীয়া শিলে কান্দে
মই শিল হৈ জীয়াই থাকিব নোখোজো
মই শিলময় হ'ব ধৰিছো।
যুগ যুগান্তৰৰ প্ৰহেলিকা পম খেদি ইতিহাস ৰচে,অভিনয় কৰে ,
প্ৰকাণ্ড গুহাৰ ভিতৰত ৰহস্য কিহৰ?উমান লয়।
শিলৰ বেথা,শিলৰ মায়া,শিলৰ ওপৰতে পৃথিৱী
অথচ বুজি নাপায় নিৰবিচ্ছিন্নভাৱে বৈ থকা নহকালিকাই।
মই ভাঙিব নিদো শিলবোৰ,
মৰিব ও নোৱাৰে।
আৰু শিলৰ হৃদয় লৈ জীয়াই থাকিম
নকৈ খুদিত কৰিম শিলালিপিৰ মহৎ বাণী
জন্ম দিম ন ন ভাস্কৰ্য,
জীয়া শিলটোয়ে মাজে মাজে ফেকুৰে।