Type Here to Get Search Results !

অনুশাসনহীনতা বনাম ইতিবাচক চিন্তাৰ বতাহ

 ৰেখাজ্যোতি বৰুৱা  



সমাজ এখন সুশৃংখলভাৱে চলিবলৈ হ'লে আমি প্ৰত্যেকেই কেতবোৰ অনুশাসন মানি চলা দৰকাৰ। কেৱল সমাজেই নহয়,নিজৰ ঘৰখন সুন্দৰ ভাৱে চলাই নিবলৈয়ো আমাক অনুশাসনৰ প্ৰয়োজন। কিন্তু বৰ্তমান দেখা গৈছে যে,যুৱ প্ৰজন্মৰ বেছিভাগেই এই অনুশাসন মানি চলিব পৰা নাই । আনকি কোনো কোনো ক্ষেত্ৰত শিক্ষানুষ্ঠানতো ছাত্ৰ-ছাত্ৰীয়ে অনুশাসন মানি নচলে। ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উশৃংখল পৰিৱেশ সৃষ্টি কৰা দেখা যায়। 
‌            অনুশাসন মানে আমি জানো যে,ই এক ধৰণৰ শৃংখলা য'ত কেতবোৰ নিৰ্দিষ্ট নীতি-নিয়ম থাকে ।সেই শৃংখলা আমি পালন কৰোঁতে বাধ্যবাধকতা নাই যদিও ,ই আমাৰ বাবে হৈছে এক পালনীয় কৰ্তব্য। মানুহ বা জীৱ-জন্তু চৰাই আদি পৃথিৱীৰ প্ৰায় সকলোবোৰ প্ৰাণীৰে মুক্তি কাম্য। ই এক জন্মগত প্ৰবৃত্তি। মুক্তি শব্দৰ অৰ্থ মানে আমি স্বাধীনতাকে বুজো। স্বাধীনতা মানে এইটো ভবা উচিত নহয় যে ,যি ইচ্ছা তাকে কৰিব লাগে। তেনেদৰে অনুশাসনেও ব্যক্তি আৰু সমাজৰ বিকাশৰ বাবে পালন কৰিবলগীয়া কেতবোৰ দায়িত্বৰ কথা বুজায়। সেয়েহে অনুশাসন আমাৰ সমাজখনৰ বাবে অতিকে প্ৰয়োজনীয়।অনুশাসনহীনতাই এখন সমাজৰ পৰা আৰম্ভ কৰি শিক্ষাজগত, ৰাজনীতি,অৰ্থনীতি,দেশৰ উন্নয়ন আদি সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাব পাৰে। সেয়েহে ছাত্ৰ-ছাত্ৰী,যুৱক-যুৱতীসকলক  সুস্হ চিন্তাৰ অধিকাৰী কৰি তুলিবলৈ যত্ন কৰা উচিত। 
‌          সেয়েহে শিক্ষানুষ্ঠান এখনত ছাত্ৰ-ছাত্ৰীয়ে অনুশাসন মানি চলাটো দৰকাৰ। আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক।ছাত্ৰসকলে ,ছাত্ৰাৱস্হাতে মানৱীয় গুণৰ সুষম বিকাশ ঘটাব লাগে। কিন্তু দুখৰ বিষয় যে , বৰ্তমান বিভিন্ন কাৰণত যুৱ সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশাসন হীনতা এক ব্যাধি স্বৰূপ হৈ পৰিছে। ইয়াৰ কাৰণ সমূহ হৈছে--বিদ্যালয়ৰ অনুপযুক্ত বাতাবৰণ, অনুশাসনহীন পাৰিবাৰিক বাতাবৰণ,শাৰীৰিক আৰু মনোবৈজ্ঞানিক কাৰণ । ইয়াৰ ভিতৰত আটাইতকৈ চিন্তনীয় কাৰণ হৈছে গোলকীকৰণৰ প্ৰভাৱ।গোলকীকৰণৰ প্ৰভাৱত আজি গাওঁ-চহৰ সকলোতে পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিছে।প্ৰায় অভিভাৱকে অৰ্থৰ গৰ্ব দেখুৱাবলৈ নিজ সন্তানক অধিক স্বাধীনতা দিয়ে আৰু বিভিন্ন বিলাসী বস্তু ক্ৰয় কৰি দিয়ে।ছাত্ৰ অৱস্থাতে এই বিলাসী বস্তু (ম'বাইল,বাইক আদি) ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰজনৰ অধ্যয়নৰ স্পৃহা কমি আহিবলৈ ধৰে।তেনে ছাত্ৰসকল লাহে লাহে উশৃংখল হ'বলৈ ধৰে। এই ক্ষেত্ৰত যদি আমি ছাত্ৰসকলক শাসনৰ বাহিৰত ৰাখো, তেনে হ'লে ছাত্ৰসকলে উশৃংখলতাই প্ৰথমে ঘৰখনৰ, তাৰপাছত সমাজৰ আৰু দেশৰ ক্ষতি যে কৰিব ই ধুৰূপ সত্য। ৰাষ্ট্ৰ এখন শিল,বালি,ইটাৰে নিৰ্মাণ কৰা নহয়।ইয়াক নিৰ্মাণ কৰা হয় নাগৰিকৰ চৰিত্ৰ গঠনৰ দ্বাৰা হে। 
‌            সেয়েহে আমাৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ মাজত ব্যাধিৰূপে দেখা দিয়া অনুশাসনহীনতা ৰোধ কৰিবলৈ আমি যত্নপৰ হোৱা উচিত। শিক্ষানুষ্ঠান সমূহত ছাত্ৰ একতা সভা পাতি গঠনমূলক দিশলৈ পৰামৰ্শ আগবঢ়াব লাগিব। সাংস্কৃতিক সভা-সমিতি পাতি, সাহিত্য চৰ্চা আদি কৰি , পণ্ডিত লোকক আমন্ত্ৰণ কৰি, তেওঁলোকৰ বক্তৃতা আদি শুনাৰ ব্যৱস্থা কৰিব লাগে। স্বাস্হ্যৰক্ষাৰ বাবে ল'ব লগা যত্নৰ বিষয়ে অবগত কৰাব লাগে। ইয়াৰ উপৰি গুটখা,চিগাৰেট আদিকে ধৰি বিভিন্ন ৰাগিয়াল বস্তুৰ অপকাৰিতাৰ বিষয়ে জ্ঞান দিব লাগিব।নিয়মানুবৰ্তিতা আৰু শৃংখলা বদ্ধতাৰ বিষয়ে শিক্ষা দিব লাগিব। এনে প্ৰচেষ্টা হাতত ল'লেহে  ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা অনুশাসনহীনতা নামৰ ব্যাধি আঁতৰি উশৃংখল সমাজখনক সুস্হিৰতা প্ৰদান কৰিব পৰা যাব আৰু দেশখন শান্তি আৰু প্ৰগতিৰ পথেদি অগ্ৰসৰ হ'ব। ছাত্ৰ অৱস্থাতে ল'ৰা- ছোৱালীক ইতিবাচক ধ্যান ধাৰণা তথা মানৱীয় প্ৰমূল্য সমূহৰ অভ্যাস কৰাৰো দৰকাৰ। বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী বা অভিভাৱক-অভিভাৱিকাই  ছাত্ৰ-ছাত্ৰী বা সন্তানসকল অবাটে যোৱা দেখিলে সিহঁতৰ মৰমত অন্ধ নহৈ শাসন কৰিব লাগিব । অন্যথাই সিহঁতৰ ভৱিষ্যতবোৰত ঘূণে ধৰাটো নিশ্চিত।