Type Here to Get Search Results !

আহোম ৰাজত্ব কালত বিননি জুৰা এখন বিখ্যাত পথাৰ জেৰেঙা পথাৰ

দীপজ্যোতি বৰ গোহাঞি মাদুৰি 


ছশ বছৰ সৌমাৰ খণ্ডত গৌৰৱে ৰাজত্ব কৰা আহোম ৰাজ্য ৰংপুৰৰ দক্ষিণ কাষে আহল বহলকৈ  বিখ্যাত জেৰেঙা পথাৰ  ৷পুৰ্বে ৰাজ নগৰকে ধৰি ইয়াৰ চাৰিও কাষৰ গোটেই অঞ্চলটোকে মেটেকা বুলি কোৱা হৈছিল ৷১৬৯৫ চনত ৰুদ্ৰসিংহ স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাওঁৰ পৰা মেটেকালৈ তুলি আনিছিল তেতিয়া মেটেকাৰ চাৰিওফালে গড় মাৰি ৰজাৰ নগৰ কৰি নাম থলে ৰংপুৰ ৷জেৰেঙা পথাৰৰ বুকুত সাগৰ সদৃশ পুখুৰী খান্দি মাতৃ জয়মতীৰ নাম যুগমীয়া কৰি ৰুদ্ৰসিংহই  পুখুৰীৰ পাৰত শ্ৰীশ্ৰীকেশৰাই বিষ্ণু দ’ল নিৰ্মাণ কৰালে পাছলৈ সেই ঠাই খন জয়সাগৰ নামেৰে জনাজাত হয় ৷জয়সাগৰ নিচেই কাষতে লাগি আছে বিখ্যাত তুংখুঙ্গীয়া ফৈদৰ   ৰাজ কোঁৱৰ সকলৰ বলিষ্ঠ শাসন আৰু স্বৰ্ণ ময় অসম গঢ় লবলৈ স্বদেশ আৰু স্বজাতিৰ বাবে আত্মত্যাগ আগবঢ়োৱা বীৰাঙ্গনা জয়মতীৰ আত্ম ত্যাগৰ ক্ষেত্ৰ ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰ ৷যাৰ নাম আজিও বুৰঞ্জীৰ পাতত সোণোৱালী আখৰৰে লিখিত হৈ আহিছে যুগে যুগে ৷ জেৰেঙা পথাৰ হ’ল বীৰাঙ্গনা জয়মতী কুঁৱৰীয়ে দেশৰ কাৰণে স্বজাতি আৰু স্বামীৰ বাবে কটাৰী নলীয়া ল’ৰা ৰজাৰ চাওডাংৰ অত্যাচাৰত শ্বহীদ হোৱা অসমৰ প্ৰথম মহিলা শ্বহীদ ৷সেই সময়ৰ আহোম ৰাজ্যৰ অাভ্যন্তৰীণ বিবাদৰ ফলশ্ৰুতিত কেইবাজনো স্বৰ্গদেউৱে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছিল ৷পাচত চামুগুৰীয়া ল’ৰা ৰজাক ৰাজপাটত বহুৱাই ক্ষমতালোভী লালুসোলা বৰফুকনে কুমন্ত্ৰণাৰে ৰজা হব পৰা যোগ্য ৰাজকোঁৱৰ সকলক  অঙ্গক্ষত কৰোৱাইছিল ৷এনে কাৰ্যৰ বিৰুদ্ধে মাদুৰীৰ মাদুৰিয়াল ফৈদৰ লাইথেপেনা বৰগোহাঞি ডাঙৰীয়াৰ বৰ জী তথা তুংখুঙীয়া ফৈদৰ গোৱৰ ৰজাৰ বোৱাৰী তথা বাহুৱলী  লাঙ্গি গদাপাণিৰ  পত্নী জয়মতী কুঁৱৰীয়ে কোঁৱৰ গদা গদাপাণিক নগা পাহাৰলৈ  পলোৱাই পঠাইছিল যাতে তেওঁৰ স্বামীয়ে আহোম ৰাজ্যৰ ৰজা হৈ ৰাজ্যখন সুস্থিৰ কৰিব পাৰে ৷পাচে ল’ৰা ৰজাৰ চাওডাঙে গদাপাণিক বিচাৰি নাপাই তেওঁৰ পত্নী জয়মতী কুঁৱৰীকে ধৰি নি এই জেৰেঙা পথাৰত চৈধ্য দিন অমানষিক অত্যচাৰ চলাই তেওঁৰ স্বামীৰ বতৰা ৰ সন্ধান চলাইছিল ৷কিন্ত জয়মতী কুঁৱৰী নিজৰ মতত অটল আছিল মাথো কৈছিল তিনিটা শব্দ “নকও নকও আৰু নকও “যাৰ বাবেই বৰ্তমানৰ জয়সাগৰ পুখুৰীৰ পাৰৰ সো স্হানত ১৬৮০ খ্ৰী:২৭ মাৰ্চৰ দিনা এই মহিয়সী নাৰী জয়মতী কুঁৱৰীয়ে মৃত্যুক সাৱটি লৈছিল ৷ল’ৰা ৰজাৰ ৰাজত্ব কালত জেৰেঙা পথাৰ আছিল অটব্য হাবি জংঘলৰে পৰিপুৰ্ণ এক বনাঞ্চল ৷ৰাজনগৰ বাদ দি জয়সাগৰ ;পহুগড় ;আইলা  মগৰা হাট ;হাবি ;আদিক সামৰি  আছিল বিস্তৃত জেৰেঙা পথাৰ ৷চেতিয়া ;চাংমাই; মাহীগাওঁ চিৰাখুন্দা ;ৰজাবাৰী দোলাকাষৰীয়া ;গড়কাষৰীয়া ;নামতিয়াল ;আদি গাঁৱৰে পৰিবেষ্টিত সৰ্ব বৃহৎ পথাৰ খনেইজেৰেঙা পথাৰ ৷২০১৭ বৰ্ষৰ প্ৰথম ভাগতেই এইখন বুৰঞ্জীপ্ৰসিদ্ধ পথাৰতেই অসম সাহিত্য সভাৰ শতবৰ্ষৰ অনুষ্ঠান উদযাপিত হৈছিল ৷জয়সাগৰ পুখুৰীৰ পাৰত থকা কীৰ্তিচিহ্ন সমুহৰ উপৰিও ইয়াত গঢ় লৈ উঠা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমুহে জয়মতী কুঁৱৰীৰ আত্মত্যাগক সজীব কৰি আহিছে আবহ মান কালৰে পৰা আৰু কৰি ৰাখিব অনাগত দিনলৈ =================(সহায় লৈ )