মৌচুমী মাউৎ
" নতুন প্ৰাণৰ ন- চকুযুৰি দীপিত গালি দে তাত পুৰণি পৃথিৱী ন-কৈ চাই লওঁ হে বীণ এষাৰি মাত" ___( লক্ষ্মীনাথ বেজবৰুৱা) দীপ্তি ঢালি লৈ পুৰণি পৃথিৱীৰ ন- দৃষ্টিৰে
চাই এসময়ত বিভিন্ন জাতি - জনজাতি সকলোকে মানৱীয় সম্পকৰে বান্ধি ৰখা অসমীয়া
জাতিৰ পিতৃ , প্ৰথমজন আহোম স্বৰ্গদেউ চাওলুং ছ্যু- কা- পাক বাদ দি আহোম
আৰু অসমীয়া জাতিৰ কথা ভাবিবই নোৱাৰি । আমি যদি আহোমৰ সোণৰ সোলেং ইতিহাসৰ পাত
লুটিয়াও তেতিয়া আহোম ৰাজ বংশই প্ৰায় ছশ বছৰ জুৰি অসমত ৰাজত্ব কৰা আহোম ৰাজ্য
প্ৰতিষ্ঠাতা ছ্যু-কা- ফাৰ নাম সোণালী আখৰে জিলিকি থকা দেখা পোৱা যায়। বৰ্তমান
পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা তাই আৰু চীনা জাতি দুয়ো ককাই- ভাই দৰে
আছিল । ছ্যু-কা-ফা আছিল সু- বৃহৎ আৰু প্ৰাচীন তাই জাতিৰ লোক।। বুৰঞ্জীত উল্লেখ থকা মতে
প্ৰায় ১১৮৭ খ্ৰীষ্টাব্দ মানত মংমিৎ ৰাজ্যৰ ৰাজ - চক্ৰৱৰ্তী ফু- চাং- কাং বা
চাওখুন - নেউৱে মাওলু্ং ৰাজ্য নিজৰ অধীনত আনিবৰ বাবে অভিযান চলাওঁতে মাওলুংৰ ৰজা চাও - তাই পাঙৰ পুত্ৰ পা - মেউ - পুঙে আক্ৰমণ
নকৰিবলৈ প্ৰাৰ্থনা জনাই নিজৰ ভনীয়েক নাংমুং- ব্লক - খাম - চেঙক বিবাহ সম্পন্ন হ'ল আৰু তেওঁলোকৰ যুগ্মজীৱনৰ সাক্ষী হিচাপে মাওলুং ৰাজ্যৰ ৰাজধানী চেন-
চেত থকা লাকনি নামৰ ঠাইত ১১৮৯ খ্ৰীষ্টাব্দত ছ্যু-কা-ফাই জন্ম গ্ৰহণ কৰিছিল ।
ছ্যু-কা-ফাৰ মাতৃ এগৰাকী ৰত্নগৰ্ভা , বুদ্ধিমতী আৰু ৰূপৱতী
তিৰোতা আছিল । শৈশৱতে পিতৃ- মাতৃক হেৰুওৱা ছ্যু- কা- ফাক এনায়েকে তুলি- তালি
আৰু ১৯ বছৰ বয়সলৈকে নিচাদেউৱেক পা- মেউ - পুঙৰ তত্বাৱধানত ডাঙৰ-দীঘল
হৈছিল।সৰুৰে পৰা অসাধাৰণ, উদ্যোগী, অসীম,সাহসী , সামৰিক আৰু প্ৰশাসনিক দিশত দক্ষতা পূৰ্ণ,অনুপম সৌন্দৰ্যৰ প্ৰতিমূৰ্ত্তি ছ্যু- কা- ফা তাই - সংস্কৃতিৰ প্ৰতি অগাধ
শ্ৰদ্ধা কৰ্তব্যৰ প্ৰতি অতিশয় সজাগ আছিল। মাওলুং ৰাজ্যৰ ৰজা ছ্যু- কা- ফাৰ
নিচাদেউৱেক পা- মেউ- পুঙৰ এটা পুত্ৰ জন্ম হোৱাত মাওলুং ৰাজ্যৰ ৰজা হোৱাৰ আশা
নীতিগত ভাৱে চিৰদিনলৈ নিবাৰ হৈছিল। এনায়েক- পুথায়েকৰ উপদেশ মানি ১২০৯
খ্ৰীষ্টাব্দত ছ্যু-কা-ফাই মাওলুং ৰাজ্য ত্যাগ কৰি চীন দেশৰ দক্ষিণ দিশৰ ইৰাৱতী
নদীৰ পশ্চিম পাৰত অৱস্থিত পিতৃ ৰাজ্য মং- মিৎ বা মংমিৎ- কুপ - ক্লিং- নওত
উপস্থিত হলহি।। ১২০৯ খ্ৰীষ্টাব্দত
ছ্যু-কা-ফাৰ পিতৃ ফু-চাং- কাঙে মং- মিৎ ৰাজ্য তেওঁ তিনিজন পুতেকৰ হাতত ভগাই থৈ
যোৱা মং- মিৎ আৰু কেংলাও ৰাজ্য শান্তিৰে আৰু স্বাধীনভাৱে ৰাজত্ব কৰিব পৰা নাছিল।
ককাই- ভাইৰ লগত সংঘৰ্ষ কৰিব নিবিচাৰে ছ্যু- কা- ফাৰ মং- মিৎ আৰু কেংলাও ৰাজ্য
দুখন ছ্যু- কা- ফাৰ ককায়েক ছ্যু- খান - ফাই নিজৰ অধীনলৈ নিয়ে। ভ্ৰাতৃঘাতী
সংঘষৰ পক্ষপাতী নোহোৱা ছ্যু- কা- ফাৰ বাবে এই ঘটনাটো অসহনীয় হৈ পৰিছিল সেয়েহে
তেওঁ দূৰলৈ প্ৰব্ৰজন কৰি গৈ নতুনকৈ স্বাধীন আৰু শান্তিময় ৰাজ্য গঠনৰ উদ্দেশ্য
দক্ষিণ চীনৰ পৰা সুদূৰ সৌমাৰপীঠলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা আৰম্ভ কৰাৰ
আগমূহুত্বত ছ্যু- কা-ফাক এনায়েকে ছ্যু-- খাম - ফাত আৰকৈ এক ৰাজ অলংকাৰ,চোমদেও বিগ্ৰহ আৰু দুখনি হেংদান দি পঠিয়াইছিল। ৰাজ অলংকাৰৰ মহিমা হ'ল ৰাজ সম্পত্তি নুগুচে, চোম দেওৰ বাবে শত্ৰৱে
জিনিব নোৱাৰে । আহোতে এখন হেংদানৰ প্ৰভাৱত টোক্ - টোকালেই মাছ , পহু, চৰাই মাৰিব পাৰি ; আনখন
হেংদান যি দেশলৈ দাঙে সেই দেশৰ লোক বশৱৰ্তী হয় । ইয়াৰ পিছতেই আৰম্ভ হ'ল ছ্যু-কা-ফাৰ প্ৰবজন ইতিহাস এটা নতুন জাতি গঠনৰ সম্ভাৱ্য প্ৰক্ৰিয়াৰ। দক্ষিণ চীনৰ পৰা সুদূৰ
সৌমাৰপীঠলৈ প্ৰবজন কৰা ছ্যু-কা-ফাৰ ওচৰত আগতীয়াকৈ লক্ষ্য স্থানৰ বহু কথা সম্ভেদ
আছিল । ছ্যু-কা-ফাৰ ককায়েক ছ্যু-খাম - ফাৰ মানুহে নৰা ৰাজ্য অৰ্থাৎ ছ্যু-কা - ফাক ছ্যু- খাম- ফাৰ মানুহে যি ঠাইলৈকে আগবঢ়াই থৈ
গৈছিলহি কালক্ৰমত সেই ঠাইৰ নাম নৰা- ওলোটা নামে জনাজাত হ'ল।
বুৰঞ্জীত উল্লেখ থকা মতে সৌমাৰপীঠলৈ ছ্যু- কা- ফাৰ লগত আই- যে চাও - লো, নাং- চেন্ - চুম্ - বা আৰু য়ি- লো- ৱেং- চি- চুম্ - ফা নামৰ তিনিগৰাকী
ৰাণী ; থাও- মুং-ক্লিন- লুং- মাংৰাই (
বুঢ়াগোহাঞি) আৰু থাও- মুং- কাং- ঙান ( বৰগোহাঞি) নামৰ দুজন মন্ত্ৰী; খুন- বা ,খুন- বিং,খুন- চেং,
খুন- ফু- কিন আৰু খুন ফ্ৰাং নামৰ পাঁচজন
কোঁৱৰ; থাও- মং-লুং- কাং,থাও- খেন্-
লুং; চাও- ফ্ৰাং আৰু থাও - মং- লুং- কাং,
থাও - খেন্- লুং; চাও- ফ্ৰাং আৰু থাও- মং- ম
- ছাই নামৰ চাৰিজন দেওধাই পণ্ডিত; সাতঘৰ আহোম ডাঙৰীয়া;
৯০০০ সৈন্য; ৩০০০ ঘোঁৰা আৰু ঘোঁৰা চোৱা,
খা্ম- পেং নামৰ এটা দতাল হাতী; ছু- কিপ্- কৎ
নামৰ এজনী মাখুন্দী আৰু ফ্ৰাং- পেন্ বা ফম্- কিন্ নামৰ এজন মাউত আহিছিল।
ইয়াৰোপৰি ছ্যু-কা-ফাৰ লগত কি্ন- দান্- বাই ৰাজ্যৰ ৰাজখোৱা ফা- লুং- খুন্-তাং,
মু্ং-খুম্ ৰাজ্যৰ গোহাঁই তি- ছু আহিছিল। মুঠতে আমি অনুমান কৰিব
পাৰোঁ যে ছ্যু- কা-ফাই এখন দেশ চলাবলৈ পণ্ডিত, বিজ্ঞানী ,
বিষয়াকে ধৰি পৰিয়াল সমুহ এক দুজয় বাহিনী লগত লৈ আহিছিল। ছ্যু-কা-ফাই প্ৰবজন কৰি হুকং উপত্যকাৰ মাজেদি
পাটকাই অভিমুখে আহি থাকোঁতে বাটে- বাটে পৰ্বতীয়া গাঁওবোৰ দমন কৰি আহিছিল আৰু বহু
তাই মানুহে ছ্যু-কা-ফাৰ লগ লাগিছিলহি যত নেকি জাতিবোৰক দমন কৰোঁতে তেৰ বছৰ কাল
ছ্যু-কা-ফাই ব্যয় কৰিবলগীয়া হৈছিল । ছ্যু- কা - ফাই বাটত যাওতে দমন কৰা
গাওসমূহ আছিল------- কাৎ- ৰুং- মং- ৱান , মৌং- লা- মৌং-টি, খক্ চাং- ৰিং-মিন্, তাং- ৰিং- মেন, মৌং - খাম্, লাং- মি- চে- কৌ , মৌ- লা- খ্ৰাং, মৌং- খু- মৌং- পান আৰু ফাকে - চে-
ৰিং। ছ্যু-কা - ফাই প্ৰথম তিনিবছৰ গাওঁ- ভূইৰ পানী তৰ পেলালে,মুং- না - মু্ং- মিত নিজৰ দখললৈ আনিলে; পৰ্বতীয়া
মানুহৰ হাতীশলীয়া কোঠলৈ আহিল । পৰ্বতীয়া মানুহৰ কোঠৰ ঘাটেৰে নাম - কিউ নদী পাৰ
হ'ল, চাক - চাং- কাও গাঁৱলৈ আহিল ।
দৈ - খাম পৰ্বতৰ মুখ দখল কৰাৰ লগতে তললৈ নামি পৰ্বতীয়া মানুহৰ শিলনীৰ সীমাৰ
ৰাজ্যবোৰ দখললৈ আনিলে । হুকং উপত্যকা অতিক্ৰম কৰা পিছত ছ্যু- কা - ফাই প্ৰথমে
অতিক্ৰম কৰা পৰ্বতটোৰ নাম দৈ - খাম আৰু নদীখনৰ নাম ৰাখিছিল খাম - খাং। বৰ্তমানৰ
ম্যানমাৰ আৰু ভাৰতবৰ্ষৰ মাজৰ আন্ত: ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত সীমাৰেখা নাং- য়াং
হ্ৰদৰ ওচৰে - পাজৰে থকা নগা গাওসমূহ দমন কৰি নিজৰ তলতীয়া কৰিছিল । হ্ৰদৰ পাৰত
নিজৰ সৈন্য বাহিনী কম ওলোৱা বাবে দেওধাই , মহন আৰু বাইলুং
পণ্ডিতক বুৰঞ্জী লিখিবলৈ আদেশ দিলে । ছ্যু-কা- ফাৰ আদেশত তেতিয়াৰে পৰা বুৰঞ্জী
লিখা প্ৰথা সূচনা হয় । ইয়াৰ পিছত ছ্যু- ক- ফাই দৈ - কাও - ৰাং পাই কছাৰী
ৰাজ্যত দেখে যে কছাৰী সকলক নগাই ঠগি দিখৌৰ কুললৈ পথালে আৰু সেয়েহে তেওঁ কছাৰী
সকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল। প্ৰশাসনিক দিশত দক্ষতা পূৰ্ণ ছ্যু- কা- ফাই
নগা গাওসমূহক বশ্যতা স্বীকাৰ কৰিবলৈ আদেশ দিলে আৰু ৰংখুং, খান্ লহাং , তিজাং , বিলাও ,
লাতেমা, পাহুক আৰু তাৰুক আদি বহু কেইখন গাৱে
আহি ছ্যু- কা- ফাৰ ওচৰত বশ্যতা স্বীকাৰ কৰিলেহি । ১২২৭ খ্ৰীষ্টাব্দত ছ্যু-কা-ফাই
দৈ - কাও - ৰাঙৰ কাষে কাষে ভটিয়াই আহি ছখন উপনৈৰ সংযোগস্হলী নাম- বং নদী দেখা
পাই সেই নদী নাম থ'লে নামৰূক । ছবছৰ নামৰূকত থাকি আকৌ
ভটিয়াই আহি বুঢ়ী দিহিং নৈ পালেগৈ আৰু বুঢ়ী দিহিংঙৰ পানী চেঁচা পায় সেই নদীৰ
নাম ৰাখিলে নাম - জী্ন |