Type Here to Get Search Results !

পৰিবর্ত্তনৰ আশে-পাশে

 ৰুনু শৰ্মা



জীৱনৰ প্ৰভাতী  পুৱাত 
আইয়ে কৈছিল সদায়
 সৎপথত চলিবা, 
মিছা কথা ন'কবা
কাকো হিংসা ন'কৰিবা
পাৰিলে উপকাৰ কৰিবা দহৰ,
হয়, সততা মিত্ৰতা জীৱনৰ ভূষণ। 
সময় বাগৰে কলহৰ কানে 
পৰিবর্তনে গতি সলায় 
সময়ৰ সোঁতত। 
সুখ ভোগৰ লালসাত মগ্ন
সেই  মুখাবোৰ।
ঠাই ভেদে বহুৰঙী, 
সময়ভেদে একোখন মুখা। 
ন'হলে শোভা নাপায় ভদ্রতাৰ
  সমাজ। 
ঠাইভেদে ৰাজনীতি সমাজনীতি 
চলিছে একোখন ৰঙীন মুখা,
  আকাশ-বতাহ কপাইছে
ভয়ত কঁপিছে
জনতা
মূখাই আদৰি আনে এখন
ভদ্র সমাজৰ গামোছা। 
ভাল পাইছে সিহঁতে 
নিৰীহ জনতাই  কাণপাতি শুনিছে
শুৱলা কথাবোৰ মন্ত্রমুগ্ধ হৈ। 
হাত চাপৰিত নাচিছে গাইছে 
  আনন্দলহৰ,
অতীৱ চমৎকাৰ,প্রলোভনৰ 
  মায়াজাল
সময়ে বিচাৰ কৰে সকলো
আইয়ে কোৱা কথাষাৰ সচাই 
সময়ৰ গতিত সকলো আহে যায়
      দুৰ্দ্দান্ত গতিত।