Type Here to Get Search Results !

পৃথিৱীৰ অসুখত জীৱন যুদ্ধৰ মৌন কচৰৎ

 নবনীতা মুগ্ধাপখি




কালান্তৰৰ গদ্যৰ একুঁকি পৃষ্ঠাত
আজি ৰোপিত হৈছে বিভীষিকাৰ কৰুণ গাঁঠা।
পৃথিৱীৰ চকুলোত মাথোঁ কেউফালে নীৰৱ শূণ্যতা
সমাগমৰ কোলাহলত যে হাজাৰটা স্তব্ধতা
আৰ্তনাদে আৰ্তনাদে নীলা প্লাষ্টিকৰ বন্ধ কফিনত
হাহাকাৰ কৰিছে অতৃপ্ত জীৱনৰ জঠৰ আত্মাবোৰে।
কেইটামান উশাহৰ বাবে ICU ৰ বিচনাত
যুঁজি থকা কঙ্কালসম প্ৰাণবোৰে
এমুঠি উশাহৰ হেঁপাহত PPE কিট্ ৰ আঁৰত
আৱদ্ধ চকুবোৰলৈ কাতৰে চাইছে।
'পজিটিভ' নাইবা 'নিগেটিভ' এটাই আশা
কেতিয়া পাব! মুকলি আকাশৰ মুক্ত বায়ুৰ স্বাদ্.....
আশাহত জীৱনত জীৱনে অলক্ষিতে খেলি যায়,
মৃত্যুৰ কালাগ্নিৰ খেল।
আজীৱন পজিতিভিটিৰ কথা কোৱা 
জীৱনবোৰেও জীৱন জীয়াৰ প্ৰত্যাশাত,
আজি নিগেতিভিটিৰ শুভাশা বিচাৰে।
মৌন ওঁঠে শ্বাস-প্ৰশ্বাসৰ সংগ্ৰামত
'অক্সিজেন মাক্স' ৰ সিপাৰে মৰাসুঁতি খেদি ফুৰে।
যদি জীৱন যুঁজৰ প্ৰয়াসবোৰ বিফল হৈ পৰে,
এটা খোজৰ ইপাৰেই ঘন্টা ঘন্টা জুৰি পৰি ৰয়
কোনোবা মৰ্গৰ আইচ চেম্বাৰত
হীম শীতল দেহৰ প্লাষ্টিকৰ নীলা কফিনবোৰ।
আপোনজনৰ শেষ পৰশ নাইবা মৌন ওচুপনিয়েও
ঢুকি নাপায় আজি সাঙী কৰিবলৈ অন্তিম শয়ন,
সময়,দু:সময়,শুভসময়লৈ মাথোঁ অপেক্ষা
জীৱনৰ বাবে মৌন কচৰৎ।
                ------------