ৰঞ্জুমা ৰহমান
সৃষ্টিৰ মূলমন্ত্ৰ তুমিয়েই কৰা সংবহন ৷
বিশ্বই আজিৰ দিনটিত কৰে অবগাহন ৷৷
নতুন আবেষ্টনীক আকোঁৱালি
. তুমি সৃষ্টিৰ ইতিহাস ৰচা ৷
শত শহস্ৰ ক্লেশৰ সমষ্টি লুপ্ত
হৈ থাকে তোমাৰ সুকোমল
ওঁঠত বিৰিঙা হাঁহিৰ আৰত ৷
বিষাদগ্ৰস্ত অশ্ৰু অঞ্জলী নিগৰি
আহে কোনো নিৰিবিলি
অবাঞ্ছিত পৰত ৷৷
তুমি সুন্দৰ সহনশীলতাৰ প্ৰতীক ৷
কোনো হৃদয়হীনৰ হাতত ঘনেপতি
হোৱা তুমি নিৰ্যাতিত অপদস্থ ৷
তোমাৰ বুকুৰ নিভৃত কোণত থাকি যায়
মাথো অসহনীয় যন্ত্ৰণাৰ অবশিষ্ট ৷৷
তদ্যপি বিষাদ যন্ত্ৰণাৰ সীমনা ঠেলি
মেদিনীত অব্যাহত তোমাৰ সৃষ্টিৰ ধাৰা ৷
বিভীষিকাৰ স্ৰষ্টাৰূপে পৰিচয়
দিবলৈ তোমাৰো আছে যুক্তি ৷
অগ্নিশিখা হৈ জ্বলিব পৰাকৈ
তোমাৰো আছে শক্তি ৷৷
সৃষ্টি আৰু ধ্বংসৰ মূলতেই তুমি ৷
ধৰ্য্যৰ লগতে মমতাৰ প্ৰতীক ৷৷
নাৰী তুমি সঁচাকৈ অনন্যা ৷৷