Type Here to Get Search Results !

মই এটা সপোন দেখিছোঁ

 অৰুণা চেতিয়া খাটনিয়াৰ

মোৰ চকু যোৰে অতদিনে
দেখা নাছিলোঁ একোকে
কিয় বা দেখা নাছিলোঁ নুসুধিবা তুমি
হয়তো সপোন চাবলৈ কে শিকা নাছিলোঁ
চকুযোৰে নতুনকৈ প্ৰাণ পাই উঠিছে বাবেই
সৰু সৰু সুখবোৰ বুটলিবলৈ শিকিছো

যিবোৰ হয়তো এটা সময়ত
বুটলিব লাগে বুলিয়ে জনা নাছিলোঁ-
সুখৰ সৰু সৰু অলংকাৰ বোৰ ম ই
পিন্ধিবলৈ প্ৰয়াস কৰিছোঁ এতিয়া
যিবোৰ অলংকাৰ ম ই কাহানিও
পিন্ধিব লাগে বুলিয়ে ভবা নাছিলোঁ
চকুযোৰে এতিয়া দিছে মোক অনাবিল আনন্দ
য'ৰ পৰা হ'ব ধৰিছে এটা সপোনৰ আৰম্ভ
তুমি মোক মাথোঁ  নিদিবা আমনি
কৰিব যে লাগিব মোৰ সপোন পূৰ্ণাংগ-।