বৰ্ণালী চৌধুৰী
উস্ মোক নামাৰিবা
মোক নামাৰিবা....
মই বুজি ল'ম তোমাক
শিকি ল'ম তোমাৰ আৱদাৰ ।
কিদৰে সহ্য কৰো
কেঁচা মঙহত প্ৰহাৰ
কেনেকৈ মোচি লওঁ
পাৰ ভাঙি বৈ অহা ৰক্তধাৰ !
হাতৰ দাগটো দেখি
বহুতে সুধিছিল সেইদিনা,
সেইদিনা গলৰ দাগটো দেখিও...
জ্বলি জ্বলি উজলিবলৈ
সোণ ও নহোলো মই
নোহোলো কয়লা
দহি দহি জীয়াই ৰ'বলৈ...
উস্ মোক নামাৰিবা...
মোক নামাৰিবা......
অ' মা তই শুনিছানে
তোৰ মাজনীৰ চিঞৰ
তইতো কৈছিলি মা
মই বোলে পৰী হয়
পিছে তেওঁচোন মা
সদাযে মোক
জাবৰ বুলিহে কয়